একনে এটা ছালৰ ৰোগ। উপসৰ্গ বয়ঃসন্ধিৰ সময়ত হোৱা দেখা যায়। ২০ বা ৩০ বছৰ পৰ্য্যন্ত ওলাব পাৰে। মুক্ত আৰু বন্ধ কামডাউন, পুজ জমা হোৱা, উখহি উঠা, ৰঙা পৰা, টেমুনা সাধাৰণতে মুখ, পিঠি আৰু বুকুত দেখা যায়। স্কাৰিং দীৰ্ঘদিনৰ বাবে হয়। বিষ, খজুৱতি আৰু ঘাঁ হব পাৰে। মাহেকীয়াৰ ঋতুস্ৰাৱৰ আগতে বেছিকৈ হব পাৰে। মহিলাতকৈ পুৰুষৰ অতি সাংঘাটিক ধৰণৰ একনে হব পাৰে। কাৰণ প্ৰকৃত কাৰণটো জনা নাযায়। কিছু ক্ষেত্ৰত এন্তোজেন (হৰমন)ৰ প্ৰভাৱত বেছি হব পাৰে। কেৰটিন নামৰ প্ৰটিন হেয়াৰ ফলিকৰ প্লাগিঙৰ বাবে ব্লেক হেড বা হুৱাইট হেড হব পাৰে। হেয়াৰ ফলিকৰ ভিতৰত থকা চিবেছিয়াছ গ্ৰন্থিয়ে চিবাম (তেলজাতীয় পদাৰ্থ) নিঃসৰিত কৰে। চিবাম আৰু ছালৰ কোষ একেলগে থাকিব নোৱাৰে, ফলত এই বোৰ গোট খাই এটা থুপত পৰিণত হয়। আৰু ফলি কল উখহি উঠে। যদি বেছিকৈ উখহি উঠে তেন্তে তাত ফুটা হৈ যায়। এই ফুটাৰে বিজাণু (সাধাৰণতে ছালত থাকে) প্ৰৱেশ কৰি স্থানীয় সংক্ৰমণ কৰি শালমনৰূপে দেখা দিয়ে। এইবোৰ ডাঙৰ হৈ পুজকোষ বা চিষ্টত পৰিণত হয়। খজুৱতিৰ সৃষ্টি কৰা তেল আৰু ক্ৰীম। কিছুমান বিশেষ ঔষধৰ বাবে। অবিৰতভাৱে ছালৰ লগত কিবা সামগ্ৰীৰ ঘঁহনি লাগি থাকিলে (টেলিফোন বা হেলমেট)। সহজ প্ৰতিকাৰ একনেৰ ঘাঁবোৰত যাতে সংক্ৰমণ নহয় তাৰ বাবে হাতেৰে স্পৰ্শ কৰিব নালাগে। মুখখন সদায় পৰিষ্কাৰকৈ ধুব লাগে। মুখত ঘঁহা প্ৰসাধনৰ সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধানতা অবলম্বন কৰিব লাগে। কিছুমান খাদ্যয়ো এই ঘাঁ বঢ়াই তুলিব পাৰে। উৎস: আইএনডিজি দল।