হাড়ৰ কোনো যোৰ বা সন্ধিৰ স্থানত, সন্ধিৰ গাতৰ পৰা হাড় লৰচৰ হোৱাকে সন্ধিচ্যুতি বোলা হয়। সাধাৰণতে, কান্ধ, কঁকাল, কৰতলৰ আঙুলি, ভৰিৰ বুঢ়া আঙুলি আদি ঠাইৰ সন্ধিত বেছিকৈ সন্ধিচ্যুতি হোৱা দেখা যায়। যোৰাৰ পৰা কেতিয়াবা সম্পূৰ্ণৰূপে দুডাল হাড় চ্যুত হ’ব পাৰে আৰু কেতিয়াবা মাত্ৰ হাড় দুডালৰ উপৰিভাগে পৰস্পৰে পৰস্পৰক মাত্ৰ স্পৰ্শ কৰিহে থাকে। সন্ধিচ্যুতিৰ লক্ষণ চ্যুত সন্ধিৰ ঠাইত আৰু ওচৰে-পাঁজৰে অত্যাধিক বিষ আৰু স্ফীতি থাকে। চ্যুত হোৱা সন্ধি অৱশ আৰু বিকৃত হৈ যায়। লৰচৰ কৰিব ধৰিলে অতিপাত বিষায়। প্ৰাথমিক চিকিৎসা প্ৰাথমিক সাহাৰ্যসমূহৰ ভিতৰত আঘাতপ্ৰাপ্ত হোৱা অংশটিত ঠাণ্ডা প্ৰয়োগ কৰা, বিষ কমোৱাৰ বাবে ঔষধ ব্যৱহাৰ কৰা, আঘাতপ্ৰাপ্ত অংশটিক নিশ্চল কৰি ৰখা আদিয়েই প্ৰধান। শৰীৰৰ ওপৰ অংগ যেনে, হাতত হ’লে ৰুমাল বা বেণ্ডেজৰ সহায়ত ডিঙিত ওলোমাই ৰাখিব লাগে। শৰীৰৰ নিম্নাংশত (যেনে,ভৰিত) হ’লে স্প্লিন্টৰ সহায়ত বা ওচৰতে পোৱা কাঠ-বাঁহ, কাপোৰ, কাগজ আদিৰ সহায়ত নিশ্চল কৰি ৰাখিব লাগে। শৰীৰৰ নিম্নাংশৰ সন্ধিচ্যুতি হ’লে দুৰ্দশাগ্ৰস্তই নিজেই চিকিৎসালয়লৈ যাব পাৰে যদিও কোনো যান-বাহনত বহি থকা অৱস্থাত স্থানান্তৰিত কৰিব লাগে। ঘৰুৱা চিকিৎসা কেঁচা হালধি খুব মিহিকৈ বটি লেপ দিলে বিষ-যন্ত্ৰণা আৰু ফুলা কমি আহে। খুব পাতলকৈ চূণৰ লেপ দি তাৰ ওপৰত গুড়ৰ লেপ দিলে বিষ আৰু ফুলা কমি যায়। কেঁচা হালধি চাৰিভাগ, চজিনা গছৰ বাকলি এভাগ, পচতীয়াৰ কোমল পাত দুই ভাগ আৰু এৰা গছৰ শিপা এভাগ একেলগে মিহলাই খুব ভালকৈ বটি সন্ধিচ্যুত হোৱা ঠাইত লেপ দি এৰাৰ পাতেৰে বান্ধি দিব লাগে। ভেদাইলতাৰ পাত আৰু পচতীয়াৰ পাত সমানে লৈ মিহিকৈ বটি লেপ দিব লাগে। অৰ্জুন গছৰ কেঁচা বাকলি আৰু নহৰু মিহিকৈ বটি মোচোকা খোৱা ঠাইত লেপ দিলে বিষ আৰু ফুলা কমি যায়। লিখক: ডা: ৰফিক আলী।