ডায়েৰিয়া কি? ডায়েৰিয়া হ’লে পেটৰ ভিতৰৰ নাড়ীভূৰৰ লৰচৰ বাঢ়ি যায়। শৌচ বেছিকৈ, ঘনাই আৰু পনীয়া হয়। পাকস্থলীত ৰসৰ নিঃসৰণৰ পৰিমাণ বাঢ়ি যোৱাৰ বাবে ঘনাই এই তলৰ পাকস্থলীৰ পৰা কমাই পেলাবলৈ মলভাণ্ডাৰলৈ পঠিয়াই দিয়াৰ ফলত এনে হবলৈ পায়। ডায়েৰিয়াক দুটা ভাগত ভাগ কৰিব পাৰি। দিনে পাঁচবাৰতকৈ বেছি পাতল পায়খানা হ’লে ইয়াক এবচলিউট ডায়েৰিয়া বোলা হয়। যদি সাধাৰণতকৈ বেছি পায়খানা হয় আৰু পাতল হয় তেন্তে ইয়াক ৰিলেটিভ ডায়েৰিয়া বোলা হয়। ডায়েৰিয়া ক্ষণস্থায়ী বা দীৰ্ঘকালীনো হব পাৰে। আৰু প্ৰতিটোৰ কাৰণ আৰু চিকিত্সা পৃথক। ডায়েৰিয়াৰ ফলত জটিল অৱস্থাৰ সৃষ্টি হয়। এইবোৰৰ ভিতৰত আছে ডিহাইদ্ৰেছন বা শৰীৰৰ পানীৰ পৰিমাণ কমি যোৱা, ইলেক্ট্ৰলাইট (খনিজ)ৰ সমতা নষ্ট হোৱা (নিমখৰ পৰিমাণ কমি যোৱা) আৰু মলদ্বাৰত খজুৱতি। ডিহাইদ্ৰেছনৰ চিকিত্সা অৰেল ৰিহাইদ্ৰেছন চলিউচনেৰে (ORS) কৰিব পৰা যায় বা নাৰ্ভত প্ৰয়োজনীয় তলৰ ভৰাইয়ো কৰিব পৰা যায়। অৰেল ৰিহাইদ্ৰেছন চলিউচন অৰেল ৰিহাইদ্ৰেছন চলিউচন- ঘৰতে তৈয়াৰ কৰিব পাৰি। ডায়েৰিয়াৰ পৰা হোৱা ডিহাইদ্ৰেছন ৰোধ কৰিবলৈ অতি কাৰ্য্যকৰী, কম খৰচী আৰু সুবিধাজনক “সহজ দ্ৰৱন” নিজে ঘৰতে প্ৰস্তুত কৰি লব পাৰি। স্বাৱলম্বীতাৰ বাবে উত্সাহজনক। চেনি আৰু নিমখেৰে ঘৰতে তৈয়াৰ কৰিব পৰা দ্ৰৱণৰ প্ৰস্তুত প্ৰনালী: এক লিটাৰ অৰেল ৰিহাইদ্ৰেছন চলিউচন- চেনি পানী আৰু নিমখেৰে ঘৰতে প্ৰস্তুত। উপকৰণ এচামুচ নিমখ। আঠ চামুচ চেনী। এক লিটাৰ বিশুদ্ধ খোৱা পানী বা পানী উতলাই চেঁচা কৰা পানী। (৫ কাপ, একাপত প্ৰায় ২০০ মিলিলিটাৰ)। প্ৰস্তুত প্ৰনালী পানীত চেনী আৰু নিমখ খিনি ঢালি সম্পূৰ্ণ গলি নোযোৱালৈকে লৰাই থাকিব লাগে। এইবিধ দ্ৰৱন পনীয়া শৌচ হোৱা ডায়েৰিয়াত আক্ৰান্তসকলৰ বাবে অতি উন্নত আৰু কাৰ্য্যকৰী। ই বজাৰত পোৱা লবনৰ পৰিপূৰক। উপকৰণ আধা বা একাপ চাউলৰ গুৰি বা ডেৰ চামুচ চেনী। দুকাপ পানী। আধা চামুচ নিমখ প্ৰস্তুত প্ৰনালী আটাইখিনি সামগ্ৰী মিহলাই লৈ ডাঠ নোহোৱালৈকে লৰাই থাকিব লাগে। অৱশ্যে গিলিবলৈ অসুবিধা পোৱাৰ দৰে ডাঠ কৰিব নালাগে। এইটো আক্ৰান্ত শিশুটিক ঘনাই বাৰে বাৰে খুৱাই থাকিব লাগে বা শিশুটিয়ে যিমান খাবলৈ বিচাৰে দিব লাগে। শিশুটিয়ে খালে প্ৰতি মিনিটে মিনিটে দিব লাগে। দেহৰ পৰা ওলাই যোৱা পানীৰ পৰিপূৰক হিচাপে সেই পৰিমাণত এই দ্ৰৱণ খুৱাব লাগে-একাপ পৰিমাণৰ ওলালে- একাপ খুৱাব লাগে। যদি শিশুটিয়ে বমিও কৰে তথাপিও প্ৰতি মিনিটে মিনিটে কম পৰিমাণে হ’লেও খুৱাই থাকিব লাগে। কল বা আন কম মিঠা থেতেলা কৰিব পৰা ফলৰ পৰা যথেষ্ট পৰিমাণৰ পটাছিয়াম পাব পাৰি। অতি ৰুগীয়া অৱস্থাতো এই দ্ৰৱণ দিব লাগে আৰু গাখীৰ খোৱা শিশুৰ ক্ষেত্ৰত মাকৰ গাখীৰ দিব লাগে। ঘৰত এই দ্ৰৱণ তৈয়াৰ কৰা সম্পৰ্কীয় প্ৰশ্নসমূহ প্ৰশ্ন: চেনী আৰু নিমখৰ পৰিমাণ কেনেদৰে জুখিব লাগে? বিভিন্ন লোকে বিভিন্ন ধৰণেৰে চেনী আৰু নিমখৰ পৰিমাণ জোখে। এচিকুত আৰু হাঁতৰ জোখ আৰু সাধাৰণ চামুচেৰেও সফলভাৱে জুখিব পৰা যায়। প্লাষ্টিকৰ দাগ কটা চামুচেৰেও জুখিব পাৰি। যেনেদৰেই জোখা নহওঁক কিয়, কিমান পৰিমাণত, কেনেদৰে মিহলাব লাগে আৰু কেনেদৰে খুৱাব লাগে সেইটো জনা অতি আৱশ্যক। বেছিকৈ নিমখ দিব নালাগে। দ্ৰৱণটো বেছি নিমখীয়া হ’লে শিশুৱে খাই ভাল নাপায় আৰু খাবলৈ নিবিচাৰে। ইয়াৰোপৰি বেছি পৰিমাণৰ নিমখে কেতিয়াবা হাত-ভৰিৰ কঁপনিৰ সৃষ্টি কৰিব পাৰে। অতি কম পৰিমাণৰ নিমখে শৰীৰৰ একো ক্ষতি নকৰে, কিন্তু ডিহাইদ্ৰেছন ৰোধ কৰাত কম সফল হোৱা যায়। প্ৰশ্ন: কি পৰিমাণত দ্ৰৱণ খুৱাব লাগে? প্ৰত্যেক বাৰ পনীয়া শৌচ কৰাৰ পাছত খুৱাব লাগে। প্ৰাপ্তবয়স্ক আৰু ডাঙৰ ল’ৰা-ছোৱালীয়ে দিনত তিনি পোৱাৰ পৰা একলিটাৰ এই দ্ৰৱণ খোৱা উচিত। অসুখ ভাল নোহোৱালৈকে খায় থাকিব লাগে। প্ৰতিবাৰত খুৱাব লাগে দুবছৰতকৈ কম বয়সীয়া শিশুক ডাঙৰ কাপৰ আধা। দুবছৰতকৈ ডাঙৰ শিশুক একাপ। অতি বেছি মাত্ৰাত ডিহাইদ্ৰেছন হ’লে এনে অৱস্থাত প্ৰতি ৫ মিনিটৰ বিৰতিৰ এধোক এধোককৈ এই দ্ৰৱণ খাই থাকিব লাগে। পেচাব স্বাভাৱিক পৰিমাণৰ নোহোৱালৈকে এনেদৰে খোৱা উচিত। (দিনত ৪-৫ বাৰ পেচাব কৰাটোক স্বাভাৱিক বুলি ধৰিব পৰা যায়।) প্ৰশ্ন: এই দ্ৰৱণ কেনেদৰে খুৱাব লাগে? এই দ্ৰৱণ মন্থৰ গতিত খুৱাব লাগে। চামুচেৰে খুৱাব পাৰিলে ভাল। শিশুৱে বমি কৰি এইবোৰ উলিয়াই দিলে পুনৰ খুৱাব লাগে। মনত ৰাখিব লাগে যে, এই দ্ৰৱণ কাপত লৈ চামুচেৰে লাহে লাহে খুৱাব লাগে। (বটল যিহেতু পৰিস্কাৰ কৰিবলৈ অসুবিধা- গতিকে ব্যৱহাৰ কৰিব নালাগে)। প্ৰশ্ন: শিশুটিয়ে বমি কৰিলে কি কৰিব লাগে? যদি শিশুটিয়ে বমি কৰে, তেন্তে বমি কৰাৰ পাছত ১০ মিনিট সময় অপেক্ষা কৰিব লাগে তাৰ পাছত পুনৰ ORS খুৱাব লাগে। সদায় লাহে লাহে কম পৰিমাণত শিশুক এই দ্ৰৱণ খুৱাবলৈ চেষ্টা কৰিব লাগে। বমি কৰি থাকিলেও শৰীৰক প্ৰয়োজনীয় পানী আৰু নিমখ কিছু পৰিমাণে থাকি যায়। প্ৰশ্ন: কেতিয়ালৈকে এই দ্ৰৱণ খুৱাই থকা উচিত? ডায়েৰিয়া বন্ধ নোহোৱালৈকে এই দ্ৰৱণ খুৱাই থাকিব লাগে। সাধাৰণতে ৩ৰ পৰা পাঁচদিনৰ ভিতৰত ডায়েৰিয়া ঠিক হৈ যায়। প্ৰশ্ন: অ'আৰএছ দ্ৰৱণ কেনেকৈ সংৰক্ষণ কৰিব লাগে? এই দ্ৰৱণ ঠাণ্ডা ঠাইত থব লাগে। বৰফৰ মাজত থব পাৰিলে ভাল। ২৪ ঘণ্টাৰ পাছতো যদি শিশুক এই দ্ৰৱণৰ প্ৰয়োজন হয় তেন্তে নতুনকৈ প্ৰস্তুত কৰি লব লাগে। শিশুক এনে দ্ৰৱণ দিওঁতে মনত ৰাখিব লগা ১০টা কথা ১) দ্ৰৱণ প্ৰস্তুত কৰাৰ আগতে হাত ভালদৰে চাবোনেৰে ধুই লব লাগে। ২) এটা পৰিস্কাৰ বাচনত মিহলাব লাগে- এচামুচ নিমখ আৰু ৮ চামুচ চেনী বা এপেকেট বজাৰত পোৱা ORS একলিটাৰ বিশুদ্ধ বা উতলাই চেঁচা কৰা পানী ভালদৰে মিলি নোযোৱালৈকে লৰাই থাকিব লাগে। ৩) শিশুটিৰ লগতে নিজৰ হাত দুখনো চাবোনেৰে ভালদৰে ধুই লোৱাৰ পাছত পাছত এই দ্ৰৱণ খুৱাব লাগে। ৪) আক্ৰান্ত শিশুটিক কম কম পৰিমাণত ঘনাই এই দ্ৰৱণ খুৱাই থাকিব লাগে। ৫) ইয়াৰ লগে লগে শিশুটিক মাকৰ গাখীৰ আৰু ফলৰ ৰস আদিও খুৱাই থাকিব লাগে। ৬) শিশুটিৰ বয়স যদি ৪ মাহৰ বেছি হয় তেন্তে আন গোটা আহাৰো খুৱাব লাগে। ৭) ২৪ ঘণ্টাৰ পাছতো শিশুটিক ORSৰ প্ৰয়োজন হ’লে নতুনকৈ প্ৰস্তুত কৰি লব লাগে। ৮) ORS এ ডায়েৰিয়া বন্ধ নকৰে। ই শৰীৰটোৰ পৰা কমি যোৱা পানী যোগান ধৰি শৰীৰটো শুকাই যোৱাৰ পৰা ৰক্ষা কৰে। ডায়েৰিয়া নিজে নিজে বন্ধ হৈ যাব। ৯) যদি শিশুটিয়ে বমি কৰে তেন্তে, দহ মিনিট সময় অপেক্ষা কৰাৰ পাছত পুনৰ ORS দিব লাগে। ১০) যদি ডায়েৰিয়া বাঢ়ি গৈ থাকে বা বমিও নকমে তেনেহ’লে শিশুটিক স্বাস্থ্য কেন্দ্ৰলৈ নিব লাগে। ডায়েৰিয়াৰ ফলত শিশুৰ দেহত কমি যোৱা পানী আৰু লবন ভাগ ঘৰত সহজে পোৱা সাধাৰণ সামগ্ৰীৰেই প্ৰস্তুত কৰি লোৱা দ্ৰৱণেৰে কাৰ্য্যকৰী ভাৱে পূৰাব পাৰি। প্ৰতিবাৰ পনীয়া শৌচ কৰাৰ পাছত এনে দ্ৰৱণ দি থাকিব লাগে। এনে দ্ৰৱণত সাধাৰণতে এই বোৰ দ্ৰব্য থাকিব লাগে (উতলাব পৰা সামগ্ৰী): চেনী-য’ৰ পৰা গ্লু’কজ আৰু শক্তি পোৱা যায়। কিছু ছডিয়াম, পৰাপক্ষত কিছুপৰিমাণে পটাছিয়াম। পৰম্পৰাগত ভাৱে খুৱাই থকা এনে ৰিহাইদ্ৰেছনত ব্যৱহূত পানীয়বোৰ অতি কাৰ্য্যকৰী ভাৱে প্ৰমাণিত। ডায়েৰিয়া হোৱাৰ ফলত শিশুৱে হেৰুৱা জল ভাব পূৰণৰ বাবে উপযুক্ত: মাকৰ গাখীৰ। ভাতৰ মণ্ড। গাজৰৰ ৰস। ভাতৰ মাৰ। যদি চেনী আৰু নিমখ হাতত পোৱাকৈ থাকে তেন্তে ঘৰতে অতি সহজে এই কাৰ্য্যকৰী ৰিহাইদ্ৰেছনত দ্ৰব্য প্ৰস্তুত কৰি লব পাৰি। এই দ্ৰৱণৰ সোৱাদ আৰু পটাছিয়াম পাবলৈ আধা কাপ কমলা ৰস বা পিটিকা লোৱা পকা কল মিহলি কৰি দিব পৰা যায়। গুৰ বা ৰঙচুৱা চেনী ব্যৱহাৰ কৰিলে বগা চেনীতকৈ অধিক পটাছিয়াম পোৱা যায়। যদি ইয়াৰ এটাও দ্ৰৱণ প্ৰস্তুত কৰিবলৈ পৰা নাযায় তেন্তে এনেদৰেও এই দ্ৰৱণ ব্যৱহাৰ কৰিব পাৰি: লগে লগে প্ৰস্তুত কৰা ফলৰ ৰস। পাতল ৰঙা চাহ। দাব নাৰিকলৰ পানী। যদি এইবোৰো পোৱা নাযায়, তেন্তে বিশুদ্ধ পানী যথেষ্ট পৰিমাণে খাবলৈ দিব লাগে। পৰাপক্ষত পানী উতলাই চেঁচা কৰি খাবলৈ দিব লাগে। টোকা: বহুতে ঘৰত তৈয়াৰ কৰা এনে দ্ৰব্য খুৱাবলৈ বেয়া পায়। এনেকৈ ভবা অনুচিত কাৰণ প্ৰাণৰক্ষাৰ বাবে ঘৰতে থকা উপযুক্ত দ্ৰব্যবোৰ ব্যৱহাৰ কৰা উচিত। উত্স: আইএনডিজি দল।