শুশ্ৰূষাৰ ক্ষেত্ৰত ফিজিঅ’থেৰাপী অটা বিশেষ আৰু অতি প্ৰয়োজনীয় চিকিৎসা। এই চিকিৎসাৰ দ্বাৰা ৰোগীসকলে পুনৰ সুস্ত হৈ সক্ৰিয়ভাবে কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ দৈনন্দিন কামবোৰ কৰি যাব পাৰে। আমাৰ সকলোৰে হ’ব পৰা বিভিন্ন ৰোগ, যেনে-ককাল বিষ,ডিঙি বিষ,আঠু বিষ,আৰ্থৰাইটিছ, শিশুসকলৰ কিছুমান ৰোগ-চেৰিব্ৰেল পালচি,নিউৰ’লজিকেল স্ত্ৰ’ক মান্তিপল স্কেল’ছিছ। ইত্যাদি ৰোগৰ লগত যুজি নিজেক আগুৱাই নিয়াত ফিজিঅ’থেৰাপীৰ গুৰুত্ব অপৰিসীম। আজিও আমাৰ মাজত বহু লোক আছে যিসকলে ফিজিঅ’থেৰাপী কি নাজানে অথবা শুনিছে যদিও বিশ্বাসেৰে ল’বলৈ টান পায়। তেওলোকৰ ধাৰণা-কেৱল ওষধ সেৱন কৰিহে আৰোগ্য হ’ব পৰা যায়। বহু ৰোগী আছে যিসকলে ধৈয্য্ আৰু বিশ্বাস হেৰুৱাই কেৱল দুই-তিনি দিন চিকিৎসা কৰিয়ে বাদ দিয়ে। কিন্ত্তু তেওঅলোকক সুস্থ কৰি পুনৰ আগৰ পাৰ্যয়লৈ নিবলৈ এইখিনি সময় যথেস্ত নহয়। আকৌ কেতিয়াবা ৰোগীয়ে ফিজিঅ’থেৰাপীষ্টে উল্লেখ কৰি দিয়া নিৰ্দিষ্ট সময়ৰ পুৰ্বে অলপ ভলপোৱাৰ লগে লগে আৰু চিকিৎসা ল’বলৈ নাহে, ফলত পুনৰ তেওলোকে অধিক কষ্ট ভুগিবলগীয়া হয়। পোনপ্ৰথমে যেতিয়া এগোৰকী ৰোগী ফিজিঅ’থেৰাপীষ্টৰ ওচৰলৈ আহে তেতিয়া থেৰপিষ্টে ৰোগীৰ অসুবিধাসমুহৰ সবিশেষ সুধি, যেনে-কেতিয়াৰপৰা লক্ষণসমুহ গম পাইছিল,কেতিয়া বেছি অসুবিধা হয়, তেওৰ ব্বৃত্তি,বয়স,লিংগ ইত্যাদি সুধি অখন এডভাইচ শ্লিপ দিয়ে। য’ত ৰোগীক কি কি চিকিৎসা কৰা হ’ব,কিমান দিন কৰিব লাগিব,তেওৰ মূখ্য অসুবিধা আৰু পৰামৰ্শসমূহ উল্লেখ থাকে। ৰোগীৰ ৰোগটো কিমান পূৰণ বা কিমান নতুন তাৰ ওপৰত নিৰ্ভৰ কৰি অথবা ৰোগটোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিহে কিমানদিনীয়া চিকিৎসা লাগিব উল্লেখ কৰা হয়। ৰোগীজনে চিকিৎসা গ্ৰ্হনেই নহয় পৰামৰ্শসমূহো কিমান অনুসৰণ কৰিছে সেইটোও গুৰুত্বপুৰ্ন। ফিজিঅ’থেৰাপীৰ চিকিৎসা গ্ৰ্হনেই নহয় পৰামৰ্শসমূহো কিমান অনুসৰণ কৰিছে সেইটোও গুৰুত্বপূৰ্ন। ফিজিঅ’থেৰাপীৰ চিকিৎসা পদ্ভতি বিভিন্ন ধৰণৰ ।এই পদ্বতি বিভিন্ন ধৰণৰ। এই পদ্বতিবোৰ ৰোগ সাপেক্ষেহে ব্যৱহাৰ কৰা হয়। ভিন্ন ৰোগীৰ বাৱে ভিন্ন পদ্বতি। পদ্বতিবোৰ ৰোগ সাপেক্ষেহে ব্যৱহাৰ কৰা হয়। ভিন্ন ৰোগীৰ বাৱে ভিন্ন পদ্বতি। কিছুমান ব্যায়াম ৰোগীয়ে ঘৰতো কৰিব পাৰে যাতে পিছলৈ বেছি ভূগিবলগীয়া নহয়। লিখকঃ জুলী বৰুৱা, দৈনিক অসম