অষ্টিঅ’আৰ্থ্ৰাইটিছ কি? বর্তমান আঁঠু বা Knee joint -ৰ লগত জড়িত এবিধ ৰোগ হৈছে অষ্টিঅ'আর্থ্রাইটিছ (Osteoarthritis)। আজিকালি প্ৰায় ৮০ শতাংশই অষ্টিঅ'আর্থ্রাইটিছ ৰোগ ভোগা দেখা যায়। বয়সৰ লগে লগে এই ৰোগ বৃদ্ধি পায়। ইয়াক শৰীৰৰ গাঁঠি বা Joint সমূহত সময় আৰু বয়সৰ লগে লগে হোৱা পৰিবৰ্তনৰ ফলত পৰা প্ৰভাৱ বুলি ক’ব পাৰি। শৰীৰৰ সকলো গাঁঠিj ভিতৰত যিহেতু আঁঠু বা knee joint-ই শৰীৰৰ অধিক ওজন বহন কৰিবলগীয়া হয়, গতিকে আঁঠুৰ অষ্টিঅ'আর্থ্রাইটিছত ভোগাটো এটা সাধাৰণ কথা। আর্থ্রাইটিছৰ কাৰণ বিভিন্ন হ'ব পাৰে। অষ্টিঅ'আর্থ্রাইটিছ আন আর্থ্রাইটিছতকৈ পৃথক। কাৰণ অষ্টিঅ'আর্থ্রাইটিছ সকলোৰে হ'ব পাৰে। প্ৰায় পঞ্চাশ বছৰৰ পিচত এজন লোকৰ এনে সমস্যা হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। কাৰণ বয়সৰ লগে লগে গাঁঠি বা জইণ্টবোৰৰ কাম কৰিব পৰা ক্ষমতা কমি আহে। ৫০ বছৰৰ আগতেও অষ্টিঅ'আর্থ্রাইটিছৰ সমস্যা হ'ব পাৰে আৰু পুৰুষ আৰু মহিলা দুয়োৰে সমানে সম্ভাৱনা থাকে। কিন্তু ৫০ বছৰৰ পিচত পুৰুষতকৈ মহিলাৰ এনে সমস্যাৰ সম্ভাৱনা দুগুণ-তিনিগুণ বাঢ়ি যায়। কাৰণ ৫০ৰ পিচত মহিলাৰ মেন'পজৰ পিচত Oestrogen হৰম'ন প্রায় শেষ হৈ যায়। ফলত হাড়, গাঁঠি আৰু কার্টিলেজত ক্ষয় আৰম্ভ হয়। শৰীৰত য'তেই গাঁঠি বা joint আছে, তাতেই ওপৰ আৰু তলৰ পৰা দুডাল বা তাতকৈ বেছি হাড় লগ লাগিহে গাঁঠি বা jointৰ সৃষ্টি হৈছে। ঠিক সেইদৰে আঁঠুৰ গাঁঠিটোও ওপৰৰ পৰা Feumar আৰু তলৰ পৰা Tibia আৰু Fibula নামৰ দুডাল হাড় লগ লাগি গঠন হৈছে। ওপৰৰ আৰু তলৰ হাড়ৰ মাজত, ঠিক গাঁঠিটোত কার্টিলেজ নামৰ ৰবৰৰ দৰে অংশ থাকে। কার্টিলেজ হ'ল ৰবৰৰ দৰে এক Tissue, যি ওপৰৰ আৰু তলৰ হাড়ৰ মাজত Cushionৰ দৰে কাম কৰে। চলাচল কৰোতে আঁঠুৰ গাঁঠিৰ ওপৰৰ আৰু তলৰ হাড় সুন্দৰভাবে যাতে এডালৰ ওপৰেদি আনডাল পিছলি যায় বা glide হয়, তাক নিয়ন্ত্রণ কৰে। কিন্তু কোনো কাৰণে যদি এই কার্টিলেজত ব্যাঘাত জন্মে, তেতিয়া চলাচল কৰিলে ওপৰৰ আৰু তলৰ হাড়ৰ মাজত ঘৰ্ষণ হয়, ফলত অত্যন্ত বিষ অনুভৱ হ'ব পাৰে। যিমানে ঘঁহনি খাব, সিমানে কার্টিলেজৰ ক্ষয় হ'ব আৰু সেই অংশত কিছুমান সৰু সৰু হাড়ৰ দৰে অংশৰ গঠন হ'ব। লগতে গাঁঠিৰ ওচৰৰ মাংসপেশী আৰু লিগামেন্টসমূহ দুৰ্বল হৈ পৰিব। আঁঠুত বিষ হ'ব আৰু আঁঠু ফুলি যাব। আঁঠুৰ অষ্টিঅ'আর্থ্রাইটিছৰ প্ৰধান কাৰণ- (১) বংশগত কাৰণ, (২) বয়স আৰু হৰম'নৰ প্ৰভাৱ, (৩) ওজন বৃদ্ধি, (৪) আগতে যদি হাড় আৰু কার্টিলেজত আঘাত হৈছিল সিও পিচলৈ অষ্টিঅ'আর্থ্রাইটিছৰ কাৰণ হ'ব পাৰে, (৫) অধিক সময় যদি আঁঠু কোঁচাই কাম কৰিবলগীয়া হয় বা অধিক ওজন দাঙিবলগীয়া হয়, (৬) খেলোতে যদি কেতিয়াবা আঘাত পাইছে, যেনে যদি আঁঠুত জোৰকৈ বল লাগিছে বা দৌৰাদৌৰি কৰোতে ভৰি কেতিয়াবা জোৰকৈ পাক খাই গৈছে, (৭) যেতিয়া হাড়ত তেজৰ চলাচল কমি যায়, (৮) অধিক ইউৰিক এচিড। আঁঠুৰ অষ্টিঅ'আর্থ্রাইটিছৰ লক্ষণসমূহ- (১) প্রধান লক্ষণ হ'ল আঁঠুত বিষ, জঠৰতা আৰু খোজ কাঢ়িবলৈ অসুবিধা। (২) প্রথম অৱস্থাত কোনো কাম কৰিলে আঁঠুৰ আৰু ভৰিৰ বিষ, বিশ্রাম কৰিলে আৰাম পায়, কিন্তু পিচত সকলো সময়তে বিষ। ৩) আঁঠুত Swelling বা ফুলি উঠা। (৪) আঁঠুৰ ওপৰত কোনো সময়ত ৰঙা পৰিব পাৰে আৰু চুলে গৰম অনুভৱ কৰিব পাৰে। (৫) আঁঠু কোঁচালে ভিতৰৰ পৰা কটক কটক শব্দ পাব পাবে, যাক Crapitus বুলি জনা যায়। (৬) মন কৰিবলগীয়া কিছুমান লোকৰ নাৰ্ভ দুৰ্বল হোৱাৰ ফলত আঁঠুত কোনো বিষ অনুভৱ নকৰিব পাৰে, কিন্তু আঁঠত swelling আৰু stiffness থাকিলে অষ্টিঅ'আর্থ্রাইটিছৰ সমস্যা হ'ব পাৰে যদিওবা বিষ নাথাকে। ল’ব লগা সাৱধানতা: অষ্টিঅ'আর্থ্রাইটিছক একেবাৰে ভাল নহয়। নিয়ন্ত্ৰণ কৰিব লাগিব। চিকিৎসাৰ প্ৰথম অৱস্থাত বিষৰ বাবে আৰু কার্টিলেজৰ ক্ষয় কম কৰিবলৈ ঔষধ দিয়া হয়। লগতে chronic বা পুৰণা বিষৰ ক্ষেত্রত Antidepressant জাতীয় ঔষধ দিয়া হয়। ফিজিঅ'থেৰাপি চিকিৎসা অতি গুৰুত্বপূৰ্ণ। Electrical TENS, IFT, LASER THERAPY আদিৰ সহায়ত বিষ কম কৰা হয় আৰু বিভিন্ন ধৰণৰ Strenthening exercise, quadricep exercise, stretching exercise, PNF আদিৰ সহায়ত আঁঠুৰ মাংসপেশীক শক্তিশালী কৰি ৰখা হয়। ১. অষ্টিঅ'আর্থ্রাইটিছত ভোগা লোক এজনে এক সুষম আহাৰৰ তালিকা অনুসৰণ কৰিব লাগে। ২. যথেষ্ট পৰিমাণে পানী খোৱাটো অতি প্রয়োজন। ৩.অত্যধিক খোজকাঢ়িব নালাগে আৰু খোজকাঢ়োতে knee capৰ ব্যৱহাৰ কৰিব লাগে। ৪. আঁঠু কোঁচোৱা বা squatting, চাপৰ ঠাই বা তলত আঁঠু কোঁচাই বহা, ছিৰি বগোৱা, ভৰিৰ ওপৰত ভৰি তুলি বহা বা Cross leg sitting কৰিব নালাগে। ৫.হাতত ওজন লৈ খোজকাঢ়িব নালাগে, কাৰণ সেই ওজন আঁঠুতে পৰিব। ৬.বেগাই খোজকাঢ়িব কেতিয়াও নালাগে। যদিহে একেবাৰে আঁঠুৰ গাঁঠিৰ হাড়ৰ মাজৰ Space কমি যায়, তেনেহ'লে তাত নার্ভ এনেভাবে চেপা খায় যে কোনোপ্ৰকাৰে বিষ নিয়ন্ত্রণ নহয়। সেই অৱস্থাত knee replacement surgeryৰ বাহিৰে আন উপায় নাথাকে। বর্তমান অতি সহজে এই surgery কৰা হয় আৰু এই surgeryৰ পিচত প্রায় ১৫-২০ বছৰলৈ এজন লোকে কোনো বিশেষ অসুবিধা নোহোৱাকৈ চলা-ফিৰা কৰিব পাৰে। উৎস: সাপ্তাহিক কাকত, সাদিন