কুষ্ঠ ৰোগ এবিধ বিজাণুৰ পৰা হয়। যক্ষ্মা বা ডিফথেৰিয়াৰ দৰে ই বাহক বাহিত ৰোগ হ’লেও অতি কম পৰিমাণে সোঁচৰে। বহুদিন ধৰি চিকিত্সা নকৰা আক্ৰান্ত ব্যক্তিৰ লগত ওচৰ সম্পৰ্ক ৰাখিলে এই ৰোগ আন ব্যক্তিলৈ সোঁচৰিব পাৰে। লক্ষণ ছালৰ এটি অংশ বিবৰ্ণ হৈ যোৱা। লাহে লাহে চুলে সংবেদনশীলতা নোহোৱা। হাত-ভৰিৰ অসাৰতা। মুখ, নিতম্ব, পিঠি আৰু আন ঠাইত মসৃন ৰঙা দাগে দেখা দিয়া। এইবোৰ সাৰশূন্য হবও পাৰে নহবও পাৰে। চিকিত্সা কুষ্ঠৰোগ সম্পূৰ্ণৰূপে ভাল কৰিব পৰা যায়। চিকিত্সকে পৰীক্ষা কৰি কুষ্ঠৰোগ হোৱা বুলি নিশ্চিত হ’লে তলত দিয়া ধৰণে কৰিব লাগে। কুষ্ঠৰোগ ভাল নহয় বা আনৰ গালৈ সোঁচৰিব বুলি ভয় খোৱা অনুচিত।মাল্টি ড্ৰাগ থেৰাপী (এমডিটি)মাল্টি ড্ৰাগ থেৰাপীৰে যিকোনো স্তৰৰ কুষ্ঠৰোগ ভাল কৰিব পাৰি। এই ঔষধ নিয়মীয়াকৈ খাব লাগিব। এই থেৰাপীত কিছুমান কেপচুল আৰু টেবলেট দিয়া হয়।সকলো জিলাৰ চিকিত্সালয়, কমিউনিটি স্বাস্থ্য কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কুষ্ঠৰোগ গোটত এই থেৰাপীৰ ঔষধ বিনামূলীয়াকৈ পোৱা যায়।চিকিত্সকৰ পৰামৰ্শমতে যিমান ঔষধ যিমান দিনলৈ খাবলৈ দিয়ে ঠিক তেনে দৰেই খাব লাগে।ঔষধ খোৱাৰ সময়টো নিজে ঠিক কৰি লব লাগে-যাতে এদিনো ক্ষতি নোহোৱাকৈ ঔষধ খোৱা হয়। দুপৰীয়া ভাত খোৱাৰ পাছত খালেই ভাল। এনে সময়ত সাধাৰণতে পাহৰা নাযায়। কুষ্ঠ সম্পৰ্কীয় কিছু ভুল ধাৰণা আজিও বহুলোকে ভাবে যে কুষ্ঠৰোগ বংশগত, অনৈতিক কাৰ্য্যকলাপৰ বাবে হোৱা, দূষিত তেজ, শুকান মাছ খোৱা আদিৰ বাবে হয়। বহুতে ভাবে যে কুষ্ঠৰোগ কোনো বিশেষ কিছুমান পৰিয়ালৰ লোক আৰু স্পৰ্শ কৰাৰ বাবে হয়। অংগ বিকৃতিৰ লগত কুষ্ঠৰোগৰ সম্পৰ্ক আছে। অংগ বিকৃতি হোৱাৰ পাছত কুষ্ঠ হয়। কুষ্ঠৰোগ অতিমাত্ৰাৰ সোঁচৰা ৰোগ। ইয়াৰ সংক্ৰমণৰ ফলত অংগ বিকৃতি হয়। কুষ্ঠৰোগৰ কোনো চিকিত্সা নাই- ভাল কৰিব নোৱাৰি। কুষ্ঠৰোগীৰ সন্তানৰ কুষ্ঠৰোগ হবই। উৎস: আইএনডিজি দল।