মাম্পছ (পিঠাখোৱা) ভাগ ভাইৰাছৰ দ্বাৰা হোৱা এবিধ ৰোগ। এই ভাইৰাছৰ ফলত পাৰ’টিড গ্লেণ্ড ডাঙৰ হৈ যায়, তীব্ৰ বিষো উপলব্ধি হয়। এই প্লেণ্ডৰ পৰাই লেলাৱতী আৰু থুৰ উত্পত্তি হয়। কি কাৰণে হয়? মাম্পছ ভাইৰাছৰ দ্বাৰা হোৱা এবিধ সোঁচৰা বেমাৰ। এই ভাইৰাছ সংক্ৰমিত থু এজনৰ গাৰ পৰা আন এজনৰ গালৈ বিয়পে। ২ বছৰৰ পৰা ১২ বছৰ বয়সৰ শিশুৰ এই ৰোগ হোৱাৰ সম্ভাৱনা অতি বেছি। বয়স্ক লোকসকলে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’লে পাৰ’টিড গ্লেণ্ডৰ উপৰিও অণ্ডকোষ, অগ্নাশয় আৰু স্নায়ুতন্ত্ৰও প্ৰভাৱিত হয়। সংক্ৰমণ হোৱাৰ পৰা লক্ষণ দেখা দিবলৈ ১২ৰ পৰা ২৪ দিন পৰ্য্যন্ত লাগিব পাৰে। লক্ষণ সাধাৰণতে পাৰ’টিড গ্লেণ্ড ডাঙৰ আৰু বিষ হয়। প্ৰথমতে এফালে আৰম্ভ হয় যদিও ৩ৰ পৰা ৫ দিনৰ ভিতৰত দুয়োফালেই হবলৈ লয়। চোবাওতে আৰু গিলোতে বিষ বেছি হয়। যিবোৰ বস্তু খালে মুখৰ ভিতৰত থু আৰু লেলাৱতীৰ পৰিমাণ বঢ়াই তোলে-তেন্তে বস্তু খালে বিষ আৰু বেছি হয়। অতিপাত জ্বৰ, মূৰৰ বিষ আৰু আভোক হয়। সাধাৰণতে ৩-৪ দিনৰ পাছত জ্বৰ কমি যায়। গ্লেণ্ড উখহি উঠাতো ৭-১০ দিনৰ পাছত ঠিক হয়। যিমান দিনলৈ গ্লেণ্ড উখহি থাকে (৭-১০) সেই সময়ৰ ভিতৰত আক্ৰান্ত ব্যক্তিৰ পৰা আনৰ গালৈ এই ৰোগ সোঁচৰিব পাৰে। এনে অৱস্থাত শিশুক স্কুললৈ যাব দিব নালাগে আৰু লগৰ ল’ৰা-ছোৱালীৰ লগত খেলা-ধুলাও কৰিবলৈ দিব নালাগে। বয়স্ক লোকৰ ক্ষেত্ৰত এই সময়ত অণ্ডকোষৰ বিষ আৰু উখহি উঠিব পাৰে। মাম্পছৰ পৰা মগজুৰ ৰোগ- এনকেফেলাইটিছ হব পাৰে। এনে লক্ষণবোৰ দেখা পালে অতি সোনকালে চিকিত্সকক দেখুৱাব লাগে- অতিপাত মূৰৰ বিষ। ডিঙি লৰাব নোৱাৰা। টোপনীৰ ভাৱ। ফিট হৈ যোৱা। অতিপাত বমি। অতিপাত জ্বৰ। পেটৰ বিষ। অণ্ডকোষ উখহি উঠা। চিকিত্সা পিঠাখোৱা ৰোগৰ বিশেষ কোনো চিকিত্সা নাই। বিভিন্ন উপসৰ্গ আৰু লক্ষণবোৰ ঔষধেৰে উপশম কৰিব পৰা যায়। সাধাৰণতে এণ্টিবায়টিক ব্যৱহাৰ কৰা নহয়। পেৰাচিটামল জাতীয় ঔষধেৰে জ্বৰ নিয়ন্ত্ৰণলৈ আনিব পৰা যায়। ই বিষো কিছু পৰিমাণে কমাই দিয়ে। এছপিৰিন শিশুসকলক দিব নালাগে। কোমল, জুলীয়া খাদ্য খাবলৈ দিব লাগে, গিলিবলৈ সুবিধাৰ বাবে। তেল-মছলা, টেঙা আৰু ফলৰ ৰস খাবলৈ দিব নালাগে। মাম্পছ হোৱা শিশু অনবৰতে বিছনাত থাকিব লাগিব বুলি কথা নাই। কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? এবাৰ মাম্পছ হ’লে জীৱনকালত আৰু কেতিয়াও এই ৰোগ নহয়। যিবোৰ শিশুৰ মাম্পছ হোৱা নাই-তেন্তে শিশুক মাম্পছৰ প্ৰতিষেধক দিব লাগে। এমএমআৰ নামৰ ভেকচিন তিনিটাই ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ প্ৰতিৰোধ কৰে। মিজিলছ, মাম্পছ আৰু ৰুবেলা। ১৫ মাহ বয়সৰ সকলো শিশুকে এই প্ৰতিষেধক দিব লাগে। গৰ্ভৱতী মহিলা, এবছৰতকৈ কম বয়স আৰু জ্বৰ থকা শিশুক এই প্ৰতিষেধক দিব নালাগে। মাম্পছৰ জটিল অৱস্থা কি হব পাৰে? মাম্পছৰ ফলত কেতিয়াবা মগজুত সংক্ৰমণ হব পাৰে। এইটো এটা অতি জটিল অৱস্থা। পুৰুষৰ অণ্ডকোষ প্ৰভাৱিত হৈ ভবিষ্যতে বন্ধ্যতও হব পাৰে। উৎস: আইএনডিজি দল।