সমগ্ৰ বিশ্বত প্ৰতি বছৰে সংক্ৰমজনিত ৰোগত আক্ৰান্ত হৈ বহু লাখ লোকৰ মৃত্যু হয়। প্ৰধানকৈ মহজাতীয় পতংগ তথা অন্যান্য কিছু জীৱ-জন্তুৱে মানৱ দেহলৈ বীজাণু কঢ়িয়াই অনাৰ ফলতে এইধৰণৰ দহটা ৰোগে বিভীষিকাৰ সৃষ্টি কৰিছে। এই ৰোগসমূহৰ ভিতৰত আছে- মেলেৰীয়াডেংগু মেলেৰীয়া: বিশ্ব স্বাস্থ্যৰ তথ্য অনুসৰি সংক্ৰমজনিত ৰোগৰ ভিতৰত মেলেৰীয়া আটাইতকৈ মাৰাত্মক। ১০০ খন দেশত প্ৰতি বছৰে এই ৰোগে ১৫ লাখৰো অধিক লোকৰ প্ৰাণ লয়। মাইকী এন’ফেলিছ মহে কামুৰিলে এই ৰোগৰ বীজাণু মানৱ শৰীৰত প্ৰৱেশ কৰিব পাৰে। তেজৰ ৰক্ত কণিকা কোষ ধ্বংস হ’ব পাৰে এই বেমাৰৰ সংক্ৰমণৰ ফলত। তীব্ৰ জ্বৰৰ ফলত এই বেমাৰ হ’লে মানুহৰ মৃত্যুও হ’ব পাৰে। কলাজ্বৰ: কলাজ্বৰ মেলেৰীয়াৰ পিছতে ভয়াৱহ সংক্ৰামক ৰোগ। এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘাইকৈ ভাৰত, বাংলাদেশ, ইথিঅ’পিয়া, ব্ৰাজিল আৰু ছুডানত দেখা যায়। মাইকী মাখিৰ জৰিয়তে এই বেমাৰৰ বীজাণুৰ সংক্ৰমণ ঘটে। এই বেমাৰ হ’লে মানুহৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। ডেংগু: গ্ৰীষ্মপ্ৰধান দেশবোৰত ডেংগুৰ প্ৰাদুৰ্ভাৱ দেখা যায়। শেহতীয়াকৈ এই ৰোগে চহৰ অঞ্চলত ভয়াৱহ ৰূপ ধাৰণ কৰা দেখা গৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰতি বছৰে বিশ্বত ৫০-১০০ নিযুত লোক ডেংগুত আক্ৰান্ত হয়। এডিছ ইজিপ্তি নামৰ এবিধ মহৰ জৰিয়তে এই বেমাৰৰ সংক্ৰমণ হয়। প্লেগ: কুৰি শতিকাত্ৰ প্লেগে মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল। এন্দুৰ জাতীয় প্ৰাণীয়ে এইবিধ বীজাণু মানৱ দেহত সংক্ৰমণ ঘটোৱাৰ বাবেই এই বেমাৰৰ বিস্তাৰ ঘটে। ফাইলেৰিয়াচিচ: এই বেমাৰৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান নকৰিলেও বিশ্বৰ ১২০ নিযুত লোক এই ৰোগত আক্ৰান্ত। এই ৰোগ পেলুৰ দ্বাৰা সংক্ৰমিত হয়। চিকুনগুনিয়া: ভাৰতসহ বিশ্বৰ ৪০ খন দেশত এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা যায়। দিনৰ ভাগত ইডিছ জাতীয় মহে কামুৰিলে এই বেমাৰৰ বিস্তাৰ ঘটে। ডেংগুৰ দৰেই এই ৰোগ মাৰাত্মক। লাইম জ্বৰ: ক’লা ঠেঙীয়া চিকৰাই কামুৰিলে এই জ্বৰ হয়। এই জ্বৰ হ’লে স্নায়ুৰ বিকাৰ ঘটিব পাৰে। পীত জ্বৰ: দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাৰ ছাহাৰা উপকন্ঠীয় অঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘাইকৈ দেখা যায়। ইডিছ ইজিপ্তি জাতীয় মহে কামুৰিলে এই বেমাৰৰ সংক্ৰমণ ঘটে। এই জ্বৰত মানৱ দেহৰ প্ৰতিৰোধ ব্যৱস্থা দুৰ্বল হৈ পৰে। চাগাছ জ্বৰ: লেটিন আমেৰিকাৰ কেইটামান নিৰ্দিষ্ট সম্প্ৰদায়ৰ মাজত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘাইকৈ দেখা যায়। ‘কিচিং বাগ’ নামৰ এবিধ পতংগই কামোৰাৰ ফলতেই এনে বেমাৰৰ সংক্ৰমণ ঘটে। হৃদযন্ত্ৰৰ ক্ৰিয়াত এই জ্বৰে ব্যতিক্ৰম ঘটাব পাৰে। জাপানী এনকেফেলাইটিছ: কিউলেক্স নামৰ এবিধ মহে কামোৰাৰ ফলত এই ৰোগৰ সংক্ৰমণ ঘটা দেখা যায়।ভাৰতৰ তামিলনাডু, কেৰালা, কৰ্ণাটক, অসম আদিত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘাইকৈ দেখা যায়। উৎস: দৈনিক অসম।