সাম্প্ৰতিক বিশ্বৰ চিকিৎসা ক্ষেত্ৰত জেৰিয়াট্ৰিকছ এক জনপ্ৰিয় শাখা। বৃদ্ধ কালত হোৱা মানুহৰ নানা ধৰণৰ শাৰীৰিক সমস্যা, ৰোগ-ব্যাধিৰ কাৰ্যকৰী চিকিৎসা আৰু দিহা-পৰামৰ্শ প্ৰদান কৰাই এই শাখাৰ মূল কাম। ইউৰোপ, আমেৰিকাৰ দৰে উন্নত দেশসমূহত জনপ্ৰিয় জেৰিয়াট্ৰিকছ শাখা অসম তথা ভাৰতত এতিয়াও বৰ বেছি জনপ্ৰিয় হোৱা নাই।

১৯৭৮ চনত মাদ্ৰাছ মেডিকেল কলেজত বয়োবৃদ্ধ লোকৰ এই চিকিৎসা বিভাগটো প্ৰথমবাৰৰ বাবে মুকলি কৰা হয়।

অৱশ্যে আজিকালি সৰ্বসাধাৰণৰ মাজত স্বাস্থ্য সচেতনতা বৃদ্ধি পোৱাৰ লগে লগে চিকিৎসা বিজ্ঞানৰ অতি আৱশ্যকীয় এই শাখাটোৰ প্ৰাসংগিকতা সম্পৰ্কে বহুতৰে সুস্পষ্ট ধাৰণা হৈছে।

জেৰিয়াট্ৰিক চিকিৎসাৰ প্ৰাসংগিকতা -

আধুনিক চিকিৎসা বিজ্ঞানৰ এই শাখাটোক বয়োবৃদ্ধসকলৰ ভৰসাৰ স্থল বুলিব পাৰি। বয়োজ্যেষ্ঠসকলৰ শাৰীৰিক-মানসিক সমস্যাসমূহৰ বুজ লৈ চিকিৎসা আৰু পৰামৰ্শ আগবঢ়োৱাৰ উপৰি তেওঁলোকে সমাজ জীৱনত সততে মুখামুখি হোৱা সমস্যাৰাজিকো জেৰিয়াট্ৰিকছত সামৰি লোৱা হয়।

চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত প্ৰয়োজন হ’লে জেৰিয়াট্ৰিচিয়ান বা জেৰিয়াট্ৰিক বিশেষজ্ঞই আন বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শও কৰিব পাৰি।

সেয়ে এই চিকিৎসা পদ্ধতি নিৰ্ভৰযোগ্য হিচাপে বিবেচিত হৈছে। এইখিনিতে উল্লেখযোগ্য যে আমাৰ দেশত ৬৫ বছৰ অতিক্ৰম কৰা লোকসকলক জেৰিয়াট্ৰিক এজ গ্ৰুপৰ অন্তৰ্ভুক্ত বুলি গণ্য কৰা হয়।

কোৱা বাহুল্য, এই বয়সৰ লোকসকলে বিভিন্ন ধৰণৰ শাৰীৰিক-মানসিক সমস্যাত ভোগা দেখা যায়। এই নাতিদীৰ্ঘ নিবন্ধত আমি জেৰিয়াট্ৰিকছে সামৰি লোৱা চাৰিটা মুখ্য দিশৰ সংক্ষিপ্ত আলোচনা কৰিম।

অচলাৱস্থা -

বয়স ৬৫ বছৰ অতিক্ৰম কৰাৰ পিছত যিকোনো লোকৰ শৰীৰলৈ একাধিক কাৰণত জঠৰতা আহিব পাৰে।

জঠৰতা অহাৰ অন্যতম কাৰক হ’ল শাৰীৰিক শ্ৰম বা সক্ৰিয়তাৰ অভাৱ, ষ্ট্ৰোক, মেনিনজাইটিছ, নিউমনিয়ম আদি ৰোগৰ পৰিণতি বা চিকিৎসাৰ অভাৱ।

উদাহৰণস্বৰূপে উল্লেখ কৰিব পাৰি যে ষ্ট্ৰোকৰ ক্ষেত্ৰত ৰোগী স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পূৰ্বেই যদি ঔষধ সেৱন বা ফিজিঅ’থেৰাপী বন্ধ কৰা হয়, তেন্তে ৰোগীয়ে চলন শক্তি হেৰুৱাব পাৰে।

ভাৰসাম্যহীনতা -

ষ্ট্ৰোক, এলঝেইমাৰ, পাৰফিনছনছ আদি ৰোগৰ লগতে আন কিছুমান স্নায়ুজনিত সমস্যাৰ ফলত ৰোগীৰ দৈহিক ভাৰসমতা হ্ৰাস বা লোপ পাব পাৰে। এনেধৰণৰ সমস্যাত ভোগা ৰোগীয়ে থিয় দিলে বা খোজ কাঢ়োতে ভৰি থৰক-বৰক হয়।

যাৰ ফলত হাতত পেং বা ওচৰত খামোচ মাৰি ধৰিব পৰা একো অৱলম্বন নাথাকিলে পৰি যোৱাৰ সম্ভাৱনা থাকে। পৰি যোৱাৰ ফলত মগজুৰ ৰক্তক্ষৰণৰ দৰে মাৰাত্মক সমস্যাই দেখা দিব পাৰে। অথবা শৰীৰৰ যিকোনো স্থানত আঘাত পাব পাৰে।

বৌদ্ধিক বিফলতা -

বৃদ্ধাৱস্থাত স্মৃতিশক্তি কমি যোৱাৰ কথা সকলোৱে জানে। বহুতেই এলঝেইমাৰ বা ডিমেনচিয়াৰ দৰে স্মৃতি বিভ্ৰমৰ সমস্যাত ভোগে।

এনে লোকৰ ক্ষেত্ৰত স্বাভাৱিক বুদ্ধি-বৃত্তিৰ অভাৱ পৰিলক্ষিত হয়। সৰু-বৰ সমস্যাত পূৰ্বৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰা হয়। মন কৰিবলগীয়া যে পূৰ্বে ষ্ট্ৰোক হোৱা লোকৰ ক্ষেত্ৰত বৌদ্ধিক বিফলতাৰ সম্ভাৱনা অধিক। হতাশাত ভুগি থকাসকলৰো এনে হ’ব পাৰে।

সামাজিক সমস্যা -

শৰীৰৰ ধৰ্ম অনুসৰিয়ে প্ৰতিজন ব্যক্তি এদিন বৃদ্ধ হ’ব। বয়সে কাবু কৰা শৰীৰৰ ৰোগ-ব্যাধিয়ে বাহ ল’ব। আধুনিক একক পৰিয়ালৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ বয়োবৃদ্ধসকল নানা ৰোগত আক্ৰান্ত হোৱাৰ লগতে নিঃসংগ হ’বলৈ ধৰিছে। পৰিয়ালৰ আটাইবোৰ সদস্য বৃত্তিমুখী হোৱা বাবে মুৰব্বীজনৰ পৰিচৰ্যাও সঠিকভাৱে নহয়। এনে অৱস্থাত পৰিয়ালৰ মুৰব্বী হৈ পৰে অবাঞ্ছিত বোজাস্বৰূপ।

প্ৰজন্ম ব্যৱধানৰ বাবেও পুত্ৰ-বোৱাৰী বা নাতি-নাতিনীৰ ৰুচি-অভিৰুচিৰ পাৰ্থক্যয়ো সমস্যাৰ সৃষ্টি কৰে। অকণমান মৰম-চেনেহ, পৰিচৰ্যা আৰু আশ্ৰয়ৰ বিপৰীতে বৃদ্ধ পিত্ৰৰ্ফি-মাতৃক বহুতেই শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ খৰব সংবাদ মাধ্যমত প্ৰায়ে প্ৰকাশ পায়। বিশেষকৈ স্মৃতিশক্তি লোপ পোৱা, ষ্ট্ৰোক বা বয়সজনিত কাৰণত দীৰ্ঘদিন শয্যাশায়ী হোৱা ৰোগীক পৰিয়ালৰ লোকে অৱহেলা কৰাৰ উদাহৰণ নিতান্ত কম নহয়।

কেৱল পৰিয়ালতে নহয়, স্মৃতিশক্তি লোপ পোৱা, শাৰীৰিক ভাৰসাম্য হেৰুওৱা, অলৰ-অচৰ হোৱা বা প্ৰজন্ম ব্যৱধানৰ বাবে খাপ খাব নোৱাৰা আমাৰ বয়োবৃদ্ধসকল বহু সময়ত সামাজিক ক্ৰুৰতাৰো চিকাৰ হয়। জেৰিয়াট্ৰিক মেডিচিনত এওঁলোকৰ সাৰ্বিক পৰিচৰ্যা, চিকিৎসা, পৰামৰ্শ আদি উপলব্ধ। বিভাগটো যিহেতু কেৱল বয়োবৃদ্ধসকলৰ বাবে নিৰ্ধাৰিত, সেয়ে ৰোগীয়ে উত্তম চিকিৎসাৰ লগতে পৰিচৰ্যাও আশা কৰিব পাৰে।

প্ৰতিৰোধ ব্যৱস্থা -

নিৰাময়তকৈ প্ৰতিৰোধেই উত্তম। সেয়ে কিছুমান নীতি-নিয়ম পালন কৰি ৰোগ প্ৰতিৰোধৰ প্ৰতি গুৰুত্ব দিয়া উচিত। বৃদ্ধৱস্থাৰ সম্ভাব্য ৰোগ-ব্যাধিৰ পৰা হাত সাৰিবলৈ হ’লে-

*শৰীৰটোক সক্ৰিয় ৰাখক। খোজকাঢ়ক, ব্যায়াম কৰক, আনন্দত থাকক।

*উচ্চ ৰক্ত চাপ, ডায়েবেটিছ, হৃদৰোগ আদিত ভুগি থকাসকলে নিয়মীফ্যাকৈ স্বাস্থ্য ৰক্ষা কৰক।

*সময়মতে সঠিক পৰিমাণৰ ঔষধ সেৱন কৰিব।

*যথা সময়ত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব।

*দেখাত কোনো সমস্যা নাথাকিলেও বছৰত অন্ততঃ এবাৰ স্বাস্থ্য পৰীক্ষা কৰাওক।

*নতুন প্ৰজন্মৰ চিন্তা-চৰ্চাৰ সৈতে নিজকে খাব খুৱাবলৈ যত্ন কৰিব।

তদুপৰি পৰিয়াল আৰু সমাজৰ লোকসকল তেওঁলোকৰ প্ৰতি আন্তৰিক হোৱাটো প্ৰয়োজনীয়।

লেখক: ডাঃ ভাস্কৰ নেওগ(নিয়মীয়া বাৰ্তা)