আমি খোৱা খাদ্য প্ৰনালীয়েই হওঁক বা চলন ফুৰণৰ নিয়মনীতিৰ ফলতেই হওক বৰ্তমান বেছিভাগ লোকেই ভুগি আছে ফেঁটী লিভাৰৰ বেমাৰত। আজি আমি আজি সহজভাৱে এই ৰোগৰ বিষয়ে সবিশেষ আলোচনা কৰিম।

ফেঁটী লিভাৰ মানে কি?

যেনেকৈ আমাৰ শৰীৰৰ পেট, তপীনা, কৰঙন,বাহু আদিত চৰ্বী জমা হয়। থিক তেনেদৰে লিভাৰৰ ভিতৰত ফেট বা চৰ্বী জমা হলে তাক কোৱা হয় ফেঁটী লিভাৰ অৰ্থাৎ সাধাৰণতে কোনো কাৰণতে লিভাৰৰ কোষত জমা নোহোৱা চৰ্বী জমা হবলৈ ধৰে।

লিভাৰত ফেট জমা হব নোৱাৰে নেকি?

নিশ্চয় পাৰে। আমাৰ শৰীৰৰ পেটত অৱস্থিত লিভাৰ হৈছে এটি অতি দৰকাৰী গ্ৰন্থি।আমি খোৱা খাদ্য সমূহ পৰিপাক প্ৰক্ৰিয়া কৰি সুক্ষ্ম কনালৈ ৰূপান্তৰিত কৰাত লিভাৰে সহায় কৰে। এই গোটেই প্ৰক্ৰিয়াক metabolism বুলি কোৱা হয়।কাৰ্বোহাইড্ৰেট ৰ পৰিপাক krebs cycle, ফেটৰ Beta oxidation আৰু প্ৰটিনৰ পৰিপাক প্ৰক্ৰিয়া protein metaboism ৰ দ্বাৰা হয়। এই সম্পূৰ্ণ প্ৰক্ৰিয়া লিভাৰৰ ভিতৰত থকা hepatocyte নামৰ কোষৰ দ্বাৰা সম্পাদিত হয়।আপুনি শুনি আচৰিত হব যে এই এটা গ্ৰন্থি যিয়ে প্ৰয়োজনত ৰক্তও উৎপাদন কৰে, খাদ্য হজম কৰিবৰ কাৰণে পিত্ত ৰসৰ সৃষ্টি কৰে আৰু সমগ্ৰ শৰীৰৰ অলগতিয়াল দ্ৰব্য সমূহ শৰীৰৰ পৰা নিষ্কাশন কৰাত সহায়ো কৰে।

কিয় জমা হয় লিভাৰত ফেট?

এই কথাখিনি জনাৰ আগতে লিভাৰত ফেটৰ কেনেদৰে পৰিপাক হয় তাৰ বিষয়ে জনা দৰকাৰ।আমি খোৱা খাদ্য সমূহ হজম হলে প্ৰটিনৰ সহায়ত লিভাৰত প্ৰৱেশ কৰে। লিভাৰে খাদ্যৰ পৰা পোৱা চৰ্বিৰ বাহীৰেও লঘোণে থাকিলে বা অন্য ৰোগত শৰীৰৰ চৰ্বী ভাঙোন হৈ fatty acid লৈ ৰূপান্তৰিত হলেও চৰ্বী পাব পাৰে। লিভাৰৰ এই fatty acid সমূহ বিভিন্ন প্ৰক্ৰিয়াৰ বাবে ব্যৱহৃত হয়। আৰু লিভাৰৰ পৰা নিৰ্গত হোৱা আলফা গ্লিচাৰো ফচফেট নামৰ এবিধ আন্তঃস্ৰাবী গ্ৰন্থিৰ সহায়ত ট্ৰাই গ্লিচাৰাইডলৈ ৰূপান্তৰিত হয় আৰু এই ট্ৰাই গ্লিচাৰাইড লিভাৰৰ পৰা শ্ৰবিত হোৱা এপো প্ৰটিনৰ সহায়ত লাইপো প্ৰটিন নামেৰে তেজলৈ প্ৰবাহিত হয়।চিকিৎসকে যেতিয়ে তেজৰ ফেট চাব বিচাৰে তেতিয়া lipid profile নামৰ এবিধ পৰীক্ষা লিখে আৰু ইয়াৰ দ্বাৰা লাইপো প্ৰটিনৰেই পৰীক্ষা হয় য'ত কলেষ্টেৰল, ট্ৰাই গ্লিচাৰাইড, ভি এল দি এল, এল দি এল, এইচ দি এল আদি কেইবাটাও ফেটৰ পৰীক্ষা হয়। ইয়াৰ ভিতৰত এইচ দি এল বেছি হলে ভাল আৰু অন্যবোৰ বেছি হলে ফেট পৰিপাক প্ৰক্ৰিয়াৰ বিশংগতিক বুজায়। ফেট পৰিপাক প্ৰক্ৰিয়াৰ বিশংগতি হলে লিভাৰত ফেট জমা হবলৈ ধৰে।

কি কি কাৰণত ফেঁটী লিভাৰ হয় -

১) খাদ্যত চৰ্বিৰ পৰিমাণ বেছি হলে লিভাৰত চৰ্বী জমা হবলৈ ধৰে।

২)বহুদিন লঘোনে থাকিহে শৰীৰত জমা হোৱা চৰ্বিৰ ভাঙোন হৈ লিভাৰত জমা হয়। এনে অৱস্থাত ৰোগীজনে ক্ষীনাই যাব কিন্তু কিন্তু ফেঁটী লিভাৰ হব।

৩)শকত ব্যক্তিৰ ফেটি লিভাৰ হয়।

৪)বংশগত ভাৱেও এই ৰোগ হব পাৰে।

৫)অনিয়ন্ত্ৰিত ডায়েবেটিজ ৰোগীৰ ফেঁটী লিভাৰ হব পাৰে।

৬)থাইৰয়ডৰ বেমাৰ বিশেষকৈ হাইপো থাইৰয়ডত ভোগা ৰোগীৰ ফেটি লিভাৰ হোৱা দেখা যায়।

৭)যিসকল ব্যক্তিৰ হজম শক্তি ঠিক নহয় তথা ক্ৰনিক ডিচেন্ত্ৰী ৰোগত ভুগি আছে তেনে ৰোগীৰ ফেটি লিভাৰ হোৱা দেখা যায়।

৮)আটাইতকৈ ডাঙৰ কাৰণটোৱেই হৈছে মদ্যপান কৰা। মদ্যপান কৰা ব্যক্তি সকলৰ আলফা গ্লিছাৰো ফচফেটৰ ক্ষৰণ কৰাত বাধাৰ সৃষ্টি কৰে। যাৰ ফলত লিভাৰত ফেটৰ পৰিপাকত বিশংগতি জন্মে আৰু ফেটি লিভাৰ হয়। তদুপৰি মদ্যপান কৰা ব্যক্তি সকলে মদৰ লগত অত্যধিক চৰ্বী জাতীয় খাদ্য সেৱন কৰাটোও এই ৰোগত ভূগাৰ অন্যতম কাৰণ।

৯)বহুদিনীয়া পুৰণি ৰোগত ভুগি থকা ব্যক্তিৰ ফেঁটী লিভাৰ হয়।

১০)লিভাৰ বা যকৃতৰ অনিষ্টকাৰী কেতবোৰ ঔষধি যেনে ক্ল'ৰ'ফৰ্ম, ইথাৰ, এষ্ট্ৰজেন, ষ্টেৰয়ড জাতীয় ঔষধি, টেত্ৰা চাইক্লিন জাতীয় এন্টিবায়োটিক ঔষধিয়ে লিভাৰত ফেট জমা হোৱাত ইন্ধন যোগায়।

১১)হেপাটাইতিজ বি বা চি হলে চিকিৎসা নকৰিলে পৰৱৰ্তী সময়ত ফেটি লিভাৰ হব পাৰে।

১২)জণ্ডিচ ৰোগৰ চিকিৎসাৰ বাবে গাঁৱ ভুয়ে স্বয়ম্ভূ চিকিৎসকে দিয়া বনৌষধিৰ চিকিৎসাৰ বাবেও পৰৱৰ্তী সময়ত ফেটি লিভাৰ হয় বুলি গৱেষণাত ধৰা পৰিছে।

কোনবোৰ খাদ্য অনিষ্টকাৰী?

মই আগতেই উল্লেখ কৰিছোঁ যে অত্যাধিক চৰ্বী জাতীয় খাদ্য সেৱনৰ ফলত লিভাৰত ফেট জমা হয়।অত্যাধিক ফেট যুক্ত খাদ্য বুলি কলে আমি সাধাৰণতে,কণী,ব্ৰইলাৰ মাংস, খাহী মাংস, ঘি, বাটাৰ, ক্ৰীম, আদি বুজোঁ। সাধাৰণতে এনেবোৰ খাদ্য আজিকালি বেছিকৈ খোৱা যায়। ৰেষ্টুৰেণ্টৰ খাদ্য যেনে বাটাৰ চিকেন তন্দুৰী, চিকেন, পনীৰ বাটাৰ মছলা, চাওঁমিন, ব্ৰেড বাটাৰ, বাটাৰ নান প্ৰভৃতি খাদ্য সেৱন আজিকালিৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। এনেবোৰ খাদ্য সেৱন আৰু আৰামী জীৱন যাপন ফেঁটী লিভাৰ বেমাৰৰ মুখ্য কাৰণ হিচাবে বিবেচিত হৈছে।

ফেটি লিভাৰৰ প্ৰাৰম্ভিক লক্ষণ কি?

আৰম্ভণিতে ৰোগীৰ তলত দিয়া লক্ষণ হব পাৰে-

১)খাদ্য খোৱাৰ পিছত পেটটো ফুলিব। চৰ্বী জাতীয় খাদ্য খালে বেছি হব।

২)বদ হজম হব।বহু সময়লৈ খোৱা খাদ্য হজম নহব।

৩)পেটৰ সামান্য বিষ অনুভৱ হব।

৪)পাইখানা এঠা জাতীয় হব। অৰ্থাৎ পাইখানা পেনত লাগি থাকিব।

ফেটি লিভাৰৰ সুদূৰ প্ৰশাৰী প্ৰভাৱ।

ফেটি লিভাৰ হোৱা মানেই জানিব আপোনাৰ লিভাৰ দুৰ্বল হৈছে আৰু ক্ৰমান্নয়ে আৰু বেয়াৰ পিনে যাব।বহুদিন ফেটি লিভাৰ হৈ থাকিলে ক্ৰমান্নয়ে লিভাৰৰ কোষবোৰ শুকাই যাব ধৰে আৰু এটা সময়ত অকামিলা হৈ পৰে যাক কোৱা হয়। cirrhosis of liver cirrhosis of liver হলে পেটত পানী জমা হবলৈ ধৰে। মানুহজন ক্ৰমান্নয়ে ক্ষীনাই যাব ,হাত ভৰি, মুখমণ্ডল শুকাই যাব আৰু পেটৰ পানীজমা বাঢ়ি যাব। অন্তিম পৰ্য্যায়ত ৰোগীৰ মৃত্যু অনিবাবাৰ্য্য।

চিকিৎসা -

চিকিৎসা বুলি কলেই আমাৰ মনলৈ ঔষধৰ কথা আহে। কিন্তু ঔষধ নিখোৱাকৈ ও এই ৰোগক নিয়ন্ত্ৰনলৈ আনিব পাৰি।

*বিনা ঔষধৰে চিকিৎসা

*ডায়েবেটিজ, থাইৰয়ড প্ৰভৃতি ৰোগ থাকিলে তাৰ চিকিৎসা কৰিলে ফেটি লিভাৰ আপোনা আপুনি নোহোৱা হৈ যায়।

*মদ্যপান বৰ্জন কৰক।

*ৰেস্তোৰাঁ, বিবাহ সবাহ যিমান পাৰে আঁতৰি থাকক।বা যাব লগা হলেও খাদ্যৰ তালিকাখন চিন্তা কৰিহে খাব।

*লঘোণ হৈছে এই চিকিৎসাৰ অতি ফলপ্ৰসু চিকিৎসা। আপুনি যদি তিনি মাহ মান অকল তেলবিহীন সিজোৱা খাদ্য খাব পাৰে তেন্তে অতি শীঘ্ৰে এই ৰোগৰ পৰা মুক্তি পাব পাৰিব।

*নিয়মিত বেগাই এক ঘণ্টাকৈ খোজ কাঢ়ক।খোজ কাঢ়িলে আমাৰ চৰ্বী সমূহৰ ভাঙোন হবলৈ ধৰে আৰু এটা সময়ত লিভাৰৰ পৰা সঞ্চিত চৰ্বীৰো ভাঙোন হয় যাৰ ফলত ফেটি লিভাৰ নোহোৱা হয়।মনত ৰাখিব কেইদিনমান খোজ কাঢ়িয়ে সুফল আশা নকৰিব। অন্তত তিনি মান মান খোজ কাঢ়িব আৰু পিছলৈ ও এই চেষ্টা অব্যাহত ৰাখিব।

ফেটি লিভাৰ নিয়ন্ত্ৰণত কেতবোৰ আয়ুৰ্বেদিক ঔষধি -

লিখনিটো পঢ়ি থকা ফেটি লিভাৰৰ ৰোগী সমূহে নিশ্চয় এই খিনিলৈ হে অপেক্ষা কৰি আছে। কিয়নো ওপৰোক্ত কৰ্ম সমূহ কৰাটো কষ্ট হয়।কিন্তু মনত ৰাখিব অকল ঔষধেৰে এই ৰোগক নিয়ন্ত্ৰণ কৰিব নোৱাৰি। তথাপি কেতবোৰ আয়ুৰ্বেদিক ঔষধ অতি ফলপ্ৰসু। উদাহৰণ স্বৰূপে

১)তেজপাত,দালচেনী,আৰু ইলাচী সম পৰিমাণত মিহলাই গুৰি কৰি লব। নিতৌ আধা চামুচকৈ কুহুমীয়া গৰম পানীৰে খাব প্ৰায় দুমাহলৈ। আলট্ৰা ছনোগ্ৰাফী কৰি চাব দুমাহ পিছত।

২)নিয়মিত কেঁচা হালধীৰ ৰস ছয় চামুচকৈ খাব পাৰে।

৩)শিলিখাৰ গুৰি এচামুচকৈ দিনত দুবাৰকৈ দুমাহমান খালে ফেটি লিভাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি।

৪)এলোভেৰাৰ সতেজ ৰস এচামুচকৈ নিতৌ খালেও ফেটি লিভাৰ ঠিক হয়।

৫)ইয়াৰোপৰি কালমেঘ, চিৰায়তা, ভৃঙ্গৰাজ, ছিলিমেৰিন জাতীয় বনৌষধি ফেটি লিভাৰৰ বাবে উত্তম।

উক্ত ঔষধ সমূহৰ উপৰিও আয়ুৰ্বেদীকৰ শাস্ত্ৰীয় অনেক ঔষধি উপলব্ধ তথা বিভিন্ন ধৰণৰ পেটেণ্ট ঔষধীও বজাৰত উপলব্ধ।

(বিঃদ্ৰ:-যিহেতু ফেটি লিভাৰৰ কাৰণ ভিন্ন সেয়েহে অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ হতুৱাই চিকিৎসা কৰিলে এই ৰোগৰ পৰা আপুনি নিশ্চয় মুক্তি পাব)

লেখক: ডাঃ অনুপ বৈশ্য

ফোন নং- 8638211711