বৰ্তমান সময়ত কিডনীৰ বিভিন্ন ৰোগত মানুহ আক্ৰান্ত হোৱা দেখা গৈছে । কিডনীৰ ষ্ট’ন বা পাথৰ কিছুমান কেমিকেলৰ পৰা উৎপন্ন হয় যিবিলাক প্ৰস্ৰাৱ,ইউৰিক এচিড, ফছফৰাছ, কেলচিয়াম আৰু অকজালিক এচিড বুলি জনা যায় । প্ৰায়বিলাক কিডনী ষ্ট’ন গঠন হয় কেলচিয়াম অকজালিক নাইবা ফছফেটৰ দ্বাৰা । শতকৰা ৯০ শতাংশ কিডনী ষ্ট’ন কেলচিয়ামৰ পৰাই হয় । কিডনী ষ্ট’ন হয় কেলচিয়াম এমনিয়াম আৰু মেগনেচিয়াম ফছফেট আৰু কাৰ্বনেটছৰ সংমিশ্ৰণত ।

কিডনী ষ্ট’ন হোৱাৰ কাৰণ আৰু লক্ষণ -

কিডনী ষ্ট’ন অসুখত প্ৰস্ৰাৱ কৰাত ভীষণ অসুবিধাৰ সৃষ্টি হয় । প্ৰস্ৰাৱ ভালকৈ নোহোৱা, প্ৰস্ৰাৱ কৰোঁতে ব্লাডাৰত বিষ হোৱা, তলপেটত অত্যন্ত বিষ অনুভৱ কৰা আদি । বিষ ক্ৰমে কৰঙনৰ ফালে ধাৱিত হয়, ঘাম বাহিৰ হয়, বমি বমি ভাব হোৱা, জ্বৰ উঠা আৰু প্ৰস্ৰাৱত তেজ যাব পাৰে ।

বৰ্তমান যুগত জীৱন ধাৰণৰ পদ্ধতিৰ পৰিৱৰ্তন ঘটা, এচিড উৎপন্ন হোৱা আহাৰ খোৱা, জাংফুড, ফাষ্টফুড খোৱা, মচলাযুক্ত আহাৰ খোৱা, পানী কমকৈ খোৱা, চেনি, মিঠাই, মাছ, মাংস বেছিকৈ খোৱা, চাহ-কফি সঘনাই খোৱা, ভিটামিন ‘এ’ ৰ অভাৱ থকা খাদ্য খোৱা ইত্যাদি ।

কিডনী ষ্ট’নৰ পৰা নিৰাময় হোৱাৰ চিকিৎসা -

ৰাজমাহৰ (Kidney Beans) প্ৰয়োগ :- কিডনী বীনক ফ্ৰেন্সবীন নামেৰেও জনাজাত । কিডনী ষ্ট’নৰ ঘৰুৱা চিকিৎসাত ইয়াৰ প্ৰয়োজনীয়তা আৰু উপকাৰিতা বহুত বেছি । জাৰ্মান দেশৰ চিকিৎসক ডা: ৰামনে প্ৰথমেই এই কিডনী বীনৰ উপকাৰিতাৰ বিষয়ে আৱিষ্কাৰ কৰে আৰু ইয়াৰ উপযুক্ত প্ৰয়োগেৰে কিডনী ষ্ট’নৰ চিকিৎসা কৰি ফলৱতী হয় । তেওঁ প্ৰায় ২৫ বছৰ ধৰি এই অসুখৰ চিকিৎসা কৰিছিল আৰু কিডনী ষ্ট’নত ভোগা মানুহৰ উপকাৰ সাধন কৰিছিল ।

পদ্ধতি -

ৰাজমাহৰ ওপৰৰ বাকলি গুচাই টুকুৰা-টুকুৰ কৰি ইয়াৰ প্ৰায় ৬০ গ্ৰাম পৰিমাণে লৈ ৪ লিটাৰ গৰম পানীত উতলাব (৩ ঘণ্টা ধৰি) লাগে । তাৰ পিছত সেই পানীখিনি পৰিষ্কাৰ বগা কাপোৰেৰে চেকি ল’ব লাগে । পানীখিনি ৩ ঘণ্টা ধৰি চেঁচা হ’বলৈ থৈ দিব লাগে । ডা: ৰামনৰ মতে এই মিশ্ৰণখিনি ২ ঘণ্টাৰ মূৰে মূৰে দিনটোৰ ভিতৰত খাই শেষ কৰিবলৈ ৰোগীক দিব লাগে । তাৰ পাছত এনেদৰে প্ৰস্তুত কৰি প্ৰায় ২ সপ্তাহ ধৰি দিনটোৰ ভিতৰত কেইবাবাৰো খাব লাগে । এই ব্যৱস্থাৰে প্ৰয়োগ কৰিলে কিডনী ষ্ট’ন ভাঙি প্ৰস্ৰাৱৰ লগত সম্পূৰ্ণ ওলাই যাব আৰু বেমাৰটোৰ পৰাও পৰিত্ৰাণ ৰোগীয়ে পাব ।

তুলসী -

কিডনী ষ্ট’ন নাশ কৰাত অতি ভাল কাম কৰে । এইক্ষেত্ৰত তুলসীৰ ৰস ১ চামুচ, মৌ ১ চামুচ লৈ দিনে ১ বাৰকৈ অন্তত: ১ মাহ ব্যৱহাৰ কৰিলে কিডনী ষ্ট’ন প্ৰস্ৰাৱৰ লগত ওলাই যাব, ৰোগীয়েও সকাহ পাব ।

যনিৰ ব্যৱহাৰ :- কিডনী ষ্ট’ন আৰু গ’ল ব্লাডাৰত ভোগা ৰোগীৰ বাবে যনি বৰ সুন্দৰ আহাৰ । যনি সঘনাই খাই থাকিলে ষ্ট’ন হোৱাৰ পৰা আঁতৰি থাকিব পাৰি । যনি গুটি পিহি চালাড কৰি খাব লাগে । তদুপৰি যনি ভাজি খালেও উপকাৰ হয় ।

আপেল -

কিডনী ষ্ট’ন নাশ কৰাত আপেলৰ ব্যৱহাৰ অতি প্ৰয়োজনীয় আৰু উপকাৰী । এইক্ষেত্ৰত পকা আপেলৰ গুণ বেছি । বহুমুত্ৰ ৰোগীয়েও আপেল ব্যৱহাৰ কৰিব পাৰে । আপেল খালে কিডনী ষ্ট’ন ভাঙি প্ৰস্ৰাৱত বাহিৰ হয় ।

আঙুৰৰ প্ৰয়োগ -

আঙুৰত বহু পৰিমাণে পানী আৰু পটাচিয়াম থাকে । ইয়াত সামান্য এলবুমিন আৰু ছডিয়াম ক্লৰাইড থকা বাবে কিডনী ষ্টন’ত ভোগাসকলৰ বাবে নিয়মিত আঙুৰ খালে কিডনী ষ্ট’ন নাশ হয় ।

ডালিম বা বেদানা :- মিঠা বা টেঙা হ’লে দুয়োবিধ ডালিমৰ ৰস কিডনী ষ্ট’ন ৰোগৰ মহৌষধস্বৰুপ । ১ চামুচ ডালিমৰ ৰসৰ লগত কুলথি ১ চামুচ মিহলাই পেষ্ট কৰি বা চুপ কৰি ৰোগীক দিনে এবাৰকৈ ৭-৮ দিন খাবলৈ দিলে কিডনী ষ্ট’ন প্ৰস্ৰাৱত ওলাই যায় ।

তৰমুজৰ ৰস -

এই ৰসত যথেষ্ট পৰিমাণে পটাচিয়াম আৰু নিমখ থাকে বাবে ইয়াৰ নিয়মিত ব্যৱহাৰে কিডনী ষ্ট’ন নাশ কৰিব পাৰে । তদুপৰি ভিটামিন ‘বি’ কমপ্লেক্স ১০০ মিলিগ্ৰামকৈ দৈনিক এবাৰকৈ ১০-১৫ দিন ব্যৱহাৰ কৰিলে কিডনী ষ্ট’ন নাশ হয় । খাদ্যৰ ক্ষেত্ৰত কিডনী ষ্ট’ন ৰোগত আক্ৰান্ত লোকে কিছু সাৱধানতা অৱলম্বন কৰা উচিত । বিশেষকৈ মচলা, জলা- টেঙা, মাংস, ঘিউ, মাখনজাতীয় খাদ্য কমকৈ খাব লাগে । শাক-পাচলিৰ ভিতৰত তিয়ঁহ, মূলা, বন্ধাকবি, ফুলকবি , টেঙেচি শাক, লাও, কোমোৰা, বেঙেনা খাব পাৰে । কেলচিয়াম ফছফেট ষ্ট’নত ভোগাসকলে কেলচিয়াম আৰু ফচফেট প্ৰসিদ্ধ খাদ্য পৰিহাৰ কৰা উচিত । বেছিকৈ আটা, ময়দা, দেশীয় বুট, মটৰ, ছ’য়াবীন , পালেং শাক, বাদাম, নাৰিকল আদি কমাই খাব লাগে ।

লেখক : উপেন দত্ত

উৎস :- অসমীয়া খবৰ