ইংৰাজীৰ স্কেন বোলা শব্দটোৰ লগত আজিকালি বহুলোকেই পৰিচিত হ’ব ধৰিছে। প্ৰকৃততে ই হৈছে কম্পিউটাৰৰ লগত জড়িত এটি শব্দ। আমি এইটো জানো যে সাধাৰণ অৱস্থাত কোনো কম্পিউটাৰে ছবি বা কিতাপ-আলোচনীৰ কোনো অংশৰ ছবি প্ৰত্যক্ষভাৱে সংগ্ৰহ কৰি ধৰি ৰাখিব নোৱাৰে। কিন্তু ‘স্কেনাৰ’ নামৰ এটি যন্ত্ৰৰ সহায়ত উক্ত দুয়ো ধৰণৰ কামকে কৰিব পৰা যায়। স্কেনাৰ যন্ত্ৰৰ লগত কম্পিউটাৰ এটোকা সংলগ্ন কৰি ‘স্কেনাৰ’ৰ ওপৰত ছবি বা আখৰ থকা অংশ ৰাখি যন্ত্ৰটো চলালে বস্তুখিনিৰ প্ৰতিচ্ছবি কম্পিউটাৰত সংগৃহিত হয় আৰু পিছত কম্পিউটাৰৰ পৰা সেইখিনি প্ৰিণ্টৰ ৰূপত উদ্ধাৰ কৰিব পৰা হয়। এইদৰে ‘স্কেনাৰ’ৰ জৰিয়তে কম্পিউটাৰলৈ বস্তুৰ প্ৰতিচ্ছবি স্থানান্তৰ প্ৰক্ৰিয়াৰ নামেই হৈছে স্কেনিং বা স্কেন কৰা, সংক্ষেপে স্কেন। একেদৰেই চি টি স্কেনো হৈছে স্কেন-কম্পিউটাৰৰ জৰিয়তে শৰীৰৰ প্ৰয়োজনীয় অংশৰ প্ৰতিচ্ছবি সংগ্ৰহ কৰি উঠি বিশ্লেষণৰ দ্বাৰা ৰোগৰ প্ৰকৃতি সম্পৰ্কে অনুসন্ধান চলোৱা এক পদ্ধতি। ইয়াৰ সম্পূৰ্ণ নামটো হৈছে ‘কম্পিউটাৰ টম’গ্ৰাফী স্কেনিং’ , সংক্ষেপে চি টি স্কেন। মূলতঃ নিয়ন্ত্ৰিত ৰূপত এক্সৰশ্মি কৌশলেৰে মানৱ দেহত প্ৰয়োগ কৰি লাভ কৰা প্ৰতিচ্ছবি কম্পিউটাৰৰ সহায়ত নিৰীক্ষণ কৰা ই এটি ব্যৱস্থা। এই ব্যৱস্থাত তিনিটা মূল প্ৰায়োগিক অংশ থাকে। সেইকেইটা হৈছে- স্কেনিং গেণ্টি, কম্পিউটাৰ চিষ্টেম আৰু ভিডিঅ’ মনিটৰ। এইটো উল্লেখ কৰা হৈছেই যে চি টি স্কেনৰ ক্ষেত্ৰত নিয়ন্ত্ৰিত ৰূপত এক্স ৰশ্মিৰ ব্যৱহাৰ কৰা হয়। সেয়া কিছু সুবিধাৰ বাবে। বিশেষকৈ এক্স ৰশ্মি ৰোগীৰ দেহত সঘনাই প্ৰয়োগ কৰি থাকিলে স্নায়ুৰ ক্ষতি হোৱাৰ লগতে পেশীৰো ক্ষতি হোৱাৰ অৱকাশ থাকে। বহু সময়ত ইয়াৰ প্ৰভাৱত ৰোগী কৰ্কট ৰোগৰ বলি হ’ব লগা হয় বুলিও অভিযোগ পোৱা যায়। এইক্ষেত্ৰত গৰ্ভৱতী মহিলাৰ নিজৰ লগতে সন্তানৰো ক্ষতি হোৱাৰ সম্ভাৱনা থাকে বুলি উল্লেখ পোৱা যায়। আনহাতে, এই ৰশ্মিয়ে হাড়ৰ মজ্জা আৰু মগজুৰ ভিতৰলৈ সোমাব পৰা হেতুকে হাড়ৰ ভিতৰ আৰু মগজুৰ ভিতৰত সততে অনুসন্ধান কৰিব নোৱৰা অংশৰ অনুসন্ধান কৰি চিকিৎসাৰ উপায় কৰিব পৰা হয়। তথাপি অৱশ্যে এনে কামত যি ৰশ্মি ব্যৱহাৰ কৰা হয় সেয়া মূলতঃ এক্স ৰশ্মিয়েই হোৱাত ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰতো কিছু সতৰ্কতা অৱলম্বনৰ প্ৰয়োজনীয়তা থাকে। চি টি স্কেন কৰাৰ সময়ত ওপৰত উল্লেখ কৰি অহা এক্স ৰশ্মি শৰীৰৰ অনুসন্ধান চলাবলগীয়া অংশত সোমাবলৈ দিয়া হয়। তেতিয়া সেই ৰশ্মি শৰীৰৰ বিভিন্ন অংশলৈ গৈ শোষিত হয়। আৰু সেইখিনি তেনে অৱস্থাত কম্পিউটাৰত থকা ‘ডিটেক্ট’ৰ’ৰ সহায়ত চিনাক্ত কৰি বিশ্লেষণৰ উপায় কৰা হয়। মন কৰিবলগা যে দেহত এই ৰশ্মিৰ শোষণৰ পৰিমাণ কোষ আৰু কলাভেদে বেলেগ বেলেগ হয়। সাধাৰণতে কলাৰ ঘনত্বৰ তাৰতম্য অৰ্থাত্ কম-বেছিৰ ওপৰতে এই ৰশ্মিৰ শোষণৰ মাত্ৰা নিৰ্ভৰ কৰে- কম ঘনত্বৰ কলা (একেধৰণৰ কাম কৰা কোষৰ সমষ্টি)ই কমকৈ আৰু বেছি ঘনত্বৰ কলাই বেছিকৈ এই ৰশ্মি শোষণ কৰিব। গতিকে এনে তাৰতম্যৰ ৰূপ কম্পিউটাৰৰ মনিটৰত নিৰীক্ষণ কৰি আঘাত পোৱা ঠাই বা অসুখ হোৱা ঠাই চিনাক্ত কৰি চিকিৎসাৰ ব্যৱস্থা কৰাৰ সুবিধা হয়। চি টি স্কেনৰ এনে পদ্ধতি উদ্ভাৱনৰ বাবে দুজনা বিজ্ঞানী ইংলেণ্ডৰ হাউসফিল্ড আৰু আমেৰিকাৰ এ এম কৰমেকক যুটীয়াভাৱে ১৯৭১ চনৰ ন’বেল পুৰষ্কাৰ প্ৰদান কৰা হয়। চি টি স্কেন ব্যৱস্থা উদ্ভাৱনৰ আগলৈ ৰোগীসকলহে যে সমস্যাৰ সন্মুখীন হৈছিল এনে নহয়। চিকিৎসকসকলো তেতিয়ালৈ বাৰুকৈ সমস্যাৰ সন্মুখীন হৈ আহিছিল। কিয়নো সাধাৰণ এক্স ৰশ্মিৰে অনুসন্ধান কৰিব নোৱৰা অংশ যেনে- হাড়ৰ মজ্জা, মগজুৰ ভিতৰ ভাগ আৰু স্নায়ুতন্ত্ৰত ঘটা আঘাত, ৰোগ আদিৰ চিনাক্তকৰণত বিশেষ অসুবিধা হৈছিল। কিন্তু আজিকালি চি টি স্কেনৰ সহায়ত সহজেই চিনাক্ত কৰি চিকিৎসা কৰাৰ পথো প্ৰশস্ত হৈ উঠিছে। ফলত কোনা দুৰ্ঘটনা আদিৰ ফলত মগজুৰ কোন অংশৰ পৰা ৰক্তক্ষৰণ হৈছে, শৰীৰৰ কোন অংশত প্ৰকৃততে তীব্ৰ আঘাত পোৱা গৈছে আৰু সেই আঘাতৰ ফলত দেহৰ ভিতৰ ভাগত কি পৰিৱৰ্তন সাধিত হ’ব ধৰিছে। এই সকলো চি টি স্কেন চায়েই অভিজ্ঞ চিকিতসকে তাত্ক্ষণিকভাৱে জনাটো সম্ভৱ হৈ উঠিছে। ফলত চিকিৎসকৰ চিকিৎসা নিৰ্ভুল হোৱা, চিকিৎসাৰ খৰচ কমা আৰু ৰোগীয়ে সোনকালে আৰোগ্য লাভ কৰাৰ সুবিধাও ওলাব ধৰিছে। লেখকঃ অৰ্পণ দত্ত, আমাৰ অসম