শিশুৰ নাকত বেছিকৈ বস্তু সোমায়। শিশুৱে নিজেই খেল-ধেমালী কৰি থাকোতে কৌতুহলবশত: কিছুমান বস্তু যেনে: কাগজ, কঁপাহ, মাটি পেঞ্চিল, বুট আদি আঙুলিৰে ঠেলি নাকৰ ফুটাত সুমুৱাই লয়। প্ৰাথমিক চিকিৎসা সাহাৰ্য্যকাৰীৰ প্ৰথম কাম হ’ল- দুৰ্দশাগ্ৰস্তক নাকৰ আনটো ফুটা জোৰেৰে চেপি ধৰি তীব্ৰ বেগেৰে ভিতৰৰ বায়ু ইটো নাকেৰে বাহিৰ কৰি দিবলৈ চেষ্টা কৰিব দিব লাগে। অথবা অন্য ফুটাটো জোৰেৰে চেপি ধৰি সাজোৰে হাঁচি মাৰিব দিব লাগে। যিবোৰ শিশুৱে কথা বুজিব পৰা হোৱা নাই অৰ্থাৎ কৃত্ৰিম হাঁচি মাৰিব পৰা হোৱা নাই, বহুতেই তেওঁলোকক জলকীয়াৰ গুড়িৰ দৰে উত্তেজক বস্তুবোৰ শুঙিবলৈ দিয়ে। তেনে কৰিলে প্ৰবল জোৰে হাঁচি আহে আৰু হাঁচিৰ লগতে বস্তুটো বাহিৰ হৈ আহে। এনেকৈয়ো বস্তুটো বাহিৰ কৰিব নোৱাৰিলে কোনো কাল বিলম্ব নকৰি নাক-কাণ-ডিঙি বিশেষজ্ঞৰ শৰণাপন্ন হোৱা উচিত। সাৱধানতা অনাহকতে লৰা-ঢপৰা কৰি সময় অতিবাহিত কৰিলে অৰ্থাৎ-বিজাতীয় বস্তুটো বেছি সময় ধৰি নাকৰ ফুটাত থাকিলে তাত ৰোগৰ বীজাণু সংক্ৰমণ, স্প্ৰীতি আৰু কেতিয়াবা ঘাঁও হ’ব পাৰে। লিখক: ডা: ৰফিক আলী।