ৰোগৰ কাৰণ

মাইগ্ৰেইন ৰোগৰ কোনো নিৰ্দিষ্ট কাৰণ নাই। বংশগত কাৰণ, পিত্তৰোগ (অম্লপিত্ত), মানসিক চাপ, মানসিক উৎকণ্ঠা, উপবাস, নিদ্ৰাহীনতা, অত্যধিক চাহ বা কফি সেৱন, মহিলাৰ হৰম’নাল পৰিৱৰ্তন, হুলস্থূলীয়া পৰিবেশ আৰু ধোঁৱাময় পৰিবেশত বসবাস , চকলেট ফাষ্টফুড, ডাইৰী (বেকাৰী) খাদ্য আদিৰ অধিক সেৱন মল-মূত্ৰৰ বেগ ধাৰণ ইত্যাদি মাইগ্ৰেইন ৰোগৰ সম্ভাব্য কাৰণ। এইবিধ ৰোগৰ প্ৰভাৱ মূলতে খাদ্যাভ্যাস, মানসিক চাপ, পৰিৱেশ আৰু জীৱনশৈলীৰ ওপৰত নিৰ্ভৰ কৰে। উপৰি উক্ত কাৰণত মস্তিষ্কৰ ৰক্তনলিকা সংকুচিত হয়, ফলত মস্তিষ্কত ৰক্ত চলাচল ব্যাহত হয়। ফলত তাত অক্সিজেনৰ অভাৱ হয় আৰু স্নায়ু প্ৰসাৰিত হোৱাৰ উপৰি উত্তেজনা উৎপন্ন হয়। লগে লগে মাংসপেশীৰ সংকোচন হয়, ফলত মূৰৰ বিষ অনুভৱ হয়।

সাৱধানতা

ফাষ্ট ফুড, চকলেট, চাহ, কফি, শীতল পানীয়, মদ্যপান, ধূমপান, খং, মানসিক চাপ পৰিত্যাগ কৰিব লাগে। পৰাপক্ষত টোপনি খতি কৰিব নালাগে। কমেও সাত ঘণ্টা টোপনি মাৰিব লাগে। উপবাসে থাকিব নালাগে। খাদ্য নিয়মিতভাৱে একে সময়ত গ্ৰহণ কৰিব লাগে। টিভি, ম’বাইল আদি কমকৈ ব্যৱহাৰ কৰিব লাগে। নিমখ, জলা, মছলা কমকৈ খাব লাগে। ৰ’দত ছাতি ব্যৱহাৰ কৰিব লাগে আৰু পুৱা কমেও ২০ মিনিট খোজ কাঢ়িব লাগে।

চিকিৎসা

এলোপেথিক চিকিৎসা বিজ্ঞানত এইবিধ ৰোগৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই। আয়ুৰ্বেদিক ঔষধৰ প্ৰয়োগৰ লগতে নিয়মিত যোগাভ্যাস, প্ৰাণায়ামৰ দ্বাৰা এইবিধ ৰোগৰ পৰা সম্পূৰ্ণভাৱে পৰিত্ৰাণ পাব পাৰি। আয়ুৰ্বেদিক পঞ্চকৰ্ম, যেনে-নস্য কৰ্ম, শিৰোধাৰা, শিৰো অভ্যংগ, মাইগ্ৰেইন ৰোগত অধিক ফলদায়ক। মাইগ্ৰেইন ৰোগত শিৰ:শূলাদি ব্ৰজৰস, গোদন্তিভস্ম, সূতশেখৰ ৰস, কামদুধা ৰস, নাৰিকেল লৱণ, ৰসুনাদি বটি, পাথ্যদিকাথ্ব, চেফাগ্ৰেইন, টেবলেট, মেনটেট টেবলেট, অনু তেল, সড়বিন্দু তেল আদি আয়ুৰ্বেদিক ঔষধি অত্যন্ত ফলদায়ক। (উপৰি উক্ত ঔষধিসমূহ ব্যৱহাৰ কৰাৰ আগতে উপযুক্ত চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ)।

লেখক: ডা: বিষ্ণু চৌধুৰী, উৎস: দেওবৰীয়া সম্ভাৰ