কিডনিত পাথৰ সংজ্ঞা কিডনিৰ শিল সৰু সৰু গোটা শিলৰ দৰে পদাৰ্থ। এটা বা সৰু সৰু বহুত এনে টুকুৰা কিডনিত হ’ব পাৰে। আন নাম ৰেনেল কেলকুলি, নেফ্ৰলিথিয়াছিছ, কিডনি পাথৰ। কাৰণ কিবা পদাৰ্থৰ বাবে যেতিয়া প্ৰস্ৰাৱ অতি ঘন হয়, তেতিয়া কিডনিত শিল হ’ব পাৰে। সেই পদাৰ্থবোৰে সৰু সৰু ক্ৰিষ্টেল বা দানা তৈয়াৰ কৰে আৰু সেইবোৰ লগ লাগি ডাঙৰ এটুকুৰা শিললৈ ৰূপান্তৰিত হয়। মূত্ৰনলীৰ ফালে তললৈ নামি নহালৈকে ইয়াৰ কোনো লক্ষণ দেখিবলৈ পোৱা নাযায়। নামি আহিলে বিষ আৰম্ভ হয়। এই বিষ সাধাৰণতে অতি তীব্ৰ হয়। কাষেৰে নামি আহি কৰঙনৰ চুকলৈ যায়। কিডনি পাথৰ প্ৰায়েই হোৱা দেখা যায়। ৭০ বছৰ বয়সৰ ভিতৰত ৫ শতাংশ মহিলা আৰু ১০ শতাংশ পুৰুষৰ কমেও এবাৰ এই ৰোগ হোৱা দেখা যায়। এবাৰ এই ৰোগ হ’লে পিছত আকৌ এনে ৰোগ হোৱাটো বেছি সংখ্যকৰ মাজত পৰিলক্ষিত হয়। সময়্তকৈ আগতে জন্ম পোৱা শিশুৰ ক্ষেত্ৰত এই ৰোগ অতি স্বাভাৱিক। এই পাথৰ কেইবা ধৰণৰ হয় কেলছিয়ামৰ পাথৰ বেছিকৈ হয়। পুৰুষৰ ক্ষেত্ৰত ২ৰ পৰা তিনিগুণ বেছি হয়। ২০ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰত হোৱা দেখা যায়। পুনৰ হোৱাৰ সম্ভাৱনা থাকে। এই পাথৰত কেলছিয়ামৰ লগতে অক্সালেট (প্ৰায়েই থাকে) ফচফেট বা কাৰ্বনেটো থাকিব পাৰে। অক্সালেট কিছুমান খাদ্যবস্তুত থাকে। ক্ষুদ্ৰান্তৰ ৰোগৰ বাবে কেলছিয়ামঅক্সালেট পাথৰ প্ৰস্তুত হোৱাৰ প্ৰৱনতা অধিক। পুৰুষৰ ক্ষেত্ৰত ইউৰিক এচিড পাথৰ হোৱা প্ৰায়ে দেখা যায়। বাতবিষ আৰু কেম’থেৰাপীৰ লগত ইয়াৰ সম্পৰ্ক আছে। কিডনি পাথৰৰ ১০ শতাংশ এনে এচিড পাথৰ হয়। চিষ্টিন পাথৰ চিকিনুৰিয়া থকা লোকৰ হয়। এই ৰোগ বংশগতভাৱে হয়। ষ্ট্ৰুভাইট পাথৰ বিশেষভাৱে মহিলাসকলৰ মাজত হোৱা দেখা যায়। মূত্ৰনলীত সংক্ৰমণ হোৱাৰ ফলত এনে পাথৰ হয়। এইবিধ পাথৰৰ আকাৰ যথেষ্ট ডাঙৰ হ’ব পাৰে। ই কিডনি, আন কিছুমান বস্তু ক্ৰিষ্ট্ৰেল হৈ ঘন হৈ পাছলৈ পাথৰ হ’ব পাৰে। লক্ষণ কাষ আৰু ডিঙিৰ বিষ এফালে বা দুয়োফালে হয়। লাহে লাহে বাঢ়ি যায়। তীব্ৰ। মোঁচৰাৰ দৰে। (পেশী সংকোচনৰ দৰে) একেঠাইতে নতুবা তলৰ কাষত, শ্ৰোণী, কৰঙনৰ চুক, প্ৰজনন অংগলৈ বিয়পি পৰিব পাৰে। অৰুচি, বমি। খুব জোৰে আৰু ঘনাই পেচাবৰ ভাব হয়। এই অৱ্স্থা বাঢ়ি যায় (অনবৰতে প্ৰস্ৰাৱৰ ভাৱ হয়)। প্ৰস্ৰাৱ তেজ পৰে। পেটৰ বিষ। প্ৰস্ৰাৱ কৰোতে বিষায়। নিশা বেছিকৈ প্ৰস্ৰাৱ হয়। প্ৰস্ৰাৱ ওলাই নাহে। অণ্ডকোষ বিষায়। কৰঙনৰ চুক বিষায়। জ্বৰ। ঠাণ্ডা লগা। অনুসন্ধান আৰু পৰীক্ষা বিষ ইমানেই তীব্ৰ হয় যে, টোপনীৰ ঔষধ খাব লগাও হব পাৰে। পেট আৰু পিঠি চুই চালে কোমল হব পাৰে। পাথৰ যদি তীব্ৰ আৰু বাৰে বাৰে হয় তেন্তে কিডনি ফেইল হোৱাৰ আশংকা থাকে। মূত্ৰনলীত পাথৰ থাকিলে পেচাব চেকি চালে ধৰা পৰিব পাৰে। পাথৰবোৰ বিশ্লেষণ কৰি কি ধৰণৰ পাথৰ সেয়া জানিব পাৰি। পেচাব পৰীক্ষা কৰিলে পাথৰৰ টুকুৰা আৰু তেজৰ কোষ পোৱা যাব পাৰে। ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হয়। এইবোৰ পৰীক্ষাত পাথৰ আৰু মূত্ৰনলীৰ বাধাবোৰ দেখা পোৱা যাব পাৰে: কিডনিৰ আল্ট্ৰাচাউণ্ড। আইভিপি (ইন্টাৰভেনচে পাইল’গ্ৰাম)। পেটৰ এক্সৰে। ৰেট্ৰগ্ৰেট পাইল’গ্ৰাম। পেটৰ চিটিস্কেন। পেট বা কিডনিৰ এমআৰআই। তেজ বা পেচাব পৰীক্ষা কৰি কেলছিয়ামৰ মাত্ৰা অধিক পোৱা গ’লে: মূত্ৰনলীত সংক্ৰমণ। ইউৰেটাৰত বাধা, একিউট ইউনিলেটাৰেল অৱস্ট্ৰাকটিভ ইউৰ’পেথী। কিডনিৰ অনিষ্ট, ঘাঁ লগা। আক্ৰান্ত কিডনিৰ কৰ্মদক্ষতা কমি যোৱা আৰু বন্ধ হোৱা। প্ৰতিৰোধ আগতে যদি পাথৰ হৈছিল-পেচাব পনীয়া কৰিবলৈ অধিক পৰিমাণৰ পানী বা জুলীয়া পদাৰ্থ খোৱা(৬ৰ পৰা ৮ গিলাচ পানী প্ৰতিদিনে) উচিত। পাথৰৰ ধৰণৰ ওপৰত ভিত্তি কৰি ঔষধ বা আন নিৰাময়ৰ ব্যৱস্থা লব পৰা যায়। বহুদিনীয়া মূত্ৰাশয়ৰ অকাৰ্য্যকাৰীতা সংজ্ঞা কিডনিৰ বৰ্জিত পদাৰ্থ বাহিৰ কৰি দিয়াৰ সক্ষমতা নথকা, প্ৰস্ৰাৱক ঘন কৰিব নোৱাৰা, ইলেকট্ৰ’লাইট ধৰি ৰাখিব নোৱাৰাৰ ফলত মূত্ৰাশয়ৰ দীৰ্ঘম্যাদী কাৰ্যক্ষমতা অকাৰ্য্যকাৰী হৈ পৰে। আন নাম কিডনি ফেইল- ক্ৰনিক মূত্ৰাশয় ফেইল-ক্ৰমিক, ক্ৰনিক ৰেনেল ইনচাফিচিয়েছি (চিআৰএফ)। কাৰণ তীব্ৰ মূত্ৰাশয়ৰ বিকলতাৰ ফলত কিডনিৰ কাম-কাজ ঠিকমতে নচলিলে দীৰ্ঘম্যাদী বিকলতা লাহে লাহে অধিক অৱনতি ঘটে। কিডনিৰ কাম-কাজ লাহে লাহে কমি যোৱা ধৰণৰ ৰোগবোৰৰ পৰা এই অৱস্থাৰ সৃষ্টি হয়। এই অৱস্থা অতি ধীৰ গতিত হ’ব পাৰে। এইবোৰ বাঢ়ি গৈ শেষ অৱস্থাত মূত্ৰাশয়ৰ ৰোগ হয়। এইৰোগত তৰল আৰু বৰ্জিত পদাৰ্থবোৰ শৰীৰত জমা হৈ থাকে। ইয়াৰ ফলত এজ’টেমিয়া আৰু ইউৰেমিয়া হয়। নাইট্ৰ’জেন বৰ্জিত পদাৰ্থ তেজত জমা হোৱাটোক এজ’টেমিয়া বোলা হয়। ইয়াৰ কোনো লক্ষণ দেখা নিদিবও পাৰে। ইউৰেমিয়া মূত্ৰাশয়ৰ বিকলতাৰ বাবে হোৱা এটা ৰোগগ্ৰস্থ অৱস্থা। ক্ৰমিক মূত্ৰাশয়ৰ বিকলতাৰ ফলত শৰীৰৰ সকলো অংগই প্ৰভাৱিত হয়। দেহত তৰল পদাৰ্থ জমা হৈ যোৱা আৰু ইউৰেমিয়াৰ ফলত অতি বেছি জটিলতাৰ সৃষ্টি হ’ব পাৰে। লক্ষণ প্ৰাথমিক লক্ষণবোৰৰ ভিতৰত আছে: নিজে নিজে ওজন কমি যোৱা। অৰুচি, বমি। সাধাৰণ অসুস্থতাৰ ভাৱ। অৱসাদ। মূৰৰ বিষ। ঘনাই হেকটি অহা। সাধাৰণ খজুঁৱতি। পিছলৈ দেখা দিব পৰা লক্ষণবোৰ: প্ৰস্ৰাৱৰ পৰিমাণ বাঢ়ি যোৱা বা কমি যোৱা। নিশা প্ৰস্ৰাৱ কৰিব লগা। সহজে থেতেলা খোৱা আৰু তেজ ওলোৱা। শৌচ আৰু বমিত তেজ ওলাব পাৰে। সতৰ্কতা কমি যোৱা। টোপনীৰ ভাৱ, এলেহুৱা ভাৱ। বিভ্ৰমতা, প্ৰলাপ। ক’মা। পেশী টানি ধৰা, মোঁচৰা খোৱা। থৰ লগা। ইউৰেমিক ফৰ্ষ্ট-ছালৰ ওপৰত আৰু তলত গুৰি গুৰি পদাৰ্থ জমা হোৱা। হাত, ভৰি আৰু আন অংগত অনুভূতি কমি যোৱা। এই ৰোগত অতিৰিক্তভাৱে কিছু লক্ষণ যোগ হ’ব পাৰে: নিশা বেছিকৈ প্ৰস্ৰাৱ হোৱা। অতিপাত পিয়াহ লগা। অস্বাভাৱিকতা। নিশাহত দূৰ্গন্ধ ওলোৱা। উচ্চ ৰক্তচাপ। আভোক। উদ্বেগ। অনুসন্ধান আৰু পৰীক্ষা অলপ বা খুব বেছি ৰক্তচাপ থাকিব পাৰে। স্নায়ুতন্ত্ৰৰ পৰীক্ষা কৰিলে পলিনিউৰ’পেথি দেখিবলৈ পোৱা যাব পাৰে। ষ্টেথিস্কোপত হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ অস্বাভাৱিক শব্দ শুনা যাব পাৰে। প্ৰস্ৰাৱ বিশ্লেষণ কৰিলে প্ৰটিন বা আন কিবা অস্বাভাৱিকতা পোৱা যাব পাৰে। লক্ষণে দেখা দিয়াৰ ৬ মাহৰ পৰা ১০ বছৰ বা তাৰ আগতেও প্ৰস্ৰাৱ পৰীক্ষা কৰিলে অস্বাভাৱিকতা দেখা পোৱা যাব পাৰে। ক্ৰিয়েটিনিনৰ মাত্ৰা লাহে লাহে বাঢ়িবলৈ লয়। বিএনিইউ ক্ৰমাগত বাঢ়িবলৈ লয়। ক্ৰিয়েটিনিনৰ পৰিষ্কাৰতা ক্ৰমাগতভাবে কমি যায়। পৰীক্ষাত পটাছিয়ামৰ মাত্ৰা বৃদ্ধি পোৱাটো পৰিলক্ষিত হয়। আৰটেৰিয়েল ব্লাড গেছ আৰু ব্লাড কেমেষ্ট্ৰী বিশ্লেষণত মেটাবলিক এচিড’ছিছ দেখা যায়। ক্ৰনিক ৰেনেল ফেইলাৰৰ নিৰ্দেশক হিচাবে আন আন পৰিৱৰ্তনবোৰৰ লগতে দুয়োটা কিডনি স্বাভাৱিক অৱস্থাতকৈ সৰু যেন দেখিবলৈ পোৱা যাব পাৰে: মূত্ৰাশয় বা পেটৰ এক্সৰে। পেটৰ চিটিস্কেন। পেটৰ এমআৰআই। পেটৰ আল্ট্ৰাচাউণ্ড। তলৰ পৰীক্ষাবোৰৰ ফল এই ৰোগে সলনি কৰি দিব পাৰে: প্ৰস্ৰাৱ পৰীক্ষা। ৰেনেল স্কেন। পিটিএইছ। চেৰাম মেগনেছিয়াম টেষ্ট। এৰিথ’পয়েটিন। এণ্ট স্কিন ইনফেকচন। চিকিৎসকক কেতিয়া দেখুৱাব লাগে? অৰুচি আৰু বমি যদি দুসপ্তাহতকৈ বেছি দিন ধৰি হৈ থাকে, তেন্তে চিকিৎসকক দেখুৱাব লাগে। প্ৰস্ৰাৱৰ পৰিমাণ কমি গ’লে আৰু দীৰ্ঘম্যাদী মূত্ৰাশয়ৰ বিকলতাৰ লক্ষণে দেখা দিলে চিকিৎসকক দেখুৱাব লাগে। প্ৰতিৰোধ তলত উল্লেখ কৰা ৰোগবোৰৰ উপযুক্ত চিকিৎসা কৰিলে দীৰ্ঘম্যাদী মূত্ৰাশয়ৰ বিকল হোৱাটো প্ৰতিৰোধ কৰিব পাৰি নতুবা বিকাশত পলম কৰিব পৰা যায়। মধুমেহ ৰোগীসকলে চেনী গ্ৰহণ নিয়ন্ত্ৰণত ৰাখিব লাগে। ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব লাগে। ধূমপান একেবাৰেই বন্ধ কৰিব লাগে। উৎস: আইএনডিজি দল।