টাইফয়ড্ হ’লে মূৰৰ বিষ, কাহ, কোষ্ঠকাঠিন্য, পাতলীয়া শৌচ, জিভাৰ মাজভাগ বগা হৈ কাষবোৰ ৰঙা হৈ পৰা, গাটো ইছাট-বিছাট লগা আদি হয়। চিকিৎসা ক’লা তুলসী, পদিনা আৰু বন তুলসীৰ ৰস খাব লাগে। মূৰত ভৃংগৰাজ তেল ল’ব লাগে। মুনক্কা ফালি তাত ক’লা নিমখ লগাই অলপ গৰম কৰি খাব লাগে। গিন্ধেয় ৰস মৌৰ লগত মিহলাই চেলেকি খাব লাগে। গাখীৰত মুনক্কা উতলাই গাখীৰখিনি খাব লাগে। বিশুদ্ধ নিৰ্মল বতাহ চলা ঠাইত বিশ্ৰাম কৰিব লাগে। সহজতে হজম হোৱা পুষ্টিকৰ খাদ্য খোৱা উচিত। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।