এই ৰোগ মহিলাসকলৰ বেছি হয়। কাৰণ যদি ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচন্ন হৈ নাথাকে তেন্তে মূত্ৰতন্ত্ৰৰ ৰোগত আক্ৰান্ত হ’ব পাৰে। গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত বিভিন্ন হৰম’নৰ পৰিৱৰ্তনৰ বাবে মূত্ৰতন্ত্ৰৰ বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি হয়। মহিলাৰ মূত্ৰস্থলীৰ লগত সংযোজিত প্ৰস্ৰাৱৰ নলীডালৰ দৈৰ্ঘ্য কম হোৱাৰ বাবে বাহিৰৰ জীৱাণুবোৰে সহজতে উৰ্ধগামী হৈ মূত্ৰস্থলীত প্ৰয়োগ কৰে। যৌন সংগমৰ আগত আৰু পিছত পেৰিনিয়েল হাইজিনৰ প্ৰতি অৱহেলা কৰিব নালাগে। শৌচদ্বাৰ আৰু প্ৰস্ৰাৱৰ দ্বাৰ চাফা কৰি নাৰাখিলে গুপ্তভাৱে থকা বেক্টেৰীয়াবোৰে আক্ৰমণ কৰাৰ ফলতো মূত্ৰতন্ত্ৰৰ ৰোগ হয়। বয়সস্থ মহিলাসকলৰ দেহত ইষ্ট্ৰোজেনৰ পৰিমাণ কমি অহাৰ ফলত কিছুমান বেক্টেৰীয়াই যৌনাংগ আৰু মূত্ৰাশয়ত আক্ৰমণ কৰে। মূত্ৰস্থলত থকা ষ্ট’ন, বৃক্কৰ বিভিন্ন ধৰণৰ ৰোগ, মূত্ৰতন্ত্ৰৰ বিভিন্ন অংশত হোৱা টেমুনা, মধুমেহ, বিভিন্ন ধৰণৰ যৌন ৰোগ, এইড্চ আদি কাৰণেও মূত্ৰাশয়ত সংক্ৰমণ হয়। লক্ষণ প্ৰস্ৰাৱৰ পথত বিষ অনুভৱ কৰা। প্ৰস্ৰাৱ কৰিলে পোৰণি উঠা। কঁকাল আৰু তলপেটত বিষ অনুভৱ কৰা। প্ৰস্ৰাৱৰ গোন্ধ ওলোৱা। সঘনাই জ্বৰ উঠা আৰু প্ৰস্ৰাৱ কৰিবলৈ লগা। প্ৰস্ৰাৱ কৰিবলৈ ল’লে গাঁঠি মাৰি ধৰা। খোৱাত অৰুচি হোৱা। প্ৰস্ৰাৱৰ ৰং সলনি হোৱা। মাজে মাজে বমি হোৱা আৰু প্ৰস্ৰাৱৰ ৰাস্তাত খজুৱতি হোৱা। ৰোগ নিৰাময়ৰ উপায় যথেষ্ট পৰিমাণে দিনে যিমান পাৰে ঠাণ্ডা পানী খাওঁক। কুহুমীয়া ৰস, নেমু চৰবত আদি খাওঁক। মূত্ৰাশয় সকলো সময়তে পৰিষ্কাৰ কৰি ৰাখক। বিশেষকৈ ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচন্নতাক গুৰুত্ব দিয়ক। যৌনক্ৰিয়া কৰাৰ আগত আৰু পাছত যৌনাংগ ভালদৰে চাফা কৰি লওঁক। মাজে সময়ে প্ৰস্ৰাৱ, ব্লাড চুগাৰ, ব্লাড ইউৰিয়া আদি পৰীক্ষা কৰাওঁক। লগতে মূত্ৰতন্ত্ৰৰ এক্স-ৰে কৰাওঁক। চিকিৎসকৰ সৈতে ভালদৰে পৰামৰ্শ কৰক। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।