ছোৱাইন ফ্লু কি? ছোৱাইন ফ্লু’ক এইচ ১ এন ১ টাইপ এ ইনফ্লুৱেঞ্জা বুলিও জন যায়। আৰম্ভণিতে গাহৰিৰপৰা মানুহলৈ এই ৰোগৰ সংক্ৰমণ হৈছিল বাবে ‘ছোৱাইন ফ্লু’ বুলি কোৱা হৈছে। বহুতে পিগ ইনফ্লুৱেঞ্জা, হেগ ফ্লু, পিগ ফ্লু বুলিও কয়। বৰ্তমান সময়ত এই ৰোগ গাহৰিৰপৰা নহয়, মানুহৰপৰা মানুহলৈ সংক্ৰমণ হয় বুলি কোৱা হৈছে। কাৰণ ছোৱাইন ফ্লু ছোৱাইন ইনফ্লুৱেঞ্জা ভাইৰাছৰ জৰিয়তে বিয়পে। এইচ ১ এন ১ ছোৱাইন ইনফ্লুৱেঞ্জা ছাব টাইপ ভাইৰাছ হৈছে মূল কাৰক। অন্য ফ্লু ভাইৰাছৰ দৰে এই ভাইৰাছো এজনৰপৰা আনজনলৈ বিয়পে। ই অতি সোঁচৰা। লেলাউটি, নাক, ডিঙি আদিৰপৰা ওলোৱা বিজলুৱা পদাৰ্থৰ জৰিয়তে ই বিয়পে। এটা হাঁচিয়ে বতাহত সহস্ৰ ভাইৰাছ মেলি দিয়ে। বতাহত বিয়পা এই ভাইৰাছ মেলি দিয়ে। বতাহত বিয়পা এই ভাইৰাছে পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে নথকা লোকক সহজতে আক্ৰমণ কৰে। ভিৰ এলেকাত ইয়াৰ সংক্ৰমণ অধিক হয়। লক্ষণ কাহ, জ্বৰ, চেকচেকাই থকা ডিঙি, বন্ধ নাক, গাৰ বিষ, মূৰৰ বিষ, অত্যধিক ঠাণ্ডা অনুভৱ কৰা, ভাগৰুৱা হৈ পৰা, বমি, ডায়েৰীয়া, খোৱা-বোৱাত ৰুচি নোহোৱা ইত্যাদি। গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ছোৱাইন ফ্লুৰ লক্ষণসমূহ সাধাৰণ জ্বৰৰ দৰেই। ফলত বহু সময়ত খুব পলমকৈহে ই ধৰা পৰে। জটিলতা অনুভৱ কৰিলেই চিকিৎসা সেৱা গ্ৰহণ কৰা উচিত। ৰোগ নিৰ্ণয়ৰ বাবে লেব’ৰেটৰী পৰীক্ষাৰ বিকল্প নাই সাধাৰণভাৱে কি কৰিব/নকৰিব কাহোতে বা হাঁচিয়াওঁতে নাক-মুখ ৰুমালেৰে ঢাকি লোৱা উচিত। পৰিষ্কাৰ-পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক। খোৱা বোৱাৰ আগেয়ে, বিশেষকৈ বাহিৰৰপৰা অহাৰ পিছত ভালকৈ চাবোনেৰে হাত ধুব লাগে। পৰাপক্ষত বাহিৰলৈ গ’লে মাস্ক ব্যৱহাৰ কৰা উচিত। বাহিৰত থকা সময়ত চকু, মুখ, নাক চুব নালাগে। শৰীৰৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাটো শক্তিশালী কৰি ৰখাৰ বাবে কমেও ৮ ঘণ্টা শুব লাগে। শৰীৰত পানী কমি যোৱাটো কোনোপধ্যে হ’বলৈ নিদিবৰ বাবে দৈনিক ৮/১০ গিলাচ পানী খাব লাগে। ফাৰ্মাচীৰপৰা ডাক্টৰক নেদেখুওৱাকৈ ঔষধ কিনি খাব নালাগে। জটিলতা অনুভৱ কৰিলেই পলম নকৰি চিকিৎসকৰ ওচৰলৈ ওচৰলৈ যাব লাগে। উৎসঃ wikimedia