ছ’ৱাইন ফ্লু কি আজিকালি ছ’ৱাইন ফ্লু ‘ইনফ্লুৱেঞ্জা-এ(H1N1)অথবা ‘H1N1’ ফ্লু বুলিহে জনা যায়।আৰম্ভণিতে গাহৰিৰ পৰা মানুহলৈ এই ৰোগৰ সংক্ৰমণ হৈছিল আৰু এই ৰোগবিধ সৃষ্টি কৰা ভাইৰাছ গাহৰিৰ ইনফ্লুৱেঞ্জা কৰা ভাইৰাছৰ সৈতে একে বুলি ভবা হোৱা বাবে ইয়াক ছ’ৱাইন ফ্লু বুলি কোৱা হৈছিল।বহুতে এই ৰোগক পিগ ইনফ্লুৱেঞ্জা, হেগ ফ্লু,পিগ ফ্লু মেক্সিকান ফ্লু, নিউ ফ্লু বুলিও কয়।বৰ্তমান সময়ত এই ৰোগবিধ গাহৰিৰ পৰা নহয়,মানুহৰ পৰা মানুহলৈ স্ংক্ৰমণ হয় বুলি কোৱা হৈছে। প্ৰকৃত ছ’ৱাইন ফ্লু আচলতে ভাইৰাছৰ দ্বাৰা গাহৰিৰ স্বাসতন্ত্ৰত হোৱা এবিধ ৰোগ।সাধাৰণতে মানুহৰ মাজত এই ৰোগ নহয়।কাছিৎ হ’লেও তাক জুনেটিক ছ’ৱাইন ফ্লু বুলি কোৱা হয়।২০০৯ চনৰ মাৰ্চৰ শেষ আৰু এপ্ৰিলৰ প্ৰথম ভাগত মানুহৰ মাজত ছ’ৱাইন ফ্লুৰ ভাইৰাছ (H1N1)স্ংক্ৰমণৰ প্ৰথম খবৰ পোৱা গৈছিল। এই ঘটনা ঘটিছিল মেস্কিকোত। পৰৱৰ্তী সময়ত ই পৃথিৱীৰ কেইৱাখনো দেশলৈ স্ংক্ৰমিত হৈছিল।পিছত গম পোৱা গ’ল যে মানুহৰ শৰীৰত সৃষ্টি হোৱা এইবিধ ৰোগৰ মূল কাৰক আচলতে গাহৰি,চৰাই আৰু মানুহৰ ইনফ্লুৱেঞ্জা কৰা ভাইৰাছৰ জেনেটিক পদাৰ্থ থকা ইনফ্লুৱেঞ্জা-এ(H1N1)ভাইৰাছবিধহে। কিদৰে বিয়পে অন্য ফ্লু ভাইৰাছৰ দৰে এই ফ্লু সৃষ্টি কৰা ইনফ্লুৱেঞ্জা-এ(H1N1)ভাইৰাছ এজনৰ পৰা আনজনলৈ বিয়পে।ই অতি সোঁচোৰা।এই ভাইৰাছবিধ সাধৰণতে আক্ৰান্ত ব্যক্তিৰ কাহ আৰু হাঁচিৰ যোগেৰে বিয়পি পৰে।এইবিধ ফ্লুৰ ভাইৰাছ থকা লোকৰ লেলাউটি, নাক ডিঙি আদিৰ পৰা ওলোৱা বিজলুৱা পদাৰ্থৰ জৰিয়তেও ই বিয়পে। কেতিয়াবা এইবিধ ফ্লু’ৰ ভাইৰাছ থকা লোক্ৰ শৰীৰ বা আন কিছু বস্তু স্পৰ্শ কৰি হাতেৰে নাক বা মুখ স্পৰ্শ কৰিলে এই ৰোগ স্ংক্ৰমিত হ’ব পাৰে। উপসৰ্গ দেখা দিয়াৰ এদিন আগৰে পৰা অসুস্থ হোৱাৰ সাতদিন বা তাতোকৈ বেছিদিন পিছলৈ আক্ৰান্ত ব্যক্তিৰ দ্বাৰা আন ব্যক্তিৰ গালৈ স্ংক্ৰমণ ঘটিব পাৰে। অৰ্থাৎ আক্ৰান্ত ব্যক্তিয়ে ৰোগ হৈছে বুলি নিজে জনাৰ আগতেই আনৰ গালৈ এই ৰোগ বিয়পাব পাৰে। এই হাঁচিয়ে বতাহত সহস্ৰ ভাইৰাছ মেলি দিয়ে। বতাহত বিয়পা এই ভাইৰাছে পৰিস্কাৰ পৰিচ্ছন্নভাৱে নথকা লোকক সহজতে আক্ৰমণ কৰে।ভিৰ এলেকাত ইয়াৰ স্ংক্ৰমণ অধিক হয়। খাদ্যৰ পৰা (আনকি গাহৰিৰ মাংস) এইবিধ ভাইৰাছ নিবিয়পে। নহ’বলৈ কি কৰিব দৈনন্দিন কিছুমান অভ্যাস পালন কৰি এইবিধ ভাইৰাছৰ স্ংক্ৰমণ ৰোধ কৰিব পৰা যায়। বীজাণুৰ পৰা ৰক্ষা পাবলৈ প্ৰথম আৰু অতি প্ৰয়োজনীয় কথা হ’ল, হাত সঘনাই ভালদৰে ধোৱা।হাত সদায় পৰিস্কাৰ কুহুমীয়া পানী আৰু চাবোনেৰে ভালদৰে ধুব লাগে। যদি চাবোন আৰু পানী নাথাকে,তেতিয়া এলকহল থকা এবাৰ ব্যৱহাৰ কৰি পেলাই দিব পৰা টিছু পেপাৰ বা জেল চেনিটাইজাৰ ব্যৱহাৰ কৰিব পৰা যায়। সাধাৰণ সু-স্বাস্থ্য বজাই ৰাখিব লাগে। ভালদৰে বেছি সময় শুব লাগে।শাৰিৰীকভাৱে সক্ৰিয় হৈ থাকিব লাগে।মানসিক হেঁচাৰ পৰা আতৰি থাকিব লাগে।যথেষ্ট পৰিমাণে পনীয়া আহাৰ আৰু পুষ্টিকৰ খাদ্য গ্ৰহন কৰিব লাগে। ফ্লু’ৰ ভাইৰাছ থকা বুলি সন্দেহ হোৱা কোনো বস্তু স্পৰ্শ কৰিব নালাগে। এনে ৰোগ হোৱা ব্যক্তিৰ লগত ওচৰ সম্পৰ্ক ৰক্ষা নকৰি আঁতৰি থাকিব লাগে। কাহ,নাকেৰে পানী ওলোৱা, হাচিওৱা, জ্বৰ আদি ধৰণৰ ইনফ্লুৱেঞ্জাৰ লক্ষণ থকা লোকৰ পৰা দূৰৈত থাকিব লাগে। ছোৱাইন ফ্লু ৰোগীক চিকিৎসা আৰু শুশ্ৰুষা কৰা ব্যক্তিয়ে সুৰক্ষামূলক পোছাক, N-95 মাস্ক আদি ব্যৱহাৰ কৰাৰ উপৰি প্ৰতিৰোধৰ বাবে এন্টিভাইৰেল ঔষধ Oseltmivir গ্ৰহন কৰাৰ উপৰি প্ৰতিষেধক ভেকচিন ল’ব পাৰে। লক্ষণ আৰু উপসৰ্গ ছ’ৱাইন ফ্লুৰ লক্ষণবোৰ সাধাৰণ ফ্লুৰ দৰেই মানুহৰ গাত দেখা যায়।সাধাৰণতে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ দুইৰ পৰা সাত দিনৰ ভিতৰত দেখা দিয়া লক্ষণবোৰ হ’ল-জ্বৰ, কাহ, মাত বহি যোৱা, ডিঙি চেকচেক চকাই থকা, ডিঙিৰ বিষ, গাৰ বিষ, মূৰৰ বিষ, অত্যধিক ঠাণ্ডা অনুভৱ কৰা, নাক বন্ধ হোৱা, খোৱা-বোৱাত ৰুচি নোহোৱা আৰু ভাগৰুৱা বোধ কৰা ইত্যাদি। ছ’ৱাইন ফ্লু হোৱা কিছুমান লোকৰ ডায়েৰিয়া আৰু বমিও হ’ব পাৰে। আন সাধাৰণ ফ্লুৰ দৰে ছ’ৱাইন ফ্লু দীৰ্ঘম্যাদী হ’লে ৰোগিৰ জটিল অৱস্থা নিউম’নিয়া আৰু এনকেফেলাইটিছ (মূৰ্চা যোৱা অজ্ঞান হোৱা, পেৰালাইছিছ আদি) আদি হ’ব পাৰে। নিউম’নিয়া, উশাহ-নিশাহত কষ্ট পোৱা, ডিহাইড্ৰেচন, বৃক্ক অচল হোৱা, যকৃত অচল হোৱা, মাল্টিঅৰ্গেন ফেইলৰ, ৰেবডোমায়োলাইছিছ, মায়োকাৰ্ডাইটিছ আদি হৈও এনে ৰোগীৰ মৃত্যু হ’ব পাৰে। সাধাৰণতে শিশু(বিশেষকৈ এছপিৰিন খোৱা), গৰ্ভৱতী মহিলা আৰু শ্বাস প্ৰশ্বাসজনিত ৰোগ, ডায়েবেটিছ, ক্ৰ’নিক হাৰ্ট ডিজিজ, বৃক্ক, যকৃত আদিৰ পুৰণা ৰোগ থকা ব্যক্তিৰ জটিলতা হোৱাৰ আশ্ংকা অধিক দেখা যায়। ছ’ৱাইন ফ্লু আৰু ভেকচিন দীৰ্ঘ সময়ৰ বাবে এই ৰোগ প্ৰতিৰোধ কৰাৰ বাবে বজাৰত Inactivated H1N1 ভেকচিন(Vaxi Flus),Live attenuated H1N1 ভেকচিন(Nasovac)আদি উপলব্ধ।২ৰ পৰা ৮ ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত ৰাখিব লগা Inactivated H1N1 ভেকচিন (Vaxiflus)০.৫ মিলিলিটাৰ ডোজত বেজী হিচাপে মাংসপেশীত মাত্ৰ এবাৰেই দিয়া হয়। আন বেজীৰ দৰে বিষ হোৱা, জ্বৰ,মূৰৰ বিষ আদি পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। Live attenuated H1N1 ভেকচিন(Nasovac)নেজেল স্প্ৰে হিচাপে ব্যৱহাৰ কৰা হয়।ভেকচিনে এশ শতাংশই ইনফ্লুৱেঞ্জা-এ(H1N1) ৰোগ প্ৰতিৰোধ নকৰে, মাত্ৰ ৰোগৰ আশ্ংকাহে কমায়। এই ভেকচিন লোৱাৰ ১৫ দিনৰ পিচতহে সুৰক্ষা দিবলৈ আৰম্ভ কৰে। ভেকচিন লোৱাৰ আগতে বা দুই-তিনিদিনৰ ভিতৰত এই ভাইৰাছৰ দ্বাৰা স্ংক্ৰমিত ব্যক্তিৰ কিন্তু এই ৰোগ হ’ব পাৰে। যিহেতু সকলোকে ভেকচিন দিয়া সম্ভৱ নহয়,সেয়েহে বিশ্ব স্থাস্ব্য স্ংস্থাই প্ৰথমে এই ৰোগ পৰিচৰ্যা কৰা স্বাস্ব্যকৰ্মীক ভেকচিন দিয়াৰ কথা কৈছে। ইয়াৰ পিছত সম্ভৱ হ’লে ক্ৰমে গৰ্ভৱতী মহিলা, শিশু,১৫-৪৯ বয়সৰ ব্যক্তি আৰু ৪৯-৬৫ বয়সৰ ব্যক্তিক ভেকচিন দিবলৈ কৈছে। চিনাক্তকৰণ যিহেতু ছ’ৱাইন ফ্লুৰ লক্ষণসমূহ সাধাৰণ ফ্লুৰ দৰে একে, সেয়েহে এই ৰোগবিধ কেৱল পৰীক্ষাগাৰত পৰীক্ষা কৰিহে থিৰাং কৰিব পাৰি।একেৰাহে সাতদিন ছ’ৱাইন ফ্লু হোৱা ৰোগীৰ স্ংস্পৰ্শত থকা, সাত দিনৰ ভিতৰত ছ’ৱাইন ফ্লু ৰোগী থকা ঠাই ভ্ৰমণ কৰা অথবা ছ’ৱাইন ফ্লু হোৱা ঠাইৰ কোনো ব্যক্তিৰ যদি ফ্লুৰ লক্ষণ দেখা দিয়ে, তেন্তে তেওঁক ছ’ৱাইন ফ্লু ৰোগী হিচাপে সন্দেহ কৰা হ’ব পাৰে। কিন্তু ৰোগ নিৰ্ণয়ৰ বাবে লেব’ৰেট’ৰী পৰীক্ষাৰ বিকল্প নাই। আক্ৰান্ত ব্যক্তিৰ নাকৰ শেঙুন অথবা কফৰ ৰিয়েল টাইম পি চি আৰ (rRt-PCR Flu Panel diagnostic test)পদ্ধতিৰে ইনফ্লুৱেঞ্জা-এ(H1N1)ভাইৰাছ চিনাক্ত কৰিব পাৰি। চিকিৎসা ছ’ৱাইন ফ্লৰ লক্ষণসমূহ সাধাৰণ জ্বৰৰ দৰেই একে। ফলত বহু সময়ত খুব পলমকৈহে ই ধৰা পৰে। জটিলতা অনুভৱ কৰিলেই চিকিৎসা সেৱা গ্ৰহণ কৰা উচিত। ছ’ৱাইন ফ্লুত আক্ৰান্ত ৰোগীক এণ্টিভাইৰেল ঔষধ, যেনে-Oseltamivir (Tamiflu) অথবা Zanamivir (Relenza)আদি দি সকাহ দিয়াৰ উপৰি ৰোগীক জটিল অৱস্থালৈ যোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়। এণ্টিভাইৰেল ঔষধ সেৱন কৰাৰ উপৰি ঘৰতে হওক বা হাস্পতালতে হওক ৰোগীক আছুতীয়া কক্ষত ৰাখি জ্বৰ কমোৱা দৰৱ, উপৰুৱা বেক্টেৰিয়েল সংক্ৰমণ কমাবৰ বাবে এণ্টিবায়’টিক দিয়াৰ উপৰি শৰীৰৰ পানী আৰু ইলেক্ট’লাইট সঠিককৈ ৰাখিবলৈ চেলাইন দিয়া,পনীয়া পুষ্টিকৰ আহাৰ আদি খাবলৈ দিব লাগে।ছ’ৱাইন ফ্লুত আক্ৰান্ত শিশুৰ শ্বাস প্ৰশ্বাস দ্ৰুত হ’লে আৰু উশাহ লওতে কষ্ট পালে,ছালৰ বৰণ নীলা হ’লে,প্ৰয়োজনীয় পানী গ্ৰ্হণ নকৰিলে,টোপনীৰ পৰা নুঠা বা হাঁহি-মাতি নথকা,শিশুটিক ধৰিলে বা কোঁচত ল’লে বিৰক্ত হোৱা, ফ্লুৰ লক্ষনবোৰ দেখা দিলে অনতিপলমে চিকিৎসা কৰিব লাগে। আক্ৰান্ত বয়স্কসকলে উশাহ চুটি হোৱা আৰু উশাহ লওঁতে কষ্ট পালে,বুকুত বা পেটত বিষ বা হেঁচা মাৰি ধৰা,হঠাত মূৰ ঘূৰোৱা,মনত খেলিমেলি ভাৱ আহি থকা,খুব বেচিকৈ বা ঘনাই বমি হৈ থক আদি লক্ষণ দেখা দিলে জৰুৰীভাৱে চিকিৎসা কৰোৱাৰ প্ৰয়োজন। হাস্পতালত ৰোগীক আছুতীয়া কক্ষত ৰাখি চিকিৎসা কৰিব লাগে।জটিল অৱস্থাৰ সৃষ্টি হ’লে ৰোগীক ICU ত ভৰ্তি কৰাব লগাও হ’ব পাৰে। ছ’ৱাইন ফ্লু হ’লে কি কৰিব লাগে কাহোতে বা হাঁচিয়াওঁতে নাক আৰু মুখত ৰুমাল বা টিছু পেপাৰেৰে ঢাকিব লাগে।এনে কৰাৰ ফলত ৰোগাক্ৰান্ত ব্যক্তিৰ ওচৰে-পাঁজৰে থকা লোকসকলক সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা যায়। ব্যৱহাৰ কৰা টিছু পেপাৰ বেয়া সামগ্ৰী পেলোৱা বাকচত পেলাব লাগে। কাহ আৰু হাঁচিয়াওঁৰ পিছত প্ৰতিবাৰেই হাত দুখন চাবোনেৰে ভালদৰে ধুব লাগে।নাক,মুখ,চকু আদি স্পৰ্শৰ আগত আৰু পিছতো এনেদৰে হাত ধুব লাগে। পৰাপক্ষত আন লোকৰ সৈতে সীমিত সম্পৰ্ক ৰখা উচিত।মানুহৰ ভিৰ থকা ঠাইৰ পৰাপক্ষত আঁতৰি থাকিব লাগে।পৰাপক্ষত ঘৰতে থাকিব লাগে। মাস্ক ব্যৱহাৰ কৰা উচিত। শৰীৰৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাটো শক্তিশালী কৰি ৰখাৰ বাবে কমেও ৮ ঘণ্টা শুব লাগে। শৰীৰত পানী কমি যোৱাটো কোনোপধ্যে হ’বলৈ নিদিবৰ বাবে দৈনিক ৮/১০ গিলাচ পানী খাব লাগে। পুষ্টিকৰ ভিটামিনযুক্ত আহাৰ খাব লাগে। ঞ্জটিলতা অনুভ্ব কৰিলেই পলম নকৰি চিকিৎসকৰ ওচৰলৈ যাব লাগে। ছ’ৱাইন ফ্লু হ'লে কি কৰিব নালাগে ৰোগাক্ৰান্ত ব্যক্তি স্কুল-কলেজ বা কাৰ্যালয়লৈ যাব নালাগে। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো ঔষধ সেৱন কৰিব নালাগে। য’তে ত’তে থু, খেকাৰ আদি পেলাব নালাগে। সুস্থ্য ব্যক্তিৰ সৈতে হাত মিলোৱা, সামাজিক চুম্বন আৰু আন অভিনন্দনমূলক স্পৰ্শ আদি কৰিব নালাগে। কাৰণ ইয়াৰ দ্বাৰা আন ব্যক্তিৰ দেহলৈ ভাইৰাছ বিয়পিব পাৰে। লিখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ।