মদ্যপান, বৰ্তমান সমাজৰ এক অবিচ্ছেদ্য ৰীতিৰ দৰে গা কৰি উঠিছে। উৎসৱ-পৰ্বন আদিত যেন মদ্যপান নহ’লেই নহয়। ৰেষ্টুৰেন্ট, বাৰ আদিৰ উপৰি লুকাই চোৰকৈ মদ্যপান কৰা মানুহৰ সংখ্যাও কম নহয়। আমাৰ দৰে গ্ৰীষ্ম প্ৰধান দেশত শতকৰা সিংহভাগ ব্যক্তিয়েই মদ্যপান কৰে। শীতপ্ৰধান দেশততো মদ্যপান কৰা ব্যক্তিৰ সংখ্যা আমাতকৈ সদায় বেছি। মদ্যপানৰ পাছত আত্মসংযম হেৰুৱাই বেবেৰিবাং বকি ৰাস্তাই ঘাটে ঘূৰি-ফুৰা বা চেতনাহীন হৈ পৰি থকাটো নিশ্চয় জাতি এটাৰ বাবে শুভ লক্ষণ নহয়। অবৈধ নিয়মে, অপৰিমিত মাত্ৰাত আৰু বল তথা কাল বিবেচনা নকৰাকৈ মদ্যপান কৰিলেই মদাত্যয় ৰোগ জন্মে। তদুপৰি ক্ৰোধ, ভয়, শোক, তৃষ্ণা আৰু ভোকত পীড়িত হৈ নাইবা বহু সময় ধৰি ৰ’দত থাকিলে, ব্যায়াম কৰিলে, ভাৰবহন কৰিলে, খোজকাঢ়ি কাঢ়ি ভাগৰি পৰিলে নাইবা মল-মূত্ৰ ত্যাগ কৰাৰ সময়ত বা খাদ্য অজীৰ্ণ অৱস্থাত, দুৰ্বলতাত ভূগি থকা অৱস্থাত বা ভোজনৰ পাছতে মদ্যপান কৰিলেও মদাত্যয় ৰোগে দেখা দিয়ে। এই ৰোগক আয়ুৰ্বেদ শাস্ত্ৰই চাৰিভাগত বিভক্ত কৰিছে। যেনে-পানাত্যয়, পৰমদ, পানাজীৰ্ণ আৰু পানাবিভ্ৰম। পানাত্যয় ৰোগৰ লক্ষণ বাত-পিত্ত আৰু শ্লেষ্মা- এই তিনিওটা দোষৰ বাবেই পানাত্যয় ৰোগে দেখা দিয়ে। কিছুমান পানাত্যয়ত বাত, আন দুটা দোষতকৈ অধিক পৰিমাণে দায়ী। তেনেবোৰ পানাত্যয়ৰ লক্ষণসমূহ হৈছে মদ্যপানৰ পাছত হিকটি অহা, সঘনাই কাহ হোৱা, শিৰ কম্পন, পাৰ্শ্বশূল, নিদ্ৰাহীনতা আৰু প্ৰলাপ আদি। পিত্তাধিক্যযুক্ত পানাত্যয় ৰোগত তৃষ্ণা জ্বৰ ঘাম, অতিসাৰ, বিভ্ৰম, শৰীৰৰ বৰণ হালধীয়া হোৱা আদি লক্ষণে দেখা দিয়ে। শ্লেষ্মাধিক্যযুক্ত পানাত্যয়ত বমি, বমি বমি ভাব, বমিৰ বেগ, অৰুচি, তন্দ্ৰা, শৰীৰ গধুৰ গধুৰ লগা, অতিশয় শীত আৰু শৰীৰটো তিতা কাপোৰেৰে ঢাকি থোৱা যেন অনুভৱ হোৱা আদি কেতবোৰ লক্ষণ পৰিলক্ষিত হয়। সান্নিপাতিক মদাত্যয়ত এই আটাইবোৰ লক্ষণ সান-মিহলি হৈ একেলগে প্ৰকাশিত হয়। পৰমদৰ লক্ষণ পৰমদ ৰোগত শ্লেষ্মাৰ আধিক্যৰ বাবে নাক-মুখ আদিৰে কফৰ স্ৰাৱ নিৰ্গমন, শৰীৰৰ গধুৰতা ভাব, মুখৰ স্বাদ সলনি হোৱা, মল-মূত্ৰৰ অৱৰোধ, প্ৰস্ৰাৱ কৰোতে গাঠি লগা, অলস অলস ভাব, তন্দ্ৰা, অৰুচি, তৃষ্ণা, মূৰৰ বিষ আৰু শৰীৰৰ অংগ-প্ৰত্যংগৰ গাঁঠিসমূহত ভাঙি যোৱাৰ দৰে বিষ ইত্যাদি লক্ষণ পৰিলক্ষিত হয়। পানাজীৰ্ণৰ লক্ষণ পানাজীৰ্ণ ৰোগত প্ৰধানকৈ পাকস্থলীৰ কেতবোৰ উপসৰ্গ পৰিলক্ষিত হয়। যেনে-উগাৰ, বমি, পেটত জ্বলা জ্বলা ভাব, পীতমদ্যৰ পৰিপাক নোহোৱা আদি। পানবিভ্ৰমৰ লক্ষণ পানবিভ্ৰম ৰোগত গোটেই গাত, বিশেষকৈ হৃদয়ত বেজীয়ে বিন্ধাৰ দৰে বিষ অনুভৱ হয়, কফ স্ৰাৱ নিৰ্গত হয়, ডিঙিৰ পৰা ধোঁৱা ওলোৱাৰ দৰে যন্ত্ৰণা, বমি, জ্বৰ, শিৰশূল দাহ, মাজে মাজে মূৰ্ছা যোৱা আৰু সুৰাৰে প্ৰস্তুত কৰা যিকোনো খাদ্য দ্ৰব্য ভোজনৰ পাছত দ্বেষ আদি বিভিন্ন লক্ষণ পৰিলক্ষিত হয়। সাংঘাতিক মদাত্যয়ৰ লক্ষণ যি মদাত্যয় ৰোগত ৰোগীৰ ওপৰৰ ওঁঠ তললৈ ওলমি পৰে, শৰীৰৰ বাহিৰৰ অংগত অত্যন্ত শীত অথচ ভিতৰভাগত দাহ, মুখ তেল সানি থোৱাৰ দৰে তৈলাক্ত আৰু চিকচিকিয়া, জিভা, ওঁঠ আৰু দাঁত ক’লা বা নীলা বা হালধীয়া বৰণ হোৱা, চকু তেজৰ দৰে ৰঙা হোৱা আদি পৰিলক্ষিত হয় তেন্তে সেয়া হ’ল মদাত্যয়ৰ সাংঘাতিক লক্ষণ। এনে অৱস্থাত ৰোগীৰ প্ৰায়ে মৃত্যু হয়। মত্ততা নিবাৰণৰ উপায় মদ্যপান কৰি তৎক্ষণাৎ ঘিউত চেনি মিহলাই চেলেকি খালে কোনো ধৰণৰ মত্ততা হ’ব নোৱাৰে। ক’দো ধানৰ ভাতৰ পৰা মত্ততা হ’লে কোমোৰাৰ পানী খালে নিবাৰিত হয়। তামোল-পাণ, চুপাৰীম জৰ্দা, চাধা আদি সেৱনৰ ফলত হোৱা মত্ততাত হেঁপাহ পলুৱাই পানী খালে মত্ততা নিবৃত্ত হয়। শুকান গোবৰৰ গন্ধ ল’লে অকণমান নিমখ খালেও তামোল-পাণ, চুপাৰী আদিৰ মত্ততা নিমিষতে দূৰ হয়। ধঁতুৰা ভক্ষণৰ ফলত হোৱা মত্ততাত চেনি মিহলাই গৰম গাখীৰ পান কৰিলে উপকাৰ পোৱা যায়। সিদ্ধি ভক্ষণৰ ফলত মত্ততা জন্মিলে উষ্ণ ঘিউ, কঠাল গছৰ পাতৰ ৰস, তেতেলি মিশ্ৰিত পানী বা ডাৱৰ পানী খাব লাগে। মত্ততা নিবাৰণৰ পথ্যাপথ্য বাতিক মদাত্যয়ত অৰ্থাৎ বাত আধিক্য মত্ততা ৰোগত স্নিগ্ধ আৰু উষ্ণ অৰ্থাৎ কোমল, নিমজ গৰম আহাৰ, নৈ নিজৰা, জলাশয় আদিৰ পানীৰ ধাৰত বিচৰণ কৰা জীৱ-জন্তুৰ মাংসৰ ৰস বা জোল, মাছৰ জোল, লুচি-পুৰি, চপ, কাটলেট আদি টেঙা আৰু নিমখীয়া সোৱাদযুক্ত দ্ৰব্য অতিকৈ হিতকৰ। সহ্য কৰিব পৰালৈকে শীতল ঠাইত শুব লাগে আৰু শীতল পানীৰে গা-ধুব লাগে। পৈত্তিক মদাত্যয়ত শীতল আহাৰ, চেনি, মুগৰ দাইলৰ জোল আৰু সোৱাদ থকা মাংসৰ জোল আদিৰে আহাৰ গ্ৰহণ, সু-শীতল ঠাইত বহা আৰু শোৱা; শীতল বায়ু সেৱন কৰা আৰু শীতল পানীৰে গা-ধোৱা, চন্দন আদি শীতল দ্ৰব্যৰ দ্বাৰা অনুলেপন লোৱা নাৰীৰ আলিংগন অতি হিতকৰ। শ্লৈষ্মিক মদাত্যয়ত প্ৰথমে উপবাসে থাকিব লাগে। পাছত ৰুক্ষ অৰ্থাৎ চৰ্বিহীন ছাগলীৰ মাংসৰ জোল আৰু গৰম আহাৰ গ্ৰহণ কৰিব লাগে। গৰম ঠাইত উঠা-বহা, খোৱা-শোৱা আৰু গৰম পানী খাব লাগে। গা নোধোৱাই ভাল, ধুলেও গৰম পানীৰেহে ধুব লাগে। মদাত্যয়ত আয়ুৰ্বেদিক চিকিৎসা যদি অতিমাত্ৰা মদ্যপান কৰিলে মদাত্যয় ৰোগ জন্মে তেন্তে যথাবিধি সমমাত্ৰাত মদ্যপান কৰিব লাগে। বাতাধিক্য মদাত্যয়ত আগতে খোৱা পীতমদ জীৰ্ণ যোৱাৰ পাছত সচল লৱণ, শুন্ঠ (শুকান আদা), মৰিচ চূৰ্ণ সামান্য পানীৰ সৈতে মিহলাই খাব লাগে। পৈত্তিক মদাত্যয়ত চেনি, দ্ৰাক্ষা (আংগুৰৰ ৰস) আৰু আমলখিৰ ৰসৰ সৈতে পুৰণি শীতবীৰ্য মদ পান কৰিব লাগে। সুগন্ধি মদ বা অধিক পানী মিহলি দ্ৰব্য অথবা চেনি আৰু মৌ মিশ্ৰিত মদ পৈত্তিক মদাত্যয়ত হিতকৰ। মদৰ সৈতে চালিতা, খেজুৰ, কিছমিছ, কলচা, ডালিমৰ ৰস আৰু ছাতু মিহলি কৰি পান কৰিলেও পৈত্তিক মদাত্যয় প্ৰশমিত হয়। যথেষ্ট পৰিমাণে কুঁহিয়াৰৰ ৰস মদৰ সৈতে মিহলাই পান কৰাব লাগে আৰু কিছুবেলি পাছতে সেইবোৰ বমি কৰি উলিয়াই দিব লাগে। শ্লৈষ্মিক মদাত্যয়ত বমি হোৱা দ্ৰব্য মদত মিহলাই সেৱন কৰাৰ পাছত বমি কৰিব লাগে। পাছত ৰোগীৰ বল-শক্তি অনুযায়ী উপবাসে থাকিব পাৰিলে ভাল। চৈ, সচল লৱণ, হিং, টাবা লেবুৰ ছাল, শুন্ঠ আৰু যমানী চূৰ্ণ মিহলি কৰি মদ পান কৰিলে সকলো প্ৰকাৰৰ মদাত্যয়ৰ শান্তি হয়। অষ্টাংগ লৱণ কফজ মদাত্যয়ৰ শ্ৰেষ্ঠ ঔষধ। খৈ চূৰ্ণ পানীত গুলি তাৰ সৈতে পিণ্ড খেজুৰ, কিছমিছ, মনক্কা, তেঁতেলি, ডালিম আৰু আমলখিৰ ৰস মিহলি কৰি পান কৰিলে সকলো ধৰণৰ মদ্যপানজনিত ৰোগেই প্ৰশমিত হয়। মদাত্যয়ত প্ৰযোজ্য আয়ুৰ্বেদিক ঔষধ মদাত্যয় ৰোগত দাহ উপশমৰ বাবে দাহনাশক যৌগসমূহ অৰ্থাৎ ঔষধসমূহ ব্যৱহাৰ কৰিব লাগে। ফলত্ৰিকাদ্য চূৰ্ণ, এলাদ্য মোদক, মহাকল্যাণবটী, পূনৰ্ণবা ঘৃত, বৃহৎ ধাত্ৰী তৈল, শ্ৰীখঞ্জাৱ আদি প্ৰসিদ্ধ ঔষধসমূহ সকলো ধৰণৰ মদাত্যয়তে বিবেচনা সহকাৰে তথা চিকিৎসকৰ পৰামৰ্শৰ অনুযায়ী সেৱন কৰিব পাৰে। লিখক: ডা: ৰফিক আলী।