শিশু মাত্ৰেই চৰ্দি কাহ,জৰ আদি সচৰাচৰ হোৱা স্বাভাবিক ৰোগ । ঠান্ডা পোৱা, বতাহ, ধোৱা ,ধুলি, দুষিত পৰিবেশ , বা বিভিন্ন কাৰনত চৰ্দি কাহ জ্বৰ আদি কম বেচি পৰিমানে প্ৰায়বোৰ শিশুৰে হয় । সথিক চিকিৎসা নহলে কেতিয়াবা এনেবোৰ ৰোগে জটিল ৰূপ ধৰি পিতৃ মাতৃ পৰিয়ালক বিপাঙতো পেলায় । বিশেশকৈ বুকুত কফ জমিলেও শিশুৱে উশাহ নিশাহত বৰ কষ্ট পায় । অন্যহাতে কাহ চৰ্দি হোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ বা ৰোগৰ কাৰন নজনাকৈ য'ৰে তৰে যিকোনো ঔষধ খুউৱাতোও উচিত নহয় । অৱশ্যে স্কুল কলেজ বা মেডিকেল চায়েন্স নপঢ়াকৈও কিছুমান ভুক্তভোগী গৃহস্থ্যই পুৰ্বৰে পৰা কৰি অহা প্ৰাথমিক যতন বোৰো দলিয়াই পেলাব লগা বিধৰ নহয় । তেনে কিছুমান যতন তলত উল্লেখ কৰা হল । শিশুৰ ৰোগ হোৱাৰ লগে লগে হতাশ নহৈ এনে প্ৰাথমিক ব্যবস্থা বোৰো লব পাৰে ।
১। শিশু কালত কফৰ প্ৰভাৱ অতি বেচি আৰু শৰীৰৰ বুকুৰ পৰা মুৰৰ অংশ কফ জনীত ৰোগৰ উৎপত্তি স্থান । সেয়ে চৰ্দি কাহ আদি হলে প্ৰথমতে গৰম পানীত ভিজোৱা কাপোৰ চেপি বা আতি লৈ মুৰ কান চকুমুখ গৰম সেক দিব । সৰিয়হ তেল গৰম কৰি ( ২-৩ কোহ নহৰু আৰু পিয়াজ মিহলাব পাৰে ) কান মুৰ পিঠি ভৰি হাত কিছু সময় মালিচ কৰি দিলে যথেস্থ আৰাম পাব । খুব কাহ আৰু শিশুৱে কান্দিলে অৰ্থাত বুকু বিষালে মিঠাতেল বা খাটি থলুৱা ঘী ত নাম মাত্ৰ নিমখ মিহলাই বুকু মালিচ কৰিব ।
২। চৰ্দি কাহ আদি ৰোগৰ প্ৰধান কাৰন দেহত ফচফৰাচ জাতীয় পদাৰ্থৰ অভাৱ । সেয়ে আগৰ দিনত চাহৰ লগত চেনীৰ সলনি এদোখৰ গুড় মিঠৈ খাইছিল । চৌডা নিমিহলোৱা ৰঙচুৱা গুড় কাহ চৰ্দি বা কফজনীত প্ৰায় ৫০বিধ ৰোগৰ বাবে উত্তম ঔষধী । সেয়ে চৰ্দি কাহ হলে লৰাছোৱালীক ঘৰুৱা ৰঙচুৱা গুড় খাব দিলে ভাল ফল পায় । ডাঙৰেও খাব পাৰে । আনকি এবছৰৰ তলৰ শিশুকো অকন অকন জিভাত লগাই খুৱালে বন্ধ কফ তৰল হৈ ওলায় যায় আৰু যথেস্থ আৰাম পায় ।
৩। ১বছৰৰ ওপৰৰ লৰাছোৱালীক ওপৰত উল্লেখিত যতনৰ ওপৰি আদাৰস ,ক'লা তুলসি ৰস আৰু মৌজোল (সৰু জাতৰ মৌ হলে বেচি ভাল) তিনিও বিধ সমানে মিলাই ১ চাহ চামুচকৈ দিনত ২বাৰ খুৱাব । ৩বছৰৰ ওপৰত ২চামুচ ২-৩ বাৰ।কাহ বেচিকৈ হলে দোৰোণ ফুল৪-৫ টা মৌৰে খুৱাব।

৪। ৬ বছৰৰ ওপৰৰ লৰা ছোৱালীক ঘৰুৱা হালধী গুড়ি ৪ভাগৰ১চামুচ (দুআঙুলেৰে এটিপা) গাখীৰ এগিলাচত উতলাই দুয়োবেলা খুৱালে যথেস্থ্য আৰাম পায় ।১০ বছৰৰ ওপৰৰ বয়স হলে এনে মিশ্ৰনত ২-৪টা ক'লা জিৰা মিহলাব পাৰে ।ক্লান্তি, ভাগৰ লগা,গা বেয়ালগা বা দুৰ্বল যিকোনো লোকে এনে হালধীৰ খাব পাৰে ।
৫। ডাঙৰ লৰাছোৱালী্যে বেচিকৈ কাহি ডিঙি চেক চেকালে বা মাত ভাঙিলে গুড় বা মৌৰ লগত হালধি গুড়ি ১চামুচ কিছুসময় চোবাই ৰাখি গিলি থব । ( এনে ব্যৱস্থা টনচিলৰ ৰোগতো ভাল ফল দিয়ে)।
অপথ্য :- গুড়ৰ বাহিৰে অইন মিঠাবস্তু,বিজলুৱা বস্তু ,বেঙেনা কচু আদি নুখুৱাব
ঠাণ্ডা,ধুলি,ধোৱা আৰু দুষিত পৰিবেশৰ পৰা দুৰত ৰাখিব। ঠান্ডা পানীত বেচি সময়লৈ গা নুধুৱাব।শিশুক কেতিয়াও কোনো ধৰনৰ কফ চিৰাপ বা ডাক্তৰক নুসুধাকৈ নিজাকৈ ফাৰ্মাচীৰ ঔষধ কিনি নুখুৱাব। কোনো ধৰনৰ মেন্থল , বাম, চিগাৰেটৰ ধোৱা যিকোনো শিশুৰ বাবে ক্ষতিকাৰক ।

লেখক: যতীন দাস