কটা আঘাটপ্ৰাপ্ত অংশটো পৰিষ্কাৰ কুহুমীয়া পানী আৰু চাবোনেৰে ধুব লাগে। লাগি থকা লেতেৰা বস্তুবোৰ সাৱধানে আঁতৰাই পেলাব লাগে। আঘাটৰ অংশৰ ওপৰত তেজ বন্ধ নোহোৱালৈকে জোৰে হেঁচা মাৰি ধৰিব লাগে। বিজাণূমুক্ত বেণ্ডেজেৰে আঘাটৰ স্থান বান্ধি দিব লাগে। যদি দ’ কৈ কাটে, তেন্তে ততালিকে চিকিৎসকৰ ওচৰলৈ নিব লাগে। ঘঁহনি বা চোচৰা খোৱা কুহুমীয়া পৰিষ্কাৰ পানী আৰু চাবোনেৰে ধুব লাগে। তেজ বা পুজ ওলালে সংক্ৰমণ নহবলৈ বেণ্ডেজ বান্ধি দিব লাগে। সংক্ৰমিত ঘাঁৰ লক্ষণ আঘাটৰ ঠাই ফুলি উঠা। ৰঙচুৱা পৰা। বিষ। জ্বৰ হ’ব পাৰে। পূঁজ জমা হোৱা। উৎস: আইএনডিজি দল