বৈদ্যুতিক চক আৰু পানীত ডুবা বৈদ্যুতিক চক এনে আক্ৰান্ত ব্যক্তিক সহজে চিনাক্ত কৰিব পাৰি। কাৰণ বৈদ্যুতিক চক পোৱা ব্যক্তিজনৰ ওচৰে পাজৰে বিদ্যুত পৰিবাহী ব্যৱস্থা বা সা-সৰঞ্জামৰ ওচৰত অজ্ঞান হৈ পৰি থাকিব। চিকিৎসা আক্ৰান্ত ব্যক্তিগৰাকীক চিকিৎসা কৰাৰ আগতে প্ৰবাহিত বিদ্যুতৰ চুইছ বন্ধ কৰিব লাগে। ব্যক্তিগৰাকীয়ে উশাহ লৈ থাকিলে তেওঁক ৰিকভাৰী পজিছনত শুৱাই দিব লাগে। ব্যক্তিগৰাকীৰ উশাহ বন্ধ হ’লে কৃত্ৰিম শ্বাস আৰু বুকু মালিছ কৰিব লাগে। চিকিৎসক বা এম্বুলেঞ্চ মাতিব লাগে। পানীত ডোবা শ্বাস নলী পৰিস্কাৰ কৰি আক্ৰান্ত ব্যক্তিয়ে উশাহ নিশাহ লৈ আছেনে নাই চাব লাগে। যদি উশাহ বন্ধ হৈ গৈছে আৰু হৃদস্পন্দন বন্ধ হৈছে তেন্তে কৃত্ৰিম শ্বাস আৰু বুকু মালিছ কৰিব লাগে। আক্ৰান্ত ব্যক্তিক পানীৰ পৰা তোলাৰ পাছত যদি অজ্ঞান অৱস্থাত থাকে তেন্তে তেওঁক ৰিকভাৰী পজিছনত শুৱাই দিব লাগে। চিকিৎসক বা এম্বুলেঞ্চৰ বাবে ততালিকে খবৰ পঠিয়াব লাগে। উৎস: আইএনডিজি দল