ভেৰি চেলা যষ্টাৰ নামৰ ভাইৰাছৰ বাবে চিকেন পক্স হয়। ই অতিশয় সংক্ৰামক আৰু আক্ৰান্ত ব্যক্তিৰ নিশ্বাসৰ লগত সংক্ৰমিত ড্ৰপলেট বাহিৰলৈ আহি এই ৰোগ বিয়পায়। উপসৰ্গ ছালত হোৱা ঘাঁৰ বিশেষত্ব ১) ৰঙা বৰণৰ ঘাঁ আৰম্ভ হয়। ২) ঘাঁৰ ঠাইবোৰ ফুলি উঠে আৰু ইয়াত পানী জমা হয়। ৩) মুখত বেছিকৈ হয়। শৰীৰৰ বাকী অংশতে হয়। মুৰ, হাত, ভৰিৰ তলুৱাত কমকৈ হয়। ৪) খুউব বেছিকৈ খজুৱায় আৰু চিটিকনি উঠে। প্ৰতিৰোধ ১২ মাহৰ বয়সতকৈ ডাঙৰ লোকসকলে লব পৰা ভেকচিন পোৱা যায়। যিয়ে এই ৰোগ প্ৰতিষেধক কৰিব পাৰে। ভাইৰাছটোৰ বিৰুদ্ধে আত্মৰক্ষাত্মক এন্টিবডি নথকা লোকসকলেও এই ভেকচিন লব পাৰে। মনত ৰাখিব লগা কথা বসন্ত হৈ থকা অৱস্থাত কোনো শিশুকে এছপ্ৰিন খাবলৈ দিব নালাগে। ইয়াৰ ফলত ৰেইজচিন্দ্ৰম হব পাৰে। ইয়াৰ ফলত মগজুৰ ক্ষতি হোৱাৰ লগতে শিশুৰ মৃত্যুও হব পাৰে। আন ৰোগৰ বাবেও শিশুক এছপ্ৰিন দিব নালাগে। চিকিত্সকৰ লগত পৰামৰ্শ কৰি আন ঔষধ দিব পৰা যায়। এই ৰোগ জটিল হ’লে বয়স্কসকলৰ মাজত নিউমনিয়াই দেখা দিব পাৰে। HIV সংক্ৰমিত ব্যক্তি বা আন প্ৰতিৰোধক ক্ষমতা নথকা লোকৰ ক্ষেত্ৰত এনে জটিলতা হোৱাৰ সম্ভাৱনা অতি বেছি। কেতিয়াও বসন্ত নোহোৱা গৰ্ভৱতী মহিলাই বসন্ত হোৱা লোকৰ পৰা সদায় আঁতৰি থাকিব লাগে। উত্স: আইএনডিজি দল।