পলিঅ’ৰ সংক্ৰমণৰ ফলত আক্ৰান্ত ব্যক্তিৰ সমগ্ৰ শৰীৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়। কিন্তু সদায় স্নায়ুতন্ত্ৰ আৰু পেশীৰ ক্ষতি কৰেই। কাৰণ এবিধ ভাইৰাছৰ সংক্ৰমণৰ ফলত পলিঅ’ হয়। পলিঅ’ৰ ভাইৰাছ মানুহৰ শৌচৰ যোগেৰে সংক্ৰমিত হয়। যিবোৰ অঞ্চলত লেতেৰা, বৰ্জিত পায়খানাৰ পানী ভাগে কুঁৱা, পুখুৰী আদিৰ পানীক দূষিত কৰে; আৰু এনে পানীত গা ধুৱা বা ব্যৱহাৰ কৰাৰ ফলতে সৰু বৰ সকলোকে এই ভাইৰাছে আক্ৰমণ কৰাৰ ভয় থাকে। এই ভাইৰাছ কোনো সংক্ৰমিত ব্যক্তিৰ শৌচৰ লগত ওলাই সুস্থ ব্যক্তিৰ মুখ বা নাকেৰে শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে। এই ভাইৰাছে মানুহৰ নাকেৰে বা মুখেৰে শৰীৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছত ই পাকস্থলী পায়গৈ। তাতে এই ভাইৰাছে হাজাৰ হাজাৰ নতুন ভাইৰাছৰ সৃষ্টি কৰে। ইয়াৰ পাছত শৌচৰ দ্বাৰা এইবোৰ বাহিৰ ওলাই আহে। এনেদৰে এই ভাইৰাছৰ জীৱন চক্ৰ চলি থকাৰ লগতে সমগ্ৰ গাওঁ-বস্তিক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ পৰিব পাৰে। উপসৰ্গ অতি কম পৰিমাণৰ সংক্ৰমণ মধ্যমিয়া সংক্ৰমণ (মগজু আৰু মেৰুদণ্ড) মগজু আৰু মেৰুদণ্ডত অতি বেছি সংক্ৰমণ বহু ক্ষেত্ৰত ৰোগীৰ দেহত কোনো উপসৰ্গই দেখা পোৱা নাযায়। কিছুমানৰ ক্ষেত্ৰত দেখা দিয়ে উপসৰ্গবোৰ হ’ল ফ্লুৰ দৰে ভাৱ। পেটৰ বিষ। ডায়েৰিয়া। বমি। মাত ভঙা। অলপ জ্বৰ। মূৰৰ বিষ। সংক্ৰমণৰ লক্ষণ। অলপ অলপ জ্বৰ। ডিঙি ঘূৰাব নোৱাৰা। বিভিন্ন মাংসপেশীৰ বিষ। পিঠিৰ বিষ। পেটৰ বিষ। পেশী টানি ধৰা, লৰাব নোৱাৰা। ডায়েৰিয়া। ছালৰ খজুৱতি। ভাগৰুৱা ভাৱ আৰু দূৰ্বলতা পৰ্য্যায়ক্ৰমে মাংসপেশীৰ দূৰ্বলতা বাঢ়ি যোৱা, নাৰ্ভৰ ক্ষতিৰ ওপৰত নিৰ্ভৰ কৰি লাহে লাহে মাংসপেশীবোৰ অকামিলা হৈ কিছুমান অংশ পেৰালাইছিছ হৈ পৰা (যেনে, বাহু, ভৰি আদি)। পেশীবোৰত বিষ, টান হৈ পৰা আৰু শিৰামূৰি ধৰা (কান্ধ, পিঠি, হাত, ভৰি) ডিঙি ঘুৰাব নোৱাৰা, ডিঙি চিধা কৰি ৰাখিব নোৱাৰা, হাত ভৰি দাঙিব নোৱাৰা। অস্বস্থি। পেট উখহি যোৱা। উশাহ বন্ধ হোৱা। মুখেৰে ভাব ভংগী প্ৰকাশ কৰিব নোৱাৰা। শৌচ পেচাবত কষ্ট পোৱা। গিলোতে অসুবিধা পোৱা। উশাহ লওতে অসুবিধা পোৱা। অতি জটিল অৱস্থা হূদযন্ত্ৰৰ পেশী আক্ৰান্ত হোৱা, ক’মা, মৃত্যু। বিপদজনক কাৰণ: শিশুসকলৰ এই ৰোগৰ সম্ভাৱনা অতি বেছি। বিশেষকৈ যিসকলে নিজে শৌচ কৰিবলৈ যাব নোৱাৰে। প্ৰতিষেধক নোলোৱা প্ৰাপ্তবয়স্কসকল। মলমূত্ৰৰ পৰা মাখি আহি খাদ্য বস্তুত পৰা অঞ্চলবোৰ। জলভাণ্ডাৰ দূষিত হোৱা (ব্যৱহাৰৰ পানীভাগত নলা নৰ্দমাৰ পানী মিহলি হোৱা)। দেহৰ প্ৰতিৰোধক ক্ষমতা নোহোৱা হোৱা যেনে, AIDS, কেঞ্চাৰ। পলিঅ’ প্ৰতিৰোধ নিজৰ লগতে চাৰিওকাষ পৰিস্কাৰকৈ ৰাখিব লাগে। শিশুক প্ৰতিষেধক ভেকচিন দিব লাগে। পুষ্টিকৰ আহাৰ গ্ৰহন। উত্স: আইএনডিজি দল।