বিষাক্ত সৰ্পৰ দংশন-জীৱনৰ বাবে খুবেই বিপদজনক। দংশনৰ লগে লগেই দেখা দিয়ে ভীষণ জ্বলা-যন্ত্ৰণাদায়ক বিষ, ঠাইখিনি ৰঙা পৰে আৰু ফুলি উঠে। লসিকাবাহী শিৰাৰ পথবোৰ ৰঙা সূতাৰ নিচিনা স্পষ্ট হৈ পৰে। লগে লগে বিষক্ৰিয়াৰ উপসৰ্গসমূহো দেখা দিয়ে। যেনে-মুখ শুকাই যোৱা, পিয়াহ লগা, বমি, পাতল পায়খানা, টোপনি টোপনি ভাব, মাংসপেশীৰ কঁপনি আৰু শিলামূৰিয়ে ধৰা, কথা লাগি ধৰা, গিলিবলৈ কষ্ট হোৱা; কেতিয়াবা কেতিয়াবা আকৌ গতি সঞ্চালক তন্ত্ৰৰ পক্ষাঘাত ইত্যাদি। দংশনৰ পাছত ২ মিনিটৰ ভিতৰতে দংশন কৰা ঠাইৰ যথেষ্ট ওপৰত সামান্য চাপ পৰাকৈ গামোচা বা ৰুমালেৰে বান্ধি দিব লাগে। তাৰ পৰিৱৰ্তে কাপোৰ পকাই পকাই ৰচিৰ দৰে কৰিও বান্ধি ল’ব পাৰি। দংশনৰ ঠাইখিনিৰ ছাল যথেষ্ট পৰিমাণে কাটি দিব লাগে যাতে ভিতৰৰ তেজ বাহিৰলৈ ওলাই আহে। কাটিবলৈ ব্যৱহাৰ কৰা ছুৰীখন জুইত পুৰি তেজ বাহিৰলৈ ওলাই আহে। কাটিবলৈ ব্যৱহাৰ কৰা ছুৰীখন জুইত পুৰি বা জীৱাণুবাৰক দ্ৰৱত তিয়াই জীৱাণুমুক্ত কৰি লোৱা ভাল। ইয়াৰ পাছত এটা মেডিকেল কাপ লৈ, মেডিকেল কাপৰ পৰিৱৰ্তে সৰু গিলাছ ল’লেও হ’ব; কাঠি এডালত অকণমান কপাহ লৈ জ্বলাব লাগে, এই জুইখিনি ২-৩ ছেকেণ্ডৰ বাবে কাপ বা গিলাচটোৰ ভিতৰত ৰাখি উলিয়াই দিব লাগে আৰু লগে লগে পাত্ৰটো দংশন কৰা স্থানত উবুৰিয়াই হেঁচি ধৰিব লাগে। এনে কাৰ্য্যই ভিতৰলৈ শোষিত হোৱা বিষ বাহিৰ কৰাত সহায়ক হয়। বিষ শুহি লোৱাৰ পাছত পটেছিয়াম পাৰমেংগানেট দ্ৰৱৰে বা ছডিয়াম বাইকাৰ্বনেট দ্ৰৱৰে ক্ষত ধুই পঁচ ধৰিব নোৱাৰাকৈ বান্ধি দিব লাগে। যদি দংশনৰ স্থান ইতিমধ্যেই ফুলি উঠে আৰু দুৰ্দশাগ্ৰস্তক সৰ্পবিষবিৰোধী বেজী বা চিৰাম দিয়া হয় তেন্তে বিষ শোষণৰ বা কাপোৰেৰে বন্ধাৰ ব্যৱস্থা কৰিব নালাগে। তাৰ পৰিৱৰ্তে ক্ষত ভালকৈ ধুই বীজাণুমুক্ত কৰি দংশিত অংগটো নিশ্চল কৰি ৰাখিব লাগে। শান্ত পৰিৱেশ সৃষ্টি কৰিব লাগে। চাৰিওফালে বৰফৰ বেগেৰে ঢাকি শৰীৰ শীতল কৰি ৰাখিব লাগে। দুৰ্দশাগ্ৰস্তক প্ৰচুৰ পৰিমাণে চাহ, গাখীৰ, পানী আদি পানীয় খাব দিব লাগে। বিষনাশক ঔষধৰ ব্যৱস্থা কৰিব লাগে আৰু লগে লগে দুৰ্দশাগ্ৰস্তক চিকিৎসালয়লৈ স্থানান্তৰিত কৰিব লাগে। ঘৰুৱা ব্যৱস্থা পচতীয়াৰ পাত আৰু শুকান আদাৰ গুড়ি মিহলাই বটি খালে সৰ্প বিষ নাশ হয়। তৰুৱা কদমৰ শিপা বটি খাব লাগে। (তৰুৱা কদমৰ শিপা হাতত লৈ সাপৰ গাত দিলে, বা সাপৰ গাত এই শিপা পেলাই দিলে সাপ অচল হয়, ফলত সহজে ধৰিব পাৰি)। হালধি, এলান্ধু, কটা, খুতুৰা, আচুকাঠ আদিক একেলগে সিদ্ধ কৰি পানী ভাগ লৈ ঘিউৰ সৈতে খালে সাপৰ সকলো বিষ নষ্ট হয়। হাতীগুৰীয়াৰ শিপা আৰু ভুঁই চম্পাৰ শিপা বটি খালে সাপৰ বিষ নষ্ট হয়। কপৌ ফুলৰ শিপা ১০ টা মান জালুকৰ সৈতে বটি খালে সাপৰ বিষ নাশ হয়। এই ঔষধ খোৱাৰ অলপ পাছতে ফিটাকিৰি মিহলোৱা পানী খাব। যদি বিষ নকমে, তেন্তে বমি হ’ব আৰু তেতিয়া আৰু এবাৰ এই ঔষধ পালি খাব। ৰঙা জবা ফুলৰ শিপা বটি খালেও উপকাৰ পোৱা যায়। আকণৰ শিপা বটি খালেও একে ফল পোৱা যায়। সোণবৰিয়ালৰ শিপা ৩০ গ্ৰাম, ৫ গ্ৰাম জালুকৰ সৈতে বটি খাব। অপৰাজিতা ফুলৰ শিপা বটি খাব। আকণৰ শিপা আকণৰ ৰসত বটি খাব। বগা কৰবী ফুলৰ শিপা বটি কামোৰা ঠাইত লেপ দিব লাগে আৰু অলপ খাব লাগে। সৰু মানিমুনি, আদা, বেঙেনাৰ ফুল, ডিমৰুৰ শিপা আৰু ছাল বটি খাব আৰু কামোৰা ঠাইত লেপ দিব। কণীবিহৰ গুটি মিহিকৈ বটি কামোৰা ঠাইত লেপ দিব লাগে। বগা কৰবীৰ শিপা গৰুৰ মূত্ৰৰে বটি কামোৰা ঠাইত লেপ দিব। সাপে দংশন কৰা ব্যক্তিৰ মুখেৰে ফেন ওলালে সৰিয়হ বটা পানী খুৱাব। তেনে কৰিলে বমি হ’ব। পাছত কাজি নেমু ফিটাকিৰিৰ গুৰিৰে সঘনাই খুৱাই থাকক। সাপে দংশন কৰা ব্যক্তিয়ে কাণেৰে নুশুনা হ’লে আকণৰ পাত গৰম কৰি কাণ সেকিব। আকণৰ পাতৰ ৰস গৰম কৰি কাণত দিলে কাণৰ বিষ কমে। সাপে দংশন কৰা ব্যক্তিৰ নাকে-মুখেৰে বিজলুৱা পানী ওলালে শিলিখা, পিপলি, আদা আৰু জালুক সমান পৰিমাণৰ লৈ সেই পৰিমাণৰ চেনি মিহলাই উতলাব। এবাৰত ২-৩ চামুচকৈ খাব। লিখক: ডা: ৰফিক আলী।