ভিটিলিগ’ কি? শৰীৰৰ স্ব-প্ৰতিৰোধক অৱস্থাৰ বাবে ছালৰ ডিপিগমেণ্টেছন হোৱাটোকে ভিটিলিগ’ বোলা হয়। ইয়াৰ ফলত স্পষ্ট কাষ থকা বগা বগা দাগ ছালত দেখা যায়। ছালৰ স্বাভাৱিক গঠন আৰু স্পৰ্শকাতঁৰতা স্বাভাৱিক হৈ থাকে। কোনো ধৰণৰ ক্ষত বা ঘাঁৰ সৃষ্টি নহয়। লিউক’ডাৰ্মা কি? ভিটিলিগ’ৰ আন এটা নাম লিউক’ডাৰ্মা। লিউক’ মানে বগা আৰু ডাৰ্মা মানে ছাল (গ্ৰীক ভাষাত)। ভিটিলিগ’ হোৱাৰ কাৰণ কি? ছালৰ মেলান’চাইটৰ ক্ষতি হ’লে বা মৃত্যু হ’লে ভিটিলিগ’ হয়। ভিটিলিগ’ হোৱাৰ বিভিন্ন সূত্ৰ আছে। দেহৰ প্ৰতিৰোধী প্ৰক্ৰিয়াই মেলান’চাইটবোৰ ধবংস কৰি পেলাব পাৰে। পিগমেন্টবোৰক শত্ৰু বুলি ভাবি দেহৰ প্ৰতিৰোধী শক্তিয়ে প্ৰতিক্ৰিয়া কৰি ধবংস কৰি পেলায়। (অতি গ্ৰহণযোগ্য সূত্ৰ)। জিনগত বিসংগতিৰ বাবে মেলান’ছাইটবোৰৰ ক্ষতি হব পাৰে। স্নায়ুৰ অস্বাভাৱিক কাৰ্য্যকলাপে বিষাক্ত দ্ৰব্যৰ সৃষ্টি কৰাৰ ফলত এই দ্ৰব্যই মেলান’ছাইটবোৰক আঘাট কৰে। মেলান’ছাইটবোৰ নিজে ধ্বংস হয়। পিগমেণ্ট তৈয়াৰ হওঁতে বিষাক্ত উপদ্ৰব্য সৃষ্টি হব পাৰে। এইবোৰে মেলান’ছাইটবোৰক নষ্ট কৰি পেলায়। এই সকলোবোৰ সূত্ৰই এই ৰোগৰ উপযুক্ত ব্যাখ্যা কৰে বুলি গবেষকসকলে বিশ্বাস কৰে। ভিটিলিগ আন কোনো অৱস্থাৰ লগত জড়িত থাকিব পাৰে নেকি? হয়, আন স্ব-প্ৰতিৰোধমূলক অৱস্থাৰ লগত জড়িত থাকিব পাৰে। উৎস: আইএনডিজি দল।