খুব জোৰে আঘাত লাগিলে, কোনো দুৰ্ঘটনাত গুৰুতৰ আঘাত পালে, ওখ ঠাইৰ পৰা পৰি গ’লে, পিছল খাই পৰি গ’লে আদি বিভিন্ন কাৰণত শৰীৰৰ হাড় ভাঙিব পাৰে। হাড়ৰ সামগ্ৰিকতা নষ্ট হোৱাকে হাড় ভঙা বোলা হয়। আঘাতজনিত অস্থিভংগক দুই ভাগত ভাগ কৰিব পাৰি-আৱদ্ধ অস্থিভংগ আৰু উন্মুক্ত অস্থিভংগ আৱদ্ধ অস্থিভংগত মাংসপেশী তথা ছালৰ কোনো ক্ষতি নহয়, সামগ্ৰিতা যথাযথ ভাৱেই থাকে। ভঙা হাড় মাংসপেশীৰ ভিতৰতে আৱদ্ধ হৈ থাকে। উন্মুক্ত অস্থিভংগত ভঙা হাড় মাংসপেশী ভেদ কৰি বাহিৰলৈ ওলাই আহে। সামগ্ৰিকভাৱে হাড় ভঙাক তিনি ভাগত ভাগ কৰা হৈছে। যেনে- ক) সৰল হাড় ভংগ: কেৱল হাড়ডালহে ভাঙে, কাষৰ মাংসপেশী বা ছাল-ছামৰাৰ কোনো ক্ষতি নহয়। দুৰ্দশাগ্ৰস্তৰ অসাৱধানবশতাৰ ফলতহে কেতিয়াবা সৰল ভাঙোন জটিল ভাঙোনলৈ পৰ্যবসিত হয়। খ) জটিল ভাঙোন: ভঙা হাড়ে মাংস, স্নায়ু, ছাল আদি চিৰি ফালি বাহিৰৰ বায়ুৰ সৈতে মিলিত হয় আৰু বাহিৰৰ বায়ুত থকা জীৱাণু উন্মুক্ত হাড়ৰ জৰিয়তে ভিতৰলৈ প্ৰৱেশ কৰাৰ সম্ভাৱনা প্ৰবল হৈ পৰে। এনে অস্থিভংগত ৰক্তপাত হ’ব পাৰে। গ) কুটিল ভাঙোন: হাড় ভঙাৰ লগে লগে মস্তিস্ক, মেৰুদণ্ড, হাঁওফাঁও আদি আভ্যন্তৰীণ অংগসমূহৰ স্নায়ু, সিৰা বা ধমনীও গুৰুতৰভাৱে আহত হয়। হাড় ভাঙোনৰ অৱস্থা বা গুৰুত্ব অনুযায়ী আৰু তিনিভাগত ভাগ কৰা হৈছে। যথা- ১) বিছিন্ন ভাঙোন: আঘাতপ্ৰাপ্ত হাড় টুকুৰা-টুকুৰ হৈ ভাঙি যায়। ২) আবিষ্ট ভাঙোন: ভঙা হাড়ৰ অংশবোৰ পৰস্পৰে পৰস্পৰৰ মাজত সোমাই যায়। ৩) অপত্য বা আপইতা ভাঙোন: আঘাতৰ ফলত হাড় নাভাঙি বেঁকা হৈ যায়। শিশুৰ হাড় বেছি কোমল হোৱা হেতুকে প্ৰায়ে এনে হোৱা দেখা যায়। হাড় ভাঙোনৰ লক্ষণ: হাড় ভাঙিলে হাড়ৰ শক্তি লোপ পায় আৰু সেই ঠাইত আৰু তাৰ আশে-পাশে উদ্ভৱ হয় ভীষণ বিষ। হাড় ভঙা ঠাইৰ চাৰিওফালে ফুলি উঠে। শৰীৰৰ পাৰ্শ্বৱৰ্তী অংগ যেনে, হাত বা ভৰি হ’লে দৈৰ্ঘ কমি যায়। ভঙা ঠাইত হাতেৰে স্পৰ্শ কৰিলে ভীষণ বিষ অনুভৱ কৰে আৰু চুই চালে হাড়ৰ অসমতাৰ বিষয়ে অনুভৱ কৰিব পাৰি। ভঙা ঠাইত হাতেৰে সামান্য চাপ দিলে হাড়ত হাড় লগা মৰমৰণি বা ঘঁহনি খোৱাৰ শব্দ শুনিবলৈ পোৱা যায়। হাড় ভঙাত মূল প্ৰাথমিক চিকিৎসা ব্যৱস্থাৰ ভিতৰত আছে-হাড় ভঙা ঠাইখিনিত হাড়সমূহক নিশ্চল কৰি ৰখা, ছক বা স্নায়ৱিক আঘাত নিবাৰণৰ ব্যৱস্থা কৰা আৰু যিমান পাৰি সিমান সোনকালে চিকিৎসালয়লৈ দুৰ্দশাগ্ৰস্তক স্থানাস্তৰিত কৰা। তেজ যদি গৈ থাকে তেন্তে প্ৰথমে তেজ যোৱা বন্ধ কৰি ল’ব লাগে। হাড় ভঙা অংশটি লৰচৰ কৰিব নোৱাৰাকৈ ওচৰতে পোৱা কাঠ বা বাঁহৰ টুকুৰাৰে অংগটি বান্ধি দিয়ক। কাঠ বা বাঁহৰ টুকুৰাটো হাড় ভঙা অংগৰ পিছফালে বান্ধিব। এনেকৈ ভঙা হাড়ক পোন আৰু নিশ্চল কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা কাঠৰ টুকুৰাকে স্প্লিন্ট বোলা হয়। এয়া হাস্পাতালত পোৱা যায় যদিও দুৰ্দশাগ্ৰস্তৰ জীৱন ৰক্ষাৰ স্বাৰ্থত কাল বিলম্ব নকৰি দৃঢ় কাঠ-বাঁহৰ টুকুৰা, ক্ৰিকেটৰ ষ্টাম্প, ছাতিৰ লাঠি, পিছব’ৰ্ড, ভাঁজ কৰা কোট বা কাগজ ইত্যাদিকে ব্যৱহাৰ কৰা হয়। সাৱধানতা ১) স্প্লিন্টৰ সহায়ত ভঙা হাড়ৰ অংগটিক বান্ধি নিশ্চলকৰণ নকৰালৈকে দুৰ্দশাগ্ৰস্তক উঠিব দিয়া, খোজ কাঢ়িব দিয়া বা চিকিৎসালয়লৈ স্থানান্তৰিত কৰিব নালাগে। ২) ক্ষতৰ ভিতৰত থকা হাড় টানি-টুনি বাহিৰলৈ অনা বা কাষৰ ছাল ফালি দিয়া অথবা বাহিৰলৈ ওলাই অহা হাড় হেঁচি-ঠেলি ভিতৰলৈ সুমুৱাই দিব নালাগে। যদি স্প্লিন্টৰ বাবে ওচৰতে একো পোৱা নাযায় তেন্তে আহত অংগটোক ওচৰতে থকা সুস্থ অংগটোৰ সৈতে জপটিয়াই বান্ধিব লাগে। উদাহৰণ স্বৰূপে সোঁ ভৰিৰ হাড় ভাঙিলে, বাঁওভৰিৰ হাড়ৰ সৈতে বান্ধিব। হাতৰ সন্ধি, অগ্ৰবাহু, মণিবন্ধত হাড় ভাঙিলে এডোখৰ কাপোৰ বা শ্লিং ৰ সহায়ত কান্ধৰ সৈতে বান্ধি ওলমাই ৰাখিব লাগে। ওলোমোৱাৰ পূৰ্বে, ভঙা অংশটোক কাঠ, বাঁহ বা ভাঁজ কৰা কাপোৰৰ সহায়ত বান্ধি নিশ্চল কৰি ল’ব লাগে। যদি ৰাজহাড় ভাঙে তেন্তে দুৰ্দশাগ্ৰস্তক এখন তক্তা বা ডেক্সৰ ওপৰত শুৱাই লৈ নিশ্চলকৰণৰ ব্যৱস্থা কৰিব লাগে। বাঁহৰ চাং সাজিও তাৰ ওপৰত শুৱাই লৈ বিশেষ অৱস্থানত বান্ধিও এনে কৰিব পাৰি। হাড় ভঙাত ঘৰুৱা ব্যৱস্থা দুৰ্দশাগ্ৰস্তই যি অৱস্থাত থাকি ভাল পায়, সেই অৱস্থাত ৰাখি কেঁচা হালধি বটি লেপ দিব লাগে। তেনে কৰিলে বিষ কমে। কেঁচা তেতেলি পুৰি হাড় ভঙা ঠাইত লেপ বান্ধি দিলে বিষো কমে আৰু হাড়ো যোৰা লাগে। হাড় যোৰা লতা, লা আৰু অৰ্জন গছৰ ছাল সমানে সমানে বটি লৈ ঘিউ আৰু মৌ মিহলাই দুৰ্দশাগ্ৰস্তক খুৱালে ভঙা হাড় যোৰা লাগে। হাড় যোৰা লতাৰ উপৰিভাগৰ বাকলি ৪ ভাগ, চজিনাৰ বাকলি ১ ভাগ, পচতীয়াৰ পাত ২ ভাগ আৰু এৰাৰ শিপা ১ ভাগ লৈ মিহিকৈ বটি ভালকৈ লেপ দি বান্ধি দিব লাগে। এনে কৰিলে এসপ্তাহৰ ভিতৰতে হাড় যোৰা লাগে আৰু বিষো কমি যায়। কুকুৰ সূতাৰ মূল আৰু লাইজাৱৰি সমানে লৈ মিহিকৈ বটি লেপ দি বান্ধিব। লিখক: ডা: ৰফিক আলী।