শৰীৰৰ তেজ সংঞ্চালন প্ৰক্ৰিয়াৰপৰা তেজ কমি যোৱাটোকে ৰক্তপাত বুলি কোৱা হয়। তেজ ক্ষয় আভ্যন্তৰীণ ভাৱেও হ’ব পাৰে বাহিৰতো হ’ব পাৰে। ৰক্তবাহী শিৰাৰপৰা শৰীৰৰ ভিতৰতে ৰক্তপাত হ’ব পাৰে বা কোনো কটা বা আঘাটৰ ফলত শৰীৰৰ বাহিৰতো ৰক্তপাত হ’ব পাৰে। বাহিৰা বস্তুৰে আঘাটপ্ৰাপ্ত ঘাঁ বাহিৰা বস্তুৰ আঘাটে কৰা ঘাঁ যেনে- আইনাৰ টুকুৰা, কাঁঠ, বা ধাতুৰ টুকুৰা আদিৰ বাবেও ৰক্তপাত হয়। আঘাটৰ ঠাইখিনি আঙুলীবোৰেৰে বা বুঁঢ়া আঙুলীৰে হেঁচি ধৰিব লাগে। চাব লাগে যাতে আঘাট কৰা বস্তুবিধ একে ঠাইতে থাকে। সেইটো আঁতৰাবলৈ চেষ্টা কৰিব নালাগে। আঘাট কৰা বস্তুবিধেৰে সৈতে ঘাঁ ডোখৰ বান্ধি পেলাব লাগে। টানকৈ বেণ্ডেজ লগাই দিব লাগে। যদি আঘাটৰ স্থান হাত, বাহু বা ভৰি হয়; তেন্তে ৰক্তপাত বেছিকৈ হয়। এনে ক্ষেত্ৰত আহত ব্যক্তিক শুৱাই দিব লাগে। আঘাট পোৱা হাত বা ভৰি হৃদযন্ত্ৰতকৈ ওখ ঠাইত থব লাগে। এম্বুলেঞ্চ বা আন গাড়ীত লৰালৰিকৈ আক্ৰান্ত ব্যক্তিক চিকিৎসালয়লৈ নিব লাগে। কাহৰ লগত তেজ যোৱা কাহৰ লগত তেজ ওলালে (সৰু কাপত একাপ বা তাতকৈ বেছি পৰিমাণৰ) এইটো সাধাৰণ কথা নহয়। এনে হ’লে ৰোগীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকৰ বাবে ভয় লগা কথা হৈ পৰে। হাওঁফাওঁৰ কিবা ৰোগৰ ফলত সাধাৰণতে এনে হোৱা দেখা যায়। হাওঁফাওঁৰ কেঞ্চাৰ, যক্ষ্মা, হাওঁফাওঁ ফুটা হৈ ঘাঁ হোৱা আদিৰ ফলত এনে হ’ব পাৰে। যত্ন মূৰ আৰু বাহু অলপ ওখকৈ ৰাখি আঘাটৰ ফালে অলপ কাঠিয়াকৈ আক্ৰান্ত ব্যক্তিক শুৱাই দিব লাগে। মুখেৰে কোনো ধৰণৰ খোৱা বস্তু বা পানীও দিব নালাগে। যদি বুকুত কোনো আঘাট বা কাটি যোৱা বা ফুটা হৈ যোৱাৰ ফলত ৰক্তপাত হয় তেন্তে পলিথিনেৰে মেৰিওৱা শকত পেডৰ বেণ্ডেজ কৰি দিব লাগে যাতে আঘাটৰ স্থানেৰে বায়ু সোমাই আন জটিল অৱস্থাৰ সৃষ্টি নকৰে। চিকিৎসকক মাতি পঠিয়াব লাগে নতুবা এম্বুলেঞ্চ বা আন গাড়ীৰে চিকিৎসালয়লৈ নিব লাগে। পেটৰপৰা তেজ বমি কৰা এইটো সাধাৰণতে পাকস্থলীত আলচাৰ হ’লে হয়। যেতিয়া পাকস্থলীত তেজ ভৰ্তি হৈ যায়, তেতিয়া পাকস্থলী সংকোচন হোৱাৰ ফলত ৰোগীৰ মুখুৰে তেজবোৰ ওলাই যায়। এনে বমি এক লিটাৰ বা তাতকৈ বেছিও হ’ব পাৰে। যত্ন: ভৰিৰ পতা আৰু ভৰি শৰীৰতকৈ ওপৰত থকাকৈ ৰোগীক শুৱাই দিব লাগে। ৰোগীক উপযুক্ত উষ্ণতা বজাই ৰাখিব লাগে। বেছিকৈ গৰম কাপোৰ বা গৰম পানীৰ বটল দি গৰম কৰিব নালাগে। ৰোগীয়ে ঠাণ্ডা পায় যাতে নকপে তালৈ চকু দিলেই হ’ল। কোনো ধৰণৰ খাদ্য আৰু পানীয় মুখেৰে খাবলৈ দিব নালাগে। মুখখন পানীৰে ধুব পাৰে কিন্তু অলপো পানী যাতে নিগিলে। চিকিৎসকক মাতিব লাগে নতুবা এম্বুলেঞ্চ বা আন গাড়ীৰে ৰোগীক চিকিৎসালয়লৈ নিব লাগে। যদি ৰোগী চেতনাহীন হৈ যায় তেন্তে ততালিকে কাটিয়া কৰি দি ৰিকভাৰি পজিছনলৈ নিব লাগে। ভৰি আৰু ভৰিৰ পতা কিন্তু ওপৰতেই থাকিব লাগে। উৎস: আইএনডিজি দল।