জাৰৰ দিন। জাৰৰ দিনকেইটাত কাৰোবাৰ ওঁঠ ফাটে; কাৰোবাৰ ভৰি ফাটে। বেছিকৈ ফাটিলে ছালৰ পৰা তেজ ওলাবও পাৰে। ভৰিৰ গোৰোহা ফুটাৰ ফলত খোজ কাঢ়োতে বিষায়। যিসকলে পুষ্টিহীনতাত ভুগি থাকে। তেওঁলোকৰ এই সমস্যা বেছি হোৱা দেখা যায়। কাৰণ পুষ্টিহীন ছাল বেছিকৈ ফাটে। ছালত জ্বলীয় ভাপ পর্যাপ্ত পৰিমাণে নাথাকিলে ছাল শুকাই ফাট মেলে। ঠিক যেনেকৈ খৰালি পথাৰৰ মাটিত ফাট মেলে; বাৰিষা পথাৰ পানীৰে ওপচি পৰাৰ দৰে লগে লগেই ফাটবোৰ নোহোৱা হয়। ছালৰ সুস্থ অৱস্থা আৰু সৌন্দৰ্যৰ বাবে জ্বলীয় ভাপ কিমান প্রয়োজনীয় সেই কথা এই উদাহৰণটোৰ পৰাই সহজে বুজা যায়। জলবায়ুত জলীয় ভাপ হ্রাস পালে ছালত ইয়াৰ প্ৰতিফলন ঘটে। অর্থাৎ ছালৰ জ্বলীয় ভাপ হ্রাস পায়। শীতকালত ছালৰ তেজ চলাচল কৰা নলীবোৰ সংকুচিত হোৱাৰ ফলত তেজৰ চলাচল হ্রাস পায়। বিপৰীতে শৰীৰৰ ভিতৰত থকা অংগবোৰলৈ যেনে— যকৃত বা লিভাৰ বৃক্ক বা কিডনী আদিলৈ তেজৰ চলাচল বৃদ্ধি পায়। ইয়াৰ ফলত শীতকালি ছাল নাঘামে, কিন্তু প্ৰস্ৰাৱ ঘনাই হয়। শৰীৰ নাঘামে বাবে পানীৰ পিয়াহ কমকৈ লাগে। ছাল ফটাৰ আন গুৰুত্বপুৰ্ণ কাৰণটো হ’ল—পুষ্টিকৰ, সুষম আহাৰৰ অভাৱ অর্থাৎপুষ্টিহীনতা। ছালত যাতে জ্বলীয় ভাপ হ্রাস নাপায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শীতকালত সংকুচিত হৈ থকা তেজৰ নলীবোৰত ৰক্তপ্রবাহ বৃদ্ধিৰ বাবে পুৱা কিছু সময়ৰ বাবে ছালত এচেৰেঙা ৰ’দৰ প্ৰভাৱ অপৰিসীম। পুৱা সংকুচিত তেজবাহী নলীবোৰ মেল খাই ছালৰ ৰক্তপ্ৰবাহ বৃদ্ধি হোৱাৰ ফলত যি আৰামদায়ক অনুভূতি হয়; সেয়া দিনটোলৈ ভালদৰে অনুভৱ হয়। শীতকালি ছালৰ তাপ বা শৰীৰৰ তাপ ৰক্ষাৰ বাবে আৰু জলীয় ভাপ সংৰক্ষণৰ বাবে আৰামদায়ক গৰম কাপোৰ পিন্ধাটো অপৰিহার্য। পিয়াহ নালাগিলেও নির্দিষ্ট সময়ত সঠিক মাত্ৰাত পানী পান কৰাটো ছালৰ স্বাস্থ্যৰ বাবে স্বাস্থ্যসন্মত অভ্যাস। সেইদৰে সুষম; পুষ্টিকৰ আহাৰ অপৰিহাৰ্য। শীতকালত হাত দুখনৰ যত্ন কেনেকৈ ল’ব? শীতৰ দিনকেইটাত শৰীৰৰ অন্যান্য অংগৰ লগতে হাত দুখনৰো বিশেষ যত্ন লোৱা প্ৰয়োজন। হাত দুখন কেৱল কাম কৰাৰ বাবেই নহয়, ই ব্যক্তি এগৰাকীৰ সৌন্দৰ্যৰ পৰিচয়ো দাঙি ধৰে। শীতৰ দিনকেইটাত হাতৰ ছাল শুকান হৈ পৰে আৰু উজ্জ্বলতা নোহোৱা হ’বলৈ ধৰে। হাত দুখনৰ মসৃণতা আৰু সৌন্দর্য ধৰি ৰখাৰ কেইটামান দিহাৰ আজিৰ আলোচনাৰ অংশ। নিশা নিদ্ৰা গ্ৰহণৰ পূর্বে মইশ্ব’ৰাইজাৰেৰে হাত দুখন ভালদৰে মালিচ কৰিব লাগে। ই হাতৰ ছাল কোমল আৰু সুন্দৰ কৰি তুলিব। বাচন ধোৱাৰ সময়ত,ফুলনিত কাম কৰাৰ সময়ত, ডিটাৰজেন্ট ব্যৱহাৰ কৰাৰ সময়ত হাতত গ্ল’ভছ ব্যবহাৰ কৰিব লাগে। হাতৰ নখ সদায় পৰিষ্কাৰ কৰি ৰাখিবলৈ যত্ন কৰিব লাগে। হাতৰ ছাল উজ্জ্বল আৰু মসৃণ কৰি তুলিব লাগিলে খাদ্য তালিকাত সেউজীয়াই শাক-পাচলি, কেঁচা ফল-মূল; মাহজাতীয় খাদ্য; বাদাম আদি অধিক পৰিমাণে ৰখাৰ ব্যৱস্থা কৰিব লাগে। গাজৰ ৰস ছালৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে উপকাৰী। নখত অলিভ অইল লগাই কিছু সময় মালিচ কৰিলে নখ পৰিষ্কাৰ আৰু সুন্দৰ হয়। স্নান কৰাৰ পাচত হাত দুখনতো বডি লোচন লগাই মালিচ কৰিব লাগে। ঠাণ্ডা দিনত অতি শীতল পানী হাতেৰে স্পৰ্শ নকৰাই ভাল। প্রচণ্ড শীতত হাত দুখনতো মোজা পৰিধান কৰিব লাগে। লিখক: দিব্যজ্যোতি ভূঞা, সাদিন।