কেনেকৈ হাত সাৰিব অন্যান্য কাৰণবোৰৰ ভিতৰত জণ্ডিছৰ এটা প্ৰধান কাৰণ হ’ল ‘হেপাটাইটিছ- এ’ ভাইৰাছৰ সংক্ৰমণ। এইবিধ ভাইৰাছে আমাৰ যকৃতত থিতাপি লৈ যকৃত ঘুণীয়া কৰিবলৈ আৰম্ভ কৰিলেই বাহ্যিক লক্ষণ হিচাপে জণ্ডিছ আমাৰ চকুত পৰে। শৰীৰ দুৰ্বল হোৱা, কেতিয়াবা জ্বৰ, অভোক, বমি হ’ব খোজা, প্ৰস্ৰাৱ হালধীয়া হোৱা, চকু, গাৰ ছাল আদি হালধীয়া পৰা। ‘হেপাটাইটিছ- বি’ৰ দৰে মাৰাত্মক নহ’লেও, এইবিধ (এইচ এ ভি) ভাইৰাছত আক্ৰান্ত হোৱাজনে চকুৰে সৰিয়হ ফুল নিশ্চয় দেখে। প্ৰতি বছৰে গোটেই পৃথিৱীত দহ লাখতকৈ অধিক লোক ‘হেপাটাইটিছ- এ’ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। কাৰণসমূহৰ বাবেও ইয়াক বাধা দিয়া কিছু কষ্টকৰ। তথাপি সাৱধান হৈ থাকি সাধাৰণ স্বাস্থ্য নীতি কিছুমান পালন কৰিলে ইয়াৰ পৰা হাত সাৰি থাকিব পাৰি। প্ৰতিৰোধ তথা প্ৰতিকাৰৰ উপায় যিহেতু ই ভাইৰাছৰ বাবে হোৱা ৰোগ, সেয়ে ইয়াৰ পোনপটীয়া ফলপ্ৰসূ চিকিৎসা নাই। ৰোগ যাতে নহয় তাৰ প্ৰতি অধিক সতৰ্ক থাকিব লাগে। ভ্ৰমণ কৰিবলগীয়া হ’লে ঘৰৰ পৰাই বিশুদ্ধ পানী লৈ যাব। আটায়ে সেই পানী খাব। ফলমূল কিনিলে ল’ৰা- ছোৱালীক তেনেদৰেই নোধোৱাকৈ খাবলৈ নিদিব। গৰমত কল্ডড্ৰিংছ, আইচক্ৰীম খোৱাৰ পৰা সন্তানক বিৰত ৰাখক। কল্ড্ৰিংকছ মজুতকৰণ ব্যৱস্থাবোৰ মন কৰক। আইচক্ৰীমৰ পানীও অপৰিষ্কাৰ। ঘৰতেই সেইবোৰ বনাই খুৱাব। ডাবৰ পানী অধিক নিৰাপদ, কেঁচা চালাড, ফল- মূল খুব ভালদৰে ধুইহে খাব। পেকেট ড্ৰিংকছ্বোৰ আমি বিশুদ্ধ বুলি যিমান তৃপ্তিৰে খাওঁ, প্ৰকৃততে সেইবোৰো কেতিয়াবা নিৰাপদ নহয়। এনে ধৰণৰ সাৱধানতাৰ পাছতো যদি ৰোগত আক্ৰান্ত হয় কি কৰিব? জণ্ডিছ আৰম্ভ হোৱা বুলি গম পালেই প্ৰচুৰ জিৰণি ল’ব, অথবা লবলৈ দিব। স্কুললৈ যোৱা ল’ৰা- ছোৱালী হ’লে সাৱধান হ’ব। কিছুদিন স্কুললৈ যোৱাটো ডাক্টৰৰ পৰামৰ্শ অনুসৰি বন্ধ ৰাখিব। ঘৰত এজনৰ হ’লে অন্য সদস্যসকল সাৱধান হ’ব। তেজ পৰীক্ষা কৰোৱাব। কিয়নো তেজ পৰীক্ষাত ধৰা পৰিব কোনবিধ ভাইৰাছৰ বাবেনো জণ্ডিছ দেখা দিলে- ‘হেপাটাইটিছ-এ’ নে হেপাটাইটিছ – বি’। মাংস, কণী আদি নাখাব। জুলীয়া আহাৰ অধিক পৰিমাণে খাব। এই সময়ত লঘু আহাৰ উপকাৰী। তেল, মচলা, জ্বলা আদি খালে ৰোগ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। ভাগৰ লগাকৈ কোনো কাম কৰা উচিত নহয়। আজিকালি ‘হেপাটাইটিছ-এ’ ৰ বাবেও ভেকচিন পোৱা যায়। প্ৰাৰ্থমিক এটা ভেকচিন এবছৰলৈ সুৰক্ষা দিয়ে। ইয়াৰ ছমাহ পাছত বুষ্টাৰ পালি দিয়া হয়। ‘হেপাটাইটিছ – বি’ৰ ভেকচিনে কিন্তু হেপাটাইটিছ – এ’ৰ সুৰক্ষা নিদিয়ে দুয়োটাৰ বাবে পৃথক ভেকচিন। পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি সাৱধান হওক ‘হেপাটাইটিছ – এ’ৰ বাবে হোৱা জণ্ডিছৰ পৰা বাচি থাকক। উৎসঃ অসমীয়া খবৰ