সাধাৰণ ইনফ্লুয়েঞ্জা- ফ্লুৰ বিষয়ে- ঋতু পৰিৱৰ্তনৰ ফলত বতৰ পৰিৱৰ্তিত হয়। বতৰ পৰিৱৰ্তনৰ লগে লগে তুলনামূলকভাৱে গ্ৰীষ্মকালত বেছিকৈ হোৱা এবিধ সংক্ৰামক ৰোগ হ’ল সাধাৰণ ইনফ্লুয়েঞ্জা বা ফ্লু। বহুতে ইয়াক চৰ্দি-জ্বৰ অথবা পানীলগা জ্বৰ বুলিও কয়। যিকোনো বয়সৰ লোকৰ, বছৰৰ যিকোনো সময়তে ফ্লু হ’ব পাৰে, তথাপি সাধাৰণতে শীতকাল শেষ হৈ গ্ৰীষ্মকাল আৰম্ভ হ’বলৈ আৰম্ভ কৰা মাৰ্চ মাহৰ পৰা ইয়াৰ প্ৰকোপ বাঢ়ি অহা দেখা যায়। তুলনামূলকভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতা কমকৈ থকা আৰু সহজতে ভাইৰাছৰ সংস্পৰ্শলৈ অহা বাবে কেঁচুৱা, শিশু আৰু বৃদ্ধসকলৰ ক্ষেত্ৰত ফ্লু বেছিকৈ হোৱা দেখা যায়। অৱশ্যে কিছুমান উপায় মানি চলিলে ফ্লুৰ পৰা সহজে হাত সাৰি থাকিব পাৰি। ফ্লু কি আৰু কেনেকৈ হয় ? ফ্লু এক সংক্ৰমকজনিত ৰোগ নানাবিধ ভাইৰাছৰ সংক্ৰমণৰ ফলত ফ্লু হয়। বতৰৰ সঘন পৰিৱৰ্তন হৈ থকা, প্ৰদূষিত, লেতেৰা আৰু ধূলি-বালি অধিক থকা ঠাইত ফ্লু ভাইৰাছ অধিক বৃদ্ধি হয়। এনেকুৱা ঠাইবোৰত এই ভাইৰাছবোৰ সহজে দ্ৰুতগতিত সোঁচৰে বাবে এনেকুৱা ঠাইত বসবাস কৰা ব্যক্তিৰ মাজত ফ্লু অধিক হোৱা দেখা যায়। পুষ্টিহীনতাত ভোগা আৰু কোনো ব্যক্তিৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা হ্ৰাস পালেই এই ফ্লু ভাইৰাছবোৰে ব্যক্তিজনক আক্ৰমণ কৰে আৰু ব্যক্তিজনৰ কাহ আৰু হাঁচিৰ যোগেৰে বিয়পি পৰে। ফ্লু ভাইৰাছ থকা লোকৰ লেলাউটি, নাক আৰু ডিঙি আদিৰ পৰা ওলোৱা বিজলুৱা পদাৰ্থৰ জৰিয়তেও ই বিয়পে। এটা হাঁচিয়ে বতাহত সহস্ৰ ফ্লু ভাইৰাছ মেলি দিয়ে। বতাহত বিয়পা এই ভাইৰাছে পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে নথকা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা লোকক সহজতে আক্ৰমণ কৰে। ভিৰ এলেকাত ইয়াৰ সংক্ৰমণ অধিক হয়। (উৎসঃ অসমীয়া খবৰ, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ)।