মধুমেহ আৰু হৃদৰোগৰ কেইটামান সাধাৰণ আয়ুৰ্বেদিক চিকিৎসা -

ভাৰত লাহে লাহে মধুমেহ ৰোগৰ ৰাজধানী হ’বলৈ গৈ আছে । একেদৰে দেশখনত হৃদৰোগীৰ সংখ্যাও উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । এই দুয়োটা ৰোগ নিৰাময় কৰাৰ বাবে আয়ুৰ্বেদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ।

মধুমেহ ৰোগত ৰোগীগৰাকীৰ তেজত গ্লুক’জৰ পৰিমাণ বৃদ্ধি পায় । সাধাৰণতে শৰীৰে খাদ্যবস্তু বিঘটন কৰি গ্লুক’জলৈ পৰিণত কৰে আৰু পাছত কোষলৈ প্ৰেৰণ কৰে । কোষত ইনচুলিন নামৰ এবিধ হৰম’ন তৈয়াৰ কৰি শাৰীৰিক শক্তি প্ৰদান কৰে । মধুমেহ দুই প্ৰকাৰৰ আছে । প্ৰকাৰ ১ আৰু প্ৰকাৰ ২৩ মধুমেহত শৰীৰৰ ভিতৰত ইনচুলিন তৈয়াৰ কৰাৰ ক্ষমতা নোহোৱা হয় । ইয়াৰ ফলত শৰীৰৰ তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হয় ।

তিতাকেৰেলা গ্ৰহণেৰে প্ৰাকৃতিক চিকিৎসা -

১) চাৰি-পাঁচটা তিতাকেৰেলা ছাল আৰু গুটি এৰুৱাই লওঁক ।

২) সেইবোৰ ভালদৰে মোহাৰি ৰস উলিয়াই লওক ।

৩) পাছত সেয়া পনীত মিহলাওক ।

৪) তিতাকেৰেলাৰ ৰসখিনি খাওক ।

ডালচেনি গুড়িৰে প্ৰাকৃতিক চিকিৎসা -

১) এক লিটাৰ পানী উতলাওক ।

২) কম জুইত ২ মিনিট ৰাখক ।

৩) উতলাৰ পাছত তাত ডালচেনিৰ গুড়ি তিনিচাহ চামুচ মিহলাওক ।

৪) মিশ্ৰণটো ভালদৰে লৰাই দিয়ক ।

৫) প্ৰতিদিনে এই মিশ্ৰন খাওক ।

মেথি গুটিৰে প্ৰাকৃতিক চিকিৎসা -

১) চৰি চাহ চামুচ মেথি গুটিৰ গুড়ি লওক ।

২) ২৫০ মি: লি: পানীত ৰাতিটো তিয়াই ৰাখক ।

৩) মিশ্ৰণখিনি চেকি পানীখিনি উলিয়াওক ।

৪) দুমাহলৈ প্ৰতিদিনে খাওক ।

হালধি, আমলখি আৰু মেথিৰে প্ৰাকৃতিক চিকিৎসা -

আধা চামুচ হালধিৰ গুড়ি, এক চাহ চামুচ আমলখিৰ গুড়ি আৰু আধা চাহ চামুচ মেথি গুটিৰ গুড়ি পানীত খালী পেটত খাওক ।

কিটিপ :-

- প্ৰতিদিনে আঠ-দহটা জামু খাওক ।

- চেনিযুক্ত খাদ্য বৰ্জন কৰক । মিঠাই, কেক আদি খোৱা বন্ধ কৰক ।

- বৰ্জনীয় খাদ্য :-

- মধুমেহত আক্ৰান্ত ৰোগীয়ে ভাত, আলু, মিঠা ফল, ময়দা, আটা, বেছিকৈ ভজা খাদ্য, ৰঙা মাংস বা ৰেড মিট আৰু চাগু বৰ্জন কৰক ।

- গ্ৰহণীয় খাদ্য :-

- মধুমেহত আক্ৰান্ত ৰোগীয়ে প্ৰচুৰ পৰিমাণে বীনজাতীয় শস্য, মগু, তিল, মচুৰ, দাইল, ছ’য়াবীন, পালেংজাতীয় সেউজীয়া পাচলি, লাউ, কোমোৰা, ৰাগি, কেৰেলা আদি প্ৰ’টিনযুক্ত খাদ্য খাব ।

কিডনীৰ ৰোগত আক্ৰান্তসকলে প্ৰ’টিনযুক্ত আহাৰ কমকৈ আৰু পাচলি বেছি খাব ।

মধুমেহৰ খাদ্য -

আপোনাৰ বাবে উৎকৃষ্ট খাদ্য তালিকাখন হ’ল ৬০ শতাংশ পাচলি, ৩০ শতাংশ প্ৰ’টিন আৰু ১০ শতাংশ কাৰ্ব’হাইড্ৰেট ।

ইয়াৰ সৈতে দৈনিক আধা ঘণ্টাৰ বাবে লঘু ব্যায়াম ।

তেজত শৰ্কৰাৰ পৰিমাণ কমোৱাৰ বাবে এখন তালিকা –

১) ধূমপান বৰ্জন কৰক ।

২) পৰ্যাপ্ত পৰিমাণে শোৱক ।

৩) সময়ে সময়ে তেজত শৰ্কৰাৰ পৰিমাণ পৰীক্ষা কৰক ।

৪) তেজ পৰীক্ষা কৰক আৰু শৰীৰৰ ওজন সঠিক পৰিমাণে ৰাখক ।

৫) মদ্যপান কমাওক ।

৬) খাদ্য নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে খাওক আৰু অতিমাত্ৰা ভোজন নকৰিব ।

৭) দৈনিক আধা ঘণ্টাৰ বাবে লঘু ব্যায়াম কৰক ।

৮) মুখ শুকান হোৱা, পিয়াহ লগা, ভাগৰ লগা, পেশী বিষ হোৱা যেন অনুভৱ হ’লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক ।

হৃদৰোগ কি ?

- ই হ’ল তেজৰ ধমনীত সৃষ্টি হোৱা বিসংগতি যাৰ ফলত হাৰ্ট এটেকৰ দৰে ঘটনাও ঘটিব পাৰে । বিভিন্ন হৃদৰোগৰ ভিতৰত ষ্ট্ৰ’ক, উচ্চ ৰক্তচাপ, বুকুৰ বিষ আৰু ৰিউমেটিক হৃদৰোগ ।

- শক্তিশালী ঘৰুৱা দৰবেৰে হৃদৰোগৰ পৰা হাত সাৰিব পাৰি ।

- আধা চামুচ আদাৰ ৰস, আধা চামুচ নহৰুৰ ৰস মৌৰে মিহলাই দিনে দুবাৰকৈ খাওক ।

- দিনে গাজৰ, ৰঙালাউ আৰু ডালিমৰ ৰস ১-২ গিলাচ খাওক ।

- এচামুচ মেথি গুটি আধাকাপ পানীত এৰাতি তিয়াই ৰাখি পিছদিনা খালী পেটত খাওক ।

- পঞ্চকৰ্মৰ অনুশীলনে হৃদযন্ত্ৰৰ সঞ্চালনত সহায় কৰে । পঞ্চকৰ্ম এগৰাকী আয়ুৰ্বেদিক চিকিৎসকৰ তত্ত্বাৱধানতহে কৰিব লাগে ।

- এটুকুৰা কপাহী কাপোৰ ঘিউ আৰু তিল তেলত ডুবাই ৰাখক । পাছত সেয়া আপোনাৰ বুকুত হৃদযন্ত্ৰৰ চৌপাশে ১০-১৫ মিনিট মালিচ কৰক । এনে কৰিলে হৃদযন্ত্ৰৰ কাম সূচাৰুৰুপে চলাত সহায় কৰে ।

- আধা চামুচ গৰুৰ ঘি তালুত লগাই এক মিনিট মালিচ কৰিলে ষ্ট্ৰেছ, উৎকণ্ঠা আদি নোহোৱা হয় ।

হৃদৰোগত ভেষজ -

আদা :-

আদা হ’ল এনে এবিধ ঔষধি গুণযুক্ত দ্ৰব্য যাৰ ফলত তেজত কলেষ্টেৰ’লৰ মাত্ৰা সঠিক পৰিমাণে থাকে । তেজৰ প্লেটিলেটৰ সংগ্ৰহত সহায় কৰে । আয়ুৰ্বেদিক চিকিৎসকৰ মতে দিনে এটুকুৰা আদা খালে হাৰ্ট এটেকৰ পৰা ৰক্ষা পাব পাৰি ।

অৰ্জুন :-

অৰ্জুন হ’ল হৃদযন্ত্ৰৰ বাবে আন এক উপকাৰী দ্ৰব্য । ই হৃদপিণ্ডক সুৰক্ষা দিয়াৰ লগতে ৰক্ত সঞ্চালন নিয়মীয়া কৰে । ই ৰক্তক্ষৰণ বন্ধ কৰাৰ লগতে হাৰ্ট এটেকৰ পাছত সুস্থ হোৱাত সহায় কৰে । শেহতীয়া বৈজ্ঞানিক গৱেষণা অনুসৰি অৰ্জুনত ট্ৰিটোৰপাইন গ্লুক’চাইড নামৰ এবিধ উপাদান থাকে বাবে ই হৃদৰোগৰ চিকিৎসাৰ বাবে অতি ফলপ্ৰসু ।

নহৰু :-

হৃদৰোগৰ ই আন এবিধ উৎকৃষ্ট ঔষধ । ই কলেষ্টেৰ’লৰ মাত্ৰা কমোৱাৰ লগতে তেজ গোট মৰাত বাধা দিয়ে । উচ্চ ৰক্তচাপত ভোগা লোকক বাৰ সপ্তাহলৈ নহৰু খাবলৈ দিলে তেজৰ কলেষ্টেৰ’লৰ মাত্ৰা লক্ষণীয়ভাৱে কমি যায় ।

অশ্বগন্ধা:-

ই মানুহৰ সুস্থতা ৰক্ষাত সহায় কৰে আৰু দৈনিক ষ্ট্ৰেছৰ পৰাও ৰক্ষা কৰে । আৰ্থ্ৰাইটিছ, উচ্চ ৰক্তচাপ, মধুমেহ আদি ৰোগৰ ক্ষেত্ৰত ই ফলপ্ৰসূ ।

গুগুল :-

ইয়াৰ দ্বাৰা তেজৰ চৰ্বিৰ পৰিমাণ কমাব পাৰি । ই এথেৰ’স্কেল’ৰিট, চৰিঅ’ছিছ আৰু কাৰ্ডিয়েক ইছকেমিয়াৰ বাবে ফলপ্ৰসূ ।

উৎস :- অসমীয়া খবৰ