এজন ৰোগী সম্পূৰ্ণ সুস্থ হোৱাৰ ক্ষেত্ৰত চাৰিটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। এই গুৰুত্বপূৰ্ণ কাৰক চাৰিটাক চৰক সংহিতাত চিকিৎসাৰ চতুস্পাদ বুলি কোৱা হৈছে। এই চতুস্পাদ এনে ধৰণৰ:-
(১) গুণৱাণ চিকিৎসক (physician) :-
শ্ৰুতে পৰ্যবৰ্দাতত্বমৃ বহুশো দৃষ্টকৰ্মতা । দাদয়ং শৌচমিতি জ্ঞেয়ং বৈদ্যে গুণ চতুষ্টয়ম ।
(ক) চিকিৎসক জনৰ চিকিৎসা শাস্ত্ৰৰ সম্পূৰ্ণ জ্ঞান থাকিব লাগিব

(খ) ৰোগী পৰীক্ষা, ঔষধ প্ৰস্তুত কৰা আৰু ঔষধ প্ৰয়োগত অভিজ্ঞ হব লাগিব

(গ) সুদক্ষ

(ঘ) পৱিত্ৰ মনৰ হব লাগিব। এই চাৰিটা গুণৰ অধিকাৰী হলেহে সুচিকিৎসক হ'ব পাৰি বুলি চৰকত উল্লেখ কৰিছে।
চিকিৎসকৰ ৰোগ সম্বন্ধীয় ভাল জ্ঞান থাকিব লাগিব।ৰোগৰ কাৰণ,লক্ষণ,বলাবল,প্ৰকৃতি, বিকৃতি , শৰীৰৰ দোষ আৰু ধাতুৰ সাম্য আৰু অসাম্য জ্ঞান থকাটো বাঞ্চনীয়।সুদক্ষ, পৰিপক্ক, পৱিত্ৰ ঔষধ প্ৰয়োগৰ জ্ঞান থাকিব লাগিব বুলি চৰকে উল্লেখ কৰিছে।
(২) গুণৱাণ উপস্থাতা ( Nursing staff) :-
উপচাৰজ্ঞতা দাচ্যমনুৰাগশ্ব ভৰ্ত্তৰি । শৌচং চেতি চতুস্কোহয়ং গুণ: পৰিচৰে জনে ।
(ক) উপস্থাতা বা নাৰ্চ গৰাকীৰ ৰোগী পৰিচৰ্যাৰ জ্ঞান থাকিব লাগিব

(খ) চতুৰতা

(গ) ৰোগীৰ প্ৰতি অধিক দয়াশীল আৰু

(ঘ) অন্তৰ পৱিত্ৰতা গুণৰ অধিকাৰী হ'ব লাগে।
ৰোগীৰ পৰিচাৰক ব্যক্তি পৱিত্ৰ মনৰ অধিকাৰী, সুনিপুন , সুদক্ষ, ৰোগীৰ প্ৰতি দয়ালু,পৰিচৰ্যাৰ জ্ঞাণ থকা , পৰিস্কাৰ পৰিচন্নতা ,কোমল হৃদয়ৰ , ধৈৰ্যশীল, কোমল অন্তৰৰ হ'ব লাগে বুলি আচাৰ্য্য চৰকে কৈছে।
(৩) দ্ৰব্য (Drugs) :-
বহুতা তন্ন যোগ্যত্বমৃ অনেকবিধ কল্পনা । সংপচ্চেতি চতুষ্কোহয়ং দ্ৰব্যাণাং গুণ উচ্যতে ।
(ক) ঔষধ অধিক পৰিমাণে সহজলভ্য হ'ব লাগে

(খ) ৰোগনাশক গুণসম্পন্ন

(গ) একেবিধ ঔষধৰ বিভিন্ন প্ৰকাৰ

(ঘ) ঔষধৰ নিজস্ব ৰস,গুণ, বীৰ্য্য আৰু বিপাক অটুট থকা।
ঔষধ সহজলভ্য , উচ্চমান বিশিষ্ট, সোনকালে ৰোগ আৰোগ্য কৰিব পৰা বিধৰ হব লাগে। ঔষধ ৰস, গুণ, বীৰ্য্য , বিপাক সম্পন্ন হব লাগে। একেটা ঔষধ ক্বাথ ,স্বৰস,চূৰ্ণ, বড়ী, কল্ক,ফান্ট, আসৱ ,অৰিষ্ট আদি বিভিন্ন প্ৰকাৰৰ উপলব্ধ হ'ব লাগে যাতে ৰোগীৰ বয়স , কাল,বলাবল অনুসৰি প্ৰয়োগ কৰিব পাৰি।
(৪) ৰোগী (Patient) :-
স্মৃতিৰ্নিৰ্দেশকাৰিত্বম ভীৰত্বময়াপি চ । জ্ঞাপকত্বং চ ৰোগাণামৃ আতুৰস্য গুণা: স্মৃতা ।
(ক) ৰোগী স্মৰণ শক্তি প্ৰখৰ হ'ব লাগে

(খ) চিকিৎসকৰ উপদেশ পালন

(গ) নিৰ্ভয় মনৰ আৰু

(ঘ) নিজৰ ৰোগ সম্বন্ধে বিতংকৈ ক'ব পৰা হ'ব লাগে।
ৰোগীয়ে চিকিৎসকৰ লগত সহযোগ কৰিব লাগে, ৰোগীৰ স্মৰণ শক্তি প্ৰখৰ, নিজৰ ৰোগ সম্বন্ধে বিতংকৈ ক'ব পৰা, ৰোগৰ আৰম্ভণি সঠিক ভাৱে কোৱা ,চিকিৎসক আৰু পৰিচৰ্যাকাৰীৰ পৰামৰ্শ মনা, সময় মতে নিয়মানুযায়ী ঔষধ খোৱা,আৰু নিৰ্ভয় মনৰ হব লাগে বুলি আচাৰ্য্য চৰকে কৈছে।
চতুস্পাদ এই ধৰণৰ গুণসম্পন্ন হ'লে যিকোনো ৰোগী অতি সহজে আৰু সোনকালে আৰোগ্য হয় ।

লেখক:-ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং - 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ