ৰক্তবাহী নলীত তেজ ডকা বন্ধা বাবে সাময়িকভাৱে মগজুলৈ ৰক্ত চলাচল ব্যাহত হ’লে তাক ট্ৰেনজিয়েণ্ট ইস্কেমিক এটাক বুলি কোৱা হয়। ষ্ট্ৰোকৰ দৰে টি আই এ ৰোগৰো কেইটিমান লক্ষণ আছে। কিন্তু এইবোৰ সমায়িক আৰু মগজুৰ গুৰুতৰ ক্ষতি কৰিব নোৱাৰে। ষ্ট্ৰোক হোৱাৰ এমাহ, এসপ্তাহ, এদিন বা এঘণ্টামান আগতে টি আই এ ৰ লক্ষণে দেখা দিব পাৰে। টি আই এ হ’লে ততালিকে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। টি আই এ বা মিনি ষ্ট্ৰোক হ’লে ষ্ট্ৰোক বা হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা এশ শতাংশই থাকে। আগতীয়াকৈ চিকিৎসকৰ পৰামৰ্শ ল’লে স্ংকটজনক অৱস্থাৰ পৰা হাত সাৰি থাকিব পাৰি। TIA হ’ল- Transient: লক্ষণবোৰ ২৪ ঘণ্টাৰ বেছি নাথাকে। Ischacmic: মগজু বা চকুলৈ তেজৰ চলাচল বন্ধ হৈ যায়। Attack: ব্যক্তি অনুযায়ী মগজু বা চকুৰ কোনটো অংশলৈ ৰক্ত চলাচল বন্ধ হয়, সেয়া বেলেগ বেলেগ হয়। TIA হ’লে কাৰ সহায় ল’ব ততালিকে এম্বুলেন্স সেৱালৈ ফোন কৰিব। ৰোগীক ওচৰত হস্পিতালত ভৰ্তি কৰাব। ঘৰুৱা চিকিৎসক থাকিলে ততালিকে মাতি পঠিয়াব। কেইটিমান কথা মনত ৰাখিব ষ্ট্ৰোকৰ লক্ষণবোৰ হঠাতে দেখা দিব পাৰে। TIA হৈছে ষ্ট্ৰোকৰ পূৰ্ব লক্ষণ। আগতীয়াকৈ চিকিৎসা কৰিলে ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা কম হয়। উল্লেখ্য যে মিনি ষ্ট্ৰোকক চমুকৈ (Transient Ischemic Attack) টি আই এ বুলি কোৱা হয়। মিনি ষ্ট্ৰোক হ’লে অগাতীয়াকৈ চিকিৎসা কৰা নকৰিলে পিছলৈ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা থাকে। তথ্য অনুসৰি, আমেৰিকাত প্ৰতি বছৰে প্ৰায় ২০ হেজাৰৰ পৰা ৫০ হেজাৰ লোক মিনি ষ্ট্ৰোক বা টি আই এত আক্ৰান্ত হয়। ষ্ট্ৰোক হ’লে কি প্ৰভাৱ পৰে ষ্ট্ৰোক হ’লে মগজুলৈ তেজৰ চলাচল ব্যাহত হয়। বেছি স্ংখ্যকৰে ষ্ট্ৰোক ৰক্তবাহী নলীত তেজ ডকা বন্ধাৰ বাবে হয়। তেজন ডকা বন্ধা ঠাইখিনিত ততালিকে মগজুৰ কোষবোৰ মৰিবলৈ ধৰে। আনহাতে চেৰিব্ৰেল হেমোৰেজ হ’লে ৰক্তবাহী নলী ফাটি যায়। এবাৰ মগজুৰ কোষবোৰ মৰি গ’লে সিহতৰ কমাবোৰ বন্ধ হৈ যায়। ষ্ট্ৰোক হ’লে যি অংশত প্ৰভাৱ পৰে, সেই অংশ অকামিলা হৈ পৰে। যদি ততালিকে চিকিৎসা কৰা হয়, তেতিয়াহ’লে মগজুৰ কোষবোৰক বচাই ৰখা সম্ভৱ হয়। তদুপৰি ষ্ট্ৰোক হোৱাৰ আশ্ংকাই দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’লে গুৰুতৰ সমস্যাৰ পৰা বাচি থাকিব পাৰি। মগজুৰ চাৰিটা ভাগ থাকে। সোঁ হেমিছফিয়েৰ, বাওঁ হেমিছেফিয়েৰ, চেৰিবেলাম আৰু ব্ৰেইন ষ্টেম। মগজুৰ কোন অংশত ষ্ট্ৰোক হৈছে, তাৰ ওপৰত ক্ষয়-ক্ষতি নিৰ্ভৰ কৰে। সোঁ হেমিছফিয়েৰ ষ্ট্ৰোকৰ বাবে সোঁ হেমিছফিয়েৰৰ ক্ষতি হ’লে তলত দিয়া লক্ষণবোৰ দেখা দিয়ে। দূৰত্ব ধৰিব নোৱাৰা হয়। সাময়িকভাৱে স্মৃতি লুপ্ত হয়। আচাৰ-আচৰণ উদ্বেগজনক হয়। দেহৰ বাওঁ অংশৰ পক্ষাঘাত হয়। বাওঁ হেমিছফিয়েৰ দেহৰ সোঁ অংশৰ পক্ষাঘাত হয়। কথা কোৱাত সমস্যা হয়। সাময়িকভাৱে স্মৃতিশক্তি লুপ্ত হয়। চেৰিবেলাম মূৰ আচন্দ্ৰাই কৰে। বমি হয়। থিয় হৈ থাকিব নোৱাৰি পৰি যায়। কথা কোৱাত সমস্যা হয়। ব্ৰেইন ষ্টেম সম্পূৰ্ণৰুপে পক্ষাঘাত্ হয়। ৰোগী কমা অৱস্থা পায়। কোনো লক্ষ্যবস্তু দুটাকৈ দেখে। বস্তু চোবাই খাব নোৱাৰে। মৃত্যু পৰ্যন্ত ঘটিব পাৰে। ষ্ট্ৰোকৰ পিছত দেখা দিয়া কুফলবোৰ কিদৰে আঁতৰাব মিনি ষ্ট্ৰোকৰ বাবে যিবোৰ সমস্যাই দেখা দিব দিয়ে, সেইবোৰ সহজে আঁতৰ কৰিব পাৰি আৰু মানুহজনে স্বাভ্বাৱিক অৱস্থালৈ ঘুৰি আহিব পাৰে। আন ক্ষেত্ৰত শাৰীৰিক সমস্যাবোৰ থকি যায়। যেনে-স্পষ্টভাৱে কথা ক’ব নোৱাৰে, দেহৰ এফাল অসাৰ হৈ পৰে। ফলত ৰোগীক সদায় পৰিচৰ্যা কৰিব লাগে। প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰা হয়। ষ্ট্ৰোকত আক্ৰান্ত হৈ বিছনাত পৰি থকা ৰোগীক ‘স্পিচ থেৰপি’ দিব লাগে, তেতিয়া কথা বতৰা পাতিব পৰা হয়। খোৱা বস্তু চোবাব পৰা হয়। অকুপেছনেল থেৰাপিষ্ট আৰু ফিজিকেল থেৰাপিষ্টৰ সহায় ল’লে চলা-ফিৰা কৰাত সহজ হয়। মনত ৰাখিব ষ্ট্ৰোক হ’লে বিভিন্ন সমস্যাই দেখা দিয়ে। সেয়া নিৰ্ভৰ কৰে মগজুৰ কোনটো অংশ আক্ৰান্ত হৈছে তাৰ ওপৰত। ষ্ট্ৰোক হোৱাৰ আশ্ংকা কৰিলে ততালিকে চিকিৎসকৰ পৰামৰ্শ ল’ব। থেৰাপিষ্টৰ সহায় ল’ব। স্বাস্থ্য আৰু দীৰ্ঘজীৱন