হিট’স্ত্ৰকত আক্ৰান্ত ব্যক্তিয়ে শৰীৰটো ততালিকে ঠাণ্ডা কৰাৰ ব্যৱস্থা কৰিব লাগে। যদি সম্ভৱ হয় তেওঁক ঠাণ্ডা পানীত বহাই দিব লাগে, ঠাণ্ডা পানীৰে তিওৱা কাপোৰেৰে গাটো মেৰিয়াই দিব লাগে। ঠাণ্ডা পানীত তিওৱা স্পঞ্জ, বৰফ আদিৰে গাটো মুহাৰি দিব লাগে। যেতিয়া আক্ৰান্ত ব্যক্তিৰ উষ্ণতা ১০১ ডিগ্ৰী ফাৰেণহাইটলৈকে নামে, তেওঁক শীতল কোঠা এটাত শুৱাই দিব লাগে। যদি উত্তাপ আকৌ বাঢ়িবলৈ ধৰে, তেন্তে পুনৰ শীতল কৰাৰ ব্যৱস্থাবোৰ। যদি আক্ৰান্ত ব্যক্তিয়ে পানী খাব পাৰে- তেন্তে তেওঁক অলপ পানী খাবলৈ দিব লাগে। কোনো ধৰণৰ ঔষধ দিব নালাগে। চিকিৎসাৰ বাবে ব্যৱস্থা লব লাগে। উৎস: আইএনডিজি দল