চাওঁতে চাওঁতে গ্ৰীষ্মৰ দিনবোৰ পাৰ হৈ আকৌ আহিল শীত। এই সময়ত ছাল-চুলিৰ যতন বেলেগ ধৰণে ল’ব লগা হয়। ছাল-চুলিয়ে আমাৰ দেহত পানী আৰু ফল-মূলৰ ওপৰত নিৰ্ভৰ কৰে। ছাল-চুলিৰ এই সময়ত ল’ব লগা যতন এনে ধৰণৰ- ক) বাদামৰ তেল, গাখীৰৰ সৰ আৰু কেইটোপালমান নেমুৰ ৰস সমপৰিমাণে মিলাই মুখত লগালে শুকান ভাব নাইকিয়া হয়। খ) ৰঙা চন্দন পাউদাৰ, গাখীৰৰ সৰ, বেচন, কমলাৰ ৰস, বাদাম তেল, নেমুৰ ৰস, গোটেইখিনি মিহলাই পেষ্ট বনাই মুখত লগাব। বিছ মিনিট পিছত ঠাণ্ডা পানীৰে মুখখন ধুই পেলাব। এই পেকটোৱে মুখৰ শুকান ভাৱ নাইকিয়া কৰি মুখৰ উজ্জ্বলতা আনে। এই পেষ্ট সপ্তাহত এবাৰ লগাব। গ) মৌচম্বীৰ ৰস মৌৰ লগত মুখত পেক হিচাবে লগাব পাৰে। ঠিক তেনেদৰে পকা কল তাৰ লগত দুটোপাল মৌ দি মুখত লগালে মুখৰ মৃতকোষবোৰ নাইকিয়া কৰি ছালৰ উজ্জ্বলতা আনে। সপ্তাহত দুবাৰ লগাব পাৰে। ঘ) যেতিয়া আমাৰ ছালখন শুকাই যায় তেতিয়া হালধি, বেচন, নেমুৰ ৰস আৰু মৌ মিহলাই পেষ্ট তৈয়াৰ কৰি মুখত লগাই বিছ মিনিট ৰাখি ঠাণ্ডা পানীৰে ধুই দিব। ঙ) বলিৰেখা নাইকিয়া কৰিবৰ কাৰণে চাউলৰ গুড়ি, মৌ, নেমুৰ ৰস আৰু গাজৰৰ ৰস সম পৰিমাণে মিলাই বলিৰেখা পৰা অংশত লগাব। চ) এটা কণী ভালদৰে ফেটি লৈ মুখত লগাব। তেনে কৰিলেও বলিৰেখাৰ পৰা হাত সাৰি থাকিব পাৰি। ছ) তিয়ঁহ পিহি তাৰ লগত কণীৰ বগা অংশ আৰু মিল্ক পাউদাৰ মিলাই লগাব। এনেদৰে নিয়মিত কৰিলে বলিৰেখা নপৰাত সহায় কৰে। চুলিৰ যতন ক) দুই বা তিনি চামুচ মিথি গুড়ি দৈত এৰাতি তিয়াই পিছদিনাখন পিহি লৈ পেষ্ট বনাই চুলিৰ গুৰিত লগাওক। দুই তিনি-ঘন্টা ৰাখি হাৰ্বেল চেম্পুৰে মূৰ ধুই দিব। এনেদৰে সপ্তাহত এবাৰ কৰিলে চুলি সৰা বন্ধ হ’ব। খ) চুলি সৰিলে নেমু ৰসৰ লগত আমলখি ৰস মিহলাই মূৰত লগাই এঘন্টামান ৰাখি ধুই দিব। এনে কৰিলে চুলি সৰা বন্ধৰ উপৰি উফিৰ কাৰণেও সুফলদায়ক। গ) নেমুৰ ৰস আৰু কণী একেলগে পেষ্ট বনাই চুলিত লগাব। এঘন্টামান ৰাখি কোমল চেম্পুৰে চুলি ধুই দিব। এই পেকটোৱে ৰুক্ষতা দূৰ কৰি সজ্জীৱতা আনে। ঘ) শুকান চুলিৰ সমস্যা দূৰ কৰিবলৈ নাৰিকল তেলৰ লগত কেষ্টৰ তেল মিলাই মালিচ কৰিলে চুলি গজাত সহায় কৰে আৰু শুকান ভাব নাইকিয়া কৰে। ঙ) টেঙা দৈ চুলি গুৰিৰ পৰা আগলৈকে লগাব। দুঘন্টাৰ পিছত হাৰ্বল চেম্পুৰে ধুই দিব। চাব যাতে চুলিৰ পৰা দৈখিনি আঁতৰি যায়। একেৰাহে কৰিলে উফিৰ পৰা পৰিত্ৰাণ পোৱা যায়। লেখিকা: অনামিকা ডেকা।