এলাৰ্জী আমাৰ সকলোৰে চিৰ পৰিচিত শব্দ, আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা এলাৰ্জীত ভূগিছো৷ এই ধৰক বাৰীৰ চতিয়না জোপা ফুলাৰ সময়ত, কেতিয়াবা ঘৰৰ কুকুৰ বা মেকুৰীটোৰ লগত খেলাৰ পিছত, কেতিয়াবা মিছামাছ খালে, ধুলিৰ সংস্পৰ্শলৈ আহি ৰ'ব নোৱাৰাকৈ হাচি মাৰি থকা, ঋতুৰ পৰিবৰ্ত্তনৰ লগে লগে চকু ৰঙা পৰা নাকৰ পৰা অনৰ্গল পানী ওলাই থকা, গাত চকলা বান্ধি খজুৱা, বিজবিজোৱা আদিবোৰ কাৰণত আমি কি কৰো? চিধাই ওচৰৰ ফাৰ্মাচীত গৈ হয় Avil, Cetrizen বা Levocetrizen tale এটা কিনি খাওঁ আৰু তাৎক্ষণিক আৰাম পাওঁ৷ হঠাৎ কেতিয়াবা মাজে মধ্যে দুই এটা টেবলেট খালে বাৰু ঠিকেই আছে, কিন্তু এনেধৰণৰ অসুবিধা যদি আপোনাৰ একেলেঠাৰীয়ে মাহ মাহ হৈ থাকে আৰু নিয়মিত উপৰুক্ত ঔষধ সমূহ গ্ৰহণ কৰে, তেন্তে পাৰ্শ্বক্ৰিয়া হিচাপে প্ৰথমে Liver cirrhosis আৰু CRF ত ভূগিব পাৰে আৰু এনে বহু ৰোগী আমি প্ৰায়ে লগ পাই থাকো৷ এনে অৱস্থাত চিকিৎসকে প্ৰথমে আপোনাক ক'ব ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ কোনো ঔষধ গ্ৰহণ নকৰিব৷ অৰ্থাৎ এলাৰ্জীও ভাল নহ'ল আৰু নতুন দুটা ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত হোৱা বেমাৰ আপোনাৰ হ'ল৷

আয়ৰ্বেদৰ সিদ্ধান্তমতে এলাৰ্জীৰ মুখ্য কাৰণ হ'ল অগ্নিমাণ্ড্যতা বা জঠৰাগ্নি ৰ বিকৃতি (Impaired digention) সেয়েহে পূৰ্বৰূপ ৰূপে বদহজমী কৌষ্ঠকাঠিন্য বা কেতিয়াবা ডায়েৰীয়া সদৃশ লক্ষণ দেখা যায়৷ দুটা প্ৰধান দোষ পিত্ত আৰু কফ প্ৰত্যক্ষভাৱে এলাৰ্জীৰ লগত জড়িত৷ কফ বিকৃতিৰ ফলত শ্বাস প্ৰশ্বাসত অসুবিধা, এলাৰ্জীক কাহ, নাক বন্ধ হোৱা, নাকৰ পৰা পানী ওলোৱা, এজমা আদি লক্ষ্যণেই প্ৰধান৷ বিকৃত কফ নিৰ্মুলৰ প্ৰধান পঞ্চকৰ্ম চিকিৎসা হ'ল 'বমন'৷ পিত্ত বিকৃতিৰ বাবে হোৱা লক্ষণ সমূহ হ'ল শৰীৰত ৰঙা চকলা বন্ধা, তিব্ৰ খজুৱতী, ফুলি উঠা, বিজবিজোৱা, জ্বলাপোৰা ইত্যাদি৷ পিত্তৰ প্ৰধান পঞ্চকৰ্ম চিকিৎসা হৈছে 'বিৰেচন'৷

এই কফ আৰু পিত্ত দোষক ঠিক কৰিবলৈ কি কৰিব লাগিব?

১)খাই উঠিয়েই বিচনাত নপৰিব বা শুই নাযাব৷ ই কফ বৃদ্ধি কৰিব যাৰ ফলত অগ্নিমণ্ডতা হ'ব৷ সেয়েহে খোৱাৰ কমেও এঘন্টাৰ পাছত শুব৷

২)পাৰিলে খোৱাৰ পিছত বিশেষকৈ ঠাণ্ডা দিনত গৰম পানীহে খাব৷

৩)গুৰুপাকী খাদ্য,গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী, বেছি ভজা খাদ্য, শীতল পানীয় বা খাদ্য, আমিষ খাদ্য পাৰিলে পৰিত্যাগ কৰক৷

৪)অত্যাধিক শাৰীৰিক পৰিশ্ৰম নকৰিব৷

৫)নিয়মিত জালুক,পিপ্পলি,হালধী,মৌ সেৱন কৰক৷

৬)যোগাভ্যাস আৰু প্ৰণায়ম নিয়মীয়াকৈ কৰক৷

"বমন আৰু বিৰেচন কি":

বমন আৰু বিৰেচন হ'ল পঞ্চকৰ্মৰ দুটা প্ৰধান শোধন(Detoxifying) চিকিৎসা যাক তিনিটা ভাগত সম্পন্ন কৰা হয়-

(1)পূৰ্বকৰ্ম

(2)প্ৰধান কৰ্ম

(3)পশ্বাত কৰ্ম

পূৰ্ব কৰ্ম হ'ল যেনেদৰে যি কোনো খেতি কৰাৰ আগত হাল বায় চহায় মাটি তৈয়াৰ কৰা হয়,ঠিক তেনেদৰে বমন বিৰেচনৰ পূৰ্বকৰ্মও স্নেহপান অৰ্থাৎ স্নেহ প্ৰধান দ্ৰব্য তিনিৰ পৰা সাতদিন পৰ্য্যন্ত পান কৰায় ৰোগীজনক প্ৰধান কৰ্ম যেনে বমন বিৰেচনৰ বাবে প্ৰস্তত কৰা হয়। দ্বিতীয় পৰ্য্যায়ত বমন বা বিৰেচন এদিনৰ চিকিৎসা পদ্ধতি যাক অভিজ্ঞ চিকিৎসকৰ উপস্থিতিত সম্পন্ন কৰা হয় আৰু পশ্বাত কৰ্ম ৰপে ৰোগীক তিনিৰ পৰা সাতদিনলৈ কিছু বিশেষ আহাৰ আৰু বিহাৰৰ বিধান মানি চলিবলৈ দিয়া হয়৷

আমাৰ আয়ুৰ্বেদৰ মূখ্য গ্ৰন্থ চৰক, সুশ্ৰুতত বৰ্ণনা আছে যেনেদৰে এজোপা অপতৃণ কাটি দিয়াৰ পাছত উপযুক্ত সময়ত পানী আৰু সাৰ পায় পুনৰ পুলি পোখা মেলে কিন্তু তাক যদি শিপাই সহিতে উঘালি পোলোৱা হয় তেতিয়া ইয়াৰ পুনৰ উৎপত্তি নহয় আৰু এই সিদ্ধান্তৰে আধাৰিত এই বমন আৰু বিৰেচন পঞ্চকৰ্ম চিকিৎসা যাৰ দ্বাৰা এলাৰ্জী নিৰ্মূল সম্ভৱ৷

লেখক: জয়ন্ত শৰ্মা

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ