নাকৰ ৰক্তক্ষৰণ নাকৰ পৰা তেক ওলালে নাকৰ ওপৰত বৰফৰ টুকুৰা এটা ধৰি থাকিব লাগে। তেজ ওলোৱা বন্ধ হ’ব। জুয়ে পুৰিলে জুয়ে পুৰিলে নতুবা আন গৰম বস্তুৱে পুৰিলে পোৰা অংশত লগে লগে ঠাণ্ডা পানী ঢালিব লাগে। পোৰাৰ যন্ত্ৰণা কমে। ভৰি মোচোকা খালে ভৰিত মোচোকা খালে বা কঁকালত বিষ হ’লে গৰম পানীৰ বেগেৰে সেক দিলে আৰাম পোৱা যায়। আঁঠুৰ বিষ হ’লে কাপোৰত বৰফৰ টুকুৰা বান্ধি সেক দিলে বিষ কমি আহে। জ্বৰ হ’লে জ্বৰ হ’লে শৰীৰৰ তাপ কমাবলৈ কপালত পানীত তিওঁৱা কাপোৰ দিব লাগে আৰু সৰ্বশৰীৰ তিতা কাপোৰেৰে মোহাৰি দিব লাগে। চাইনাচ হ’লে সদায় ভৰি দুখন কুহুমীয়া পানীত ডুবাই ৰাখিব লাগে। ডিঙিৰ বিষ এগিলাচ কুহুমীয়া পানীত আধা চামুচ নিমখ মিহলাই কুলকুল কৰিলে ডিঙিৰ বিষৰ উপশম ঘটে। ব্যায়াম পানীতো মানুহে ব্যায়াম কৰি সুফল লাভ কৰিব পাৰে। পানীত সাঁতুৰিলে কেলৰি ক্ষয় হৈ উচ্চ ৰক্তচাপ, মেদবহুলতা, ডায়েবেটিছ আদিৰ পৰা উপকাৰ সাধন হয়। পানীত শৌচ হ’লে পানীৰ লগত সামান্য নিমখ আৰু চেনি বা ইলেক্ট্ৰল জাতীয় দ্ৰৱ মিহলি কৰি খালে পনীয়া শৌচৰ বাবে শৰীৰত উৎপন্ন হোৱা নৰ্জলা অৱস্থা দূৰ হয়। গাঁঠিৰ বিষ গাঁঠিৰ বিষ হ’লে হাত ভৰি কুহুমীয়া পানীত তিয়াই ৰাখিলে বিষ কমে। গুহ্যদ্বাৰ বিষ এটা গামলাত কুহুমীয়া পানী লৈ তাত অকণমান Aquaflevin মিহলাই নিতম্ব ডুবাই ৰাখিলে আৰাম পোৱা যায়। প্ৰস্ৰাৱ জ্বলা-পোৰা কৰিলে পানী খালে প্ৰস্ৰাৱৰ জ্বলা-পোৰা যন্ত্ৰণাৰ যথেষ্ট উপশম ঘটে। মুঠতে পানীয়ে বহুতো বেমাৰৰ প্ৰাথমিক চিকিৎসাত সহায় কৰে। আমি দিনে ৮/৯ গিলাচ পানী খাব লাগে। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।