হাতৰ যত্ন দুটা পৰ্যায়ত কৰিব লাগে। প্ৰথমতে বাহুৰ, দ্বিতীয়তে হাতৰ পতা, আঙুলি আৰু নখৰ। গা ধোৱাৰ সময়ত বাহু আৰু হাতখন ভালকৈ চাবোনেৰে ধুই গামোচাৰে শুকুৱাই ল’ব। পাছত ‘অলিভ অইল’ বা ভাল হাতৰ ক্ৰীমেৰে (বজাৰত কিনিবলৈ পাব) হাতখনত ৫/৬ মিনিট মালিচ কৰিব। গা ধোৱাৰ ২/৩ ঘণ্টা আগতে গ্লিচাৰিণৰ লগত ২/৩ টোপালমান নেমুৰ ৰস মিহলাই হাত আৰু বাহুত সানিব পাৰে। এনে কৰিলে ত্বক কোমল আৰু উজ্জ্বল হয়। কিলাকুটিৰ কোমল ছালখন অতি সোনকালেই ময়লা হৈ যায়। নেমুৰ ৰসেৰে কিলাকুটিটো মাজে মাজে ঘঁহি থাকিব। দেখিব লাহে লাহে ক’লা বৰণ গুচি পৰিষ্কাৰ হৈ পৰিছে। তিয়হ থেতেলিয়াই অলপ ৰস উলিয়াই নেমুৰ ৰসৰ লগত মিহলাই হাত দুখনত সানক। ১৫/২০ মিনিটৰ পাছত ঠাণ্ডা পানীৰে ধুই পেলাব। গা ধোৱাৰ আগতে অকণমান মাখন আৰু চেনি মিহলাই হাতত মালিচ কৰিলে ময়লাবোৰ উঠি হাতখন মৃসণ হৈ পৰিব। হাত দুখন অকণমান সময় গৰম পানীত জুবুৰিয়াই থ’লে কোমল হৈ পৰিব। এইবাৰ পুৰণি টুথব্ৰাছ এডালেৰে নখৰ কোণবিলাক ঘঁহি ঘঁহি পৰিষ্কাৰ কৰক। ইয়াৰ পাছতে পৰিষ্কাৰ পানীৰে ধুই শুকান গামোচাৰে মচি লৈ অলিভ অইল বা হাতৰ ক্ৰীম ঘঁহক। হাতৰ নখবোৰত অলিভ অইল সামান্য গৰম কৰি নখবোৰ মালিচ কৰিলে নখৰ বৰ উপকাৰ হয়। যদি আপোনাৰ নখ সোনকালে ভাঙে তেন্তে অলপ ‘বগা আয়’ডিন’ কিনি আনি তুলাত সানি নখত দিনে দুবাৰকৈ লগাওক, নখ ভাঙিবলৈ এৰিব। যদি আপোনাৰ নখ বৰ বেছি টান হয় তেন্তে দিনে এবাৰকৈ নেমুৰ ৰসেৰে মালিচ কৰিব, কিছুদিনৰ ভিতৰতে নখবোৰ কোমল হৈ পৰিব। নখ ভালে থাকিবলৈ খাদ্যত কেলচিয়াম আৰু জিলেটিন থাকিব লাগিব। উৎস: ইন্টাৰনেট।