খাদ্যনলী আৰু পাকস্থলীত বাহিৰৰ পৰা বিজাতীয় বস্তু হঠাতে সোমাই যায়। সেয়াও কামৰ সময়তেই দেখা দিয়ে। কাম কৰি থকা সময়ত বহুতে সৰু সৰু বস্তু কিছুমান (যেনে, বেজী, বুটাম, পিন আদি) মুখত লৈ থাকে; দাঁতেৰে ধৰি থাকে আৰু কব নোৱাৰাকৈয়ে অকস্মাতে গিলা যায়। ঘূৰণীয়া, মসৃণ সৰু বস্তুবোৰ অন্ত্ৰৰ সমস্ত পথ অতিক্ৰম কৰি বেছিভাগ ক্ষেত্ৰতে শৌচৰ সৈতে ওলাই যায়। কিন্তু জোঙা বা আকাৰত ডাঙৰ বস্তুবোৰ পাকস্থলী আৰু অন্ত্ৰপথৰ কৰবাত নহয় কৰবাত খামোচ খাই ৰৈ যাব পাৰে আৰু তেতিয়া ৰক্তপাত, অন্ত্ৰছেদন আদিৰ দৰে বিপদজনক জটিলতাৰ সৃষ্টি কৰিব পাৰে। সৰু বস্তু গিলা গ’লে এনে ব্যৱস্থা কৰিব লাগে যাতে বস্তুটো তাৰাতাৰি অন্ত্ৰপথৰ ফালে আগবাঢ়ি যাব পাৰে। দুৰ্দশাগ্ৰস্তক কোষযুক্ত পদাৰ্থ-পাউৰুটি, আলু, বন্ধাকবি, গাঁজৰ, বিট আদি অধিক খাবলৈ পৰামৰ্শ দিব লাগে। সাৱধানতা: জোলাপ যেন কোনো ক্ষেত্ৰত দিয়া নহয়। কি দৰে শেষ পৰ্যন্ত চিকিৎসা কৰা হ’ব-তাৰ বাবে চিকিৎসকৰ শৰণাপন্ন হওক। জোঙা বা আকাৰত ডাঙৰ বস্তু যদি গিলা আৰু তাৰ পাছত উৰ:ফলকৰ পিছফালে আৰু পেটত বিষ আৰম্ভ হয় তেন্তে দুৰ্দশাগ্ৰস্তক কোনো খাদ্যই দিব নালাগে। আনকি পানীপৰ্যন্ত দিয়া নিষেধ। দুৰ্দশাগ্ৰস্তক লগে লগে চিকিৎসালয়লৈ স্থানান্তৰিত কৰিব লাগে। লিখক: ডা: ৰফিক আলী।