দাঁত সৰিলে বা সৰোৱাৰ পাছত দন্তমূলৰপৰা অত্যধিক ৰক্তপাত হ'ব পাৰে। অত্যধিক ৰক্তপাত বিপদজনক হ'ব পাৰে। সেয়ে যিমান পাৰি সোনকালে এনে ৰক্তপাত বন্ধ কৰিব লাগে। প্ৰাথমিক সাহায্য: দুৰ্দশাগ্ৰস্তক বৰফ চুপিবলৈ বা শীতল পানী মুখত লৈ থাকিব দিব লাগে। ৰক্তপাত বন্ধ নহ'লে গৰম পানী মুখত লৈ থাকিব দিব লাগে। ঘৰুৱা বা বনৌষধিৰে চিকিৎসা ব্যৱস্থা: কেঁহৰাজ বা পিত-ভৃংগৰাজৰ পাতৰ গুৰিৰে দাঁত ঘঁহিলে দাঁতৰ গুৰিৰে তেজ আৰু পূঁজ ওলোৱা বন্ধ হয়। খৈৰা গছৰ বাকলিৰ ৰসেৰে কুল কুলি কৰিলে তেজ ওলোৱা বন্ধ হয় আৰু মুখৰ ঘাঁ ভাল হয়। ডালিমৰ পাত বা ফুলৰ গুৰিৰে দাঁত ঘঁহিলে তেজ ওলোৱা বন্ধ হয়। মহানিম, যজ্ঞ ডিমৰু, ভোতোৰা আদিৰ ঠাৰিৰে দাঁত ঘঁহিলে তেজ ওলোৱা বন্ধ হয়। জামু গছৰ বাকলি বা দুধকৰি গছৰ বাকলি বা মহানিম গছৰ বাকলি বা যজ্ঞ ডিমৰু গছৰ বাকলি সিজোৱা পানীৰে মুখ ধুলে আৰু মুখত লৈ থাকিলে উপকাৰ পোৱা যায়। পোৰা তামোল গুড়ি কৰি দাঁত ঘহিলে উপকৃত হয়।