বাচিলোচ এণ্থ্ৰাক্স নামৰ বেক্টেৰিয়াৰ দ্বাৰা এণ্থ্ৰাক্স ৰোগ হয়। ক্ষতিগ্ৰস্ত হোৱা অংগ সাধাৰণতে ছালৰ ক্ষতি হয়। কেতিয়াবা শ্বাসতন্ত্ৰ, পাচনতন্ত্ৰ। সংবহন ছাল: ফোহা বা ঘাঁত ছালৰ সংস্পৰ্শ। সাধাৰণতে সংক্ৰমিত জন্তু বা এনে মাংস আৰু কেঁচা ছালৰ সংস্পৰ্শ। শ্বাসতন্ত্ৰ: উশাহত বেক্টেৰিয়া থকা বায়ু গ্ৰহণ। পাচনতন্ত্ৰ: সংক্ৰমিত জীৱৰ আধা সিঁজা বা কেঁচা মাংস বা গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য। ব্যক্তিৰ পৰা ব্যক্তিৰ গালৈ নিশ্বাস আৰু পাছত পাচনতন্ত্ৰলৈ নিবিয়পে। লক্ষণ ছাল: প্ৰথমে ছাল কোনো এঠাইত খজুৱায় আৰু ই ঘাঁলৈ পৰিবৰ্তিত হয়। সংক্ৰমণ হোৱাৰ ৭-১০ দিনৰ ভিতৰত ঘাঁবোৰে কোষৰ ৰূপ লয় আৰু ক’লা বৰণৰ ইস্বাৰ তৈয়াৰ হয়। শ্বাসতন্ত্ৰ: অলপ অলপ জ্বৰ, অবসাদ, ঘাঁমি যোৱা, বুকুৰ অসুবিধা আদিৰ বাহিৰে আন কোনো বিশেষ লক্ষণে দেখা নিদিয়ে (ওপৰৰ শ্বাস নলীৰ লক্ষণে দেখা দিয়াটো বিৰল)। পৰিপাক তন্ত্ৰ: বমিভাব, বমি হোৱা, আভোক, জ্বৰ আদিৰ পৰা অতিপাত পেটৰ বিষ, হেমাটেমেছিছ আৰু তেজ যোৱা ডায়েৰিয়া। ছালৰ ওপৰত লক্ষণ ২য় দিন ৪ৰ্থ দিন ৬ষ্ঠ দিন ১০ম দিন ৰোগ ব্যৱস্থাপনা ৰোগৰ লক্ষণ দেখা পোৱাৰ লগে লগেই চিকিত্সকক দেখুৱাব লাগে। ভালদৰে নিসিঁজা মাংস আন পশুজাত খাদ্য খাব নালাগে। গৰু বা আন ঘৰচীয়া জন্তুৰ লগত কাম-কাজ কৰিব লগা হ’লে নিজকে সুৰক্ষিত কৰি লব লাগে। উত্স: আইএনডিজি দল।