বজ্ৰ আঘাতৰ ক্ষতসমূহ বৈদ্যুতিক আঘাতৰ ক্ষতৰ দৰে প্ৰায় একেই। ছালত কিছুমান ঘন নীলা ৰঙৰ দাগ দেখা যায় ঠিক যেন শাখা-প্ৰশাখাযুক্ত গছৰহে ছবি। স্থানীয় ৰক্তবাহী শিৰাসমূহৰ স্ফীতিৰ বাবেই এনেধৰণৰ দাগ দেখা দিয়ে। বজ্ৰ আঘাতৰ সাধাৰণ উপসৰ্গসমূহ হৈছে-অৱশ হৈ যোৱা, শ্ৰৱণ আৰু বাকশক্তি লোপ পোৱা, সম্পূৰ্ণ বা আংশিকভাৱে সংজ্ঞালোপ পোৱা, শ্বাস-প্ৰশ্বাস বন্ধ হৈ যোৱা ইত্যাদি। দুৰ্দশগ্ৰস্তক লগে লগে তেনে ঠাইৰ পৰা আঁতৰাই আনিব লাগে। আৰু প্ৰয়োজন সাপেক্ষে সকলো ধৰণৰ সাহাৰ্য আগবঢ়াব লাগে। দুৰ্দশগ্ৰস্তই সংজ্ঞা হেৰুৱালে পিন্ধি থকা কাপোৰ আদি সোলোকাই দি মুক্ত বায়ু পোৱাত সহায় কৰিব লাগে। চকুৱে-মুখে ঠাণ্ডা পানী ছটিয়াব লাগে। শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াত ব্যাঘাত জন্মিলে কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থা ল’ব লাগে। সংজ্ঞা পোৱাৰ পাছত বা সামান্য সুস্থ হোৱাৰ পাছত গৰম চাহ বা কফি খাবলৈ দিব লাগে। এনে দুৰ্দশগ্ৰস্তক মাটিত কেতিয়াও শুৱাই থব নালাগে। বহুতে বজ্ৰাহত ব্যক্তিৰ শৰীৰ মাটিৰে ঢাকি থয়। এনে ব্যৱস্থাই বেছি সমস্যাৰহে সৃষ্টি কৰে। তেনে কৰিলে শ্বাস-প্ৰশ্বাসত বাধাৰ সৃষ্টি হ’ব পাৰে। শৰীৰত ঠাণ্ডা লগাৰ ফলত তেজ চলাচলতো বাধাৰ সৃষ্টি হয়। তাতোকৈ মূল্যৱান কথা, ইয়াৰ ফলত প্ৰাথমিক সাহাৰ্য দানত যথেষ্ট পলম হয়। লিখক: ডা: ৰফিক আলী।