ফ্ৰ’জেন ছ’লডাৰ একধৰণৰ ক্লিনিকেল লক্ষণ তথা মাংসপেশী সম্বন্ধীয় বাহুৰ গাঁঠিৰ আৱৰণীত দেখা দিয়া এক সমস্যা– যাৰ ফলত এজন ৰোগীয়ে নিজে কৰা কাম তথা আনে কৰাই দিয়া বা বাহ্যিকভাৱে কৰোৱাই দিয়া গতি সম্বন্ধীয় সমস্যাই দেখা দিয়ে। বহু ক্ষেত্ৰত ৰোগীয়ে নিজৰ চুলি ফণিওৱা, গা মচিব পৰা বা দুৱাৰ খুলিব পৰা আদি কাম ভালদৰে কৰিব নোৱৰা হৈ পৰে। ডায়েবেটিছ ৰোগী, কাৰ্ডিঅ’ভাছকুলাৰ ৰোগী, মাংসপেশীৰ ডিছ্ট্ৰফী আদি ৰোগীৰ ক্ষেত্ৰত ফ্ৰ'জেন ছ’লডাৰ সমস্যাটো বেছি হোৱা দেখা যায়। সাধাৰণতে ফ্র’জেন ছ’লডাৰ শব্দটো প্ৰায়ে ‘বাহুৰ বিষ’ সম্বন্ধীয় সমস্যাৰ কথা বুজাবলৈকে ব্যৱহাৰ কৰা হয়। ফ্র’জেন ছ'লডাৰৰ দুটা ধৰণ হৈছে— বিষযুক্ত বাহু। এধেছিভ কেপছুলাইটিছ। বিষযুক্ত বাহু বাহুৰ আশে-পাশে থকা বিষ বা গতি সম্বন্ধীয় বাধাৰ সৃষ্টিকাৰী কিছুমান সমস্যা, যেনে—ৰটেতৰ কাফ্ মাংসপেশীৰ টেণ্ডেনাইটিছ (টিপিলে বিষ অনুভৱ হোৱা), ৰটেতৰ কাফ্ মাংসপেশী ছিগা বা পাক খোৱা, বাহুৰ ছায়নভাইটিছ ইত্যাদি। ফ্র’জেন ছ’লডাৰত সাধাৰণতে বাহুৰ গাঁঠিৰ ভিতৰত কেপছুল আৰু ছায়নভিয়ামত হোৱা ইনফ্লামেশ্যনৰ কাৰণে হয়। অর্থাৎ বাহুৰ গাঁঠিৰ ভিতৰত যিটো ঠাইত গাঁঠিবোৰ মুকলিকৈ ভাঁজ হ’ব লাগে, তাত এক আঠাজাতীয় অৱস্থাৰ সৃষ্টি হৈ গাঁঠিটো সকলো দিশত ভালদৰে ঘূৰাব নোৱাৰা হৈ পৰে, -যাৰ ফলত ৰোগীজনৰ বহুতো সমস্যাৰ সৃষ্টি হয়। ফ্র’জেন ছ’লডাৰত এধেছ্ন (আঠাযুক্ত) চাৰিটা ভাগত হোৱা দেখা যায়। প্ৰাৰম্ভিক এধেছিভ অৱস্থা। তীব্র এধেছিভ অৱস্থা। পূৰঠ অৱস্থা। ক্ৰনিক অৱস্থা। বাহুৰ ভিতৰত কেপছুলসমূহ কিয় টান হয় বা আঠাৰ দৰে লাগি ধৰে, তাৰ প্রকৃত কাৰণ এতিয়াও চিকিৎসা বিজ্ঞানত নাই যদিও কিছুমান হৃদৰোগৰ কাৰণে বা বেলেগ বেলেগ বুকু, ডিঙি, হাতৰ লগত সম্বন্ধীয় সমস্যাৰ কাৰণেও ফ্র’জেন ছ’লডাৰ হোৱা দেখা যায়। যদি আমি দৈনন্দিন কাম-কাজ কৰোঁতে বাহুৰ সম্পূর্ণ সকলো দিশত ব্যৱহাৰ নকৰোঁ, তেতিয়াও সেই সমস্যাই দেখা দিব পাৰে। শাৰীৰিক পৰীক্ষা বাহুটোৰ সকলো দিশত গতি বা কিমানলৈকে হাতখন উঠিছে বা শেষৰফালে কোনটো দিশত নিব পৰা নাই বা টান ধৰিছে বা বিষ অনুভৱ হৈছে— সেইটো চাব লাগে। সাধাৰণতে হাতখন কাষেদি ওপৰলৈ উঠোৱা আৰু বাহিৰলৈ ঘূৰোৱাত ৰোগীয়ে বেছি কষ্ট অনুভৱ কৰে। প্রথম অৱস্থাত মাংসপেশীৰ দুর্বলতাই দেখা নিদিয়ে। এক্টিভ ৰেজিষ্টেড পৰীক্ষা প্রাৰম্ভিক অৱস্থাত কোনো বিষ অনুভৱ নহয়, কিন্তু অলপ বেছি বাধাৰ বিপৰীতে হাতখন ওপৰলৈ উঠাবলৈ ক’লে কিছু বেছি পৰিমাণে বিষ হয়। চিকিৎসা ফ্র ’জেন ছ’লডাৰৰ সমস্যাটোৰ চিকিৎসা ব্যৱস্থাপনাৰ ভিতৰত বহুলভাৱে ব্যৱহৃত চিকিৎসা হৈছে—এনালজেছিক ঔষধ আৰু ফিজিঅ’থেৰাপি। ফিজিঅ’থেৰাপিত বিশেষভাৱে উল্লেখনীয় ব্যায়াম হৈছে বাহুৰ গাঁঠিৰ মবিলাইজেশ্যন বা গতিশীলতা বঢ়োৱা ব্যায়াম। বহু ক্ষেত্ৰত বিষ তথা ৰঙা হৈ ওখহি পৰা অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ হাইড্র’কৰ্টিশ্যনৰ বেজি পেৰী-আর্টিকুলাৰ অংশত দিয়া হয়। ইয়াৰ দ্বাৰা হাতৰ সকলো দিশত গতি সম্বন্ধীয় বাধা দূৰ কৰা হয়। ফিজিঅ’থেৰাপি ব্যৱস্থাপনা ফ্র’জেন ছ’লডাৰৰ সমস্যা এই চিকিৎসা পদ্ধতিৰ দ্বাৰা ৰোগত আৰু বেছি হোৱাৰ পৰা ৰোধ কৰাৰ উপৰি সমস্যাটো প্ৰতিৰোধ কৰিব পৰা যায়। প্রাথমিক কেপছুলাইটিছৰ প্ৰতিৰোধ। দ্বিতীয় অৱস্থাৰ কেপছুলাইটিছৰ প্ৰতিৰোধ। অতিমাত্রা ধ্বংসৰ প্ৰতিৰোধ । ফিজিঅ’ পুনৰুদ্ধাৰৰ কাৰ্যক্রম এই কার্যক্ৰমৰ লক্ষ্যসমূহ হৈছে— বিষৰ মাত্রা কম কৰা। হাতৰ গতি সকলো দিশত বঢ়াবলৈ আৰু টান হৈ লাগি থকা কেপছুলক ঢিলা কৰা। বাহুৰ গতিশীলতা বৃদ্ধি কৰা। বাহুৰ মাংসপেশীৰ শক্তি বৃদ্ধি কৰা। বাহুৰ গতিশীলতা বাহুৰ গতিশীলতা তিনি ধৰণে বঢ়োৱা যায়— ৰিলেক্চেশ্যন। মাংসপেশীৰ শক্তি বঢ়োৱা ব্যায়াম। বাহ্যিক গতিশীলতাৰ ব্যায়াম। আগতীয়া উত্তাপৰ প্রয়োগে বাহুৰ গাঁঠিটোৰ গতিশীলতা বৃদ্ধি কৰে। আলট্ৰাছাউণ্ড থেৰাপিৰ ব্যৱহাৰে গাঁঠিৰ চাৰিওফালে লাগি থকা অংশক কোমল কৰি হাতৰ লৰচৰ কৰিব পৰা ক্ষমতা বৃদ্ধি কৰে। সাধাৰণতে আলট্ৰাছাউণ্ড বাহুৰ সন্মুখ তথা বাহিৰৰ ভাগৰ কেপছুলত প্ৰায়ে দিয়া হয়। বাহ্যিক গতিশীলতাৰ বিভিন্ন ব্যায়ামৰ ভিতৰত গ্রাইডিং (বিভিন্ন দিশত), মবিলাইজেশ্যন, মুকলিভাৱে গাঁঠিৰ সম্পূর্ণ মুকলি অংশত কৰোৱা ব্যায়াম, পেণ্ডুলাৰ ব্যায়াম, বাহুটো সম্পূৰ্ণকৈ ঘূৰোৱা ব্যায়াম আদি ব্যায়াম এক বিশেষ পৰিমাণত বিশেষজ্ঞ ফিজিঅ’থেৰাপি চিকিৎসকৰ তত্ত্বাৱধানত কৰোৱা হয়। ইয়াৰ উপৰি ৰোগীয়ে নিজে নিজে ঘৰত কৰিব পৰাকৈ কিছুমান ব্যায়ামৰ কাৰ্যসূচী, সময়, ব্যায়ামৰ ধৰণ শিকাই দিয়া হয়। বিভিন্ন পুলী ব্যৱহৃত ব্যায়াম, হাতকখন সম্পূৰ্ণকৈ ঘূৰাবলৈ এক বিশেষ ধৰণৰ চকৰি আদিৰ ব্যৱহাৰ কৰিও ৰোগীয়ে নিজৰ বাহুৰ কার্যক্ষমতা তথা গতিশীলতা বঢ়াব পাৰে। বিশেষজ্ঞ ফিজিঅ’থেৰাপিষ্টৰ পৰামৰ্শ মতে দৈনিক এক বিশেষ পৰিমাণত কৰা বিজ্ঞানসন্মত ব্যায়ামে এজন ৰোগীক আৰোগ্য লাভ কৰাত সহায় কৰে। লেখক: ডা: মৃগাংকুৰ শৰ্মা, ফিজিঅ’থেৰাপিষ্ট, দৈনিক জনমভূমি।