আঘাট প্ৰতিৰোধৰ বিষয়ে তথ্য জনা আৰু সেইবোৰ মানি চলাটো কিয় গুৰুত্বপূৰ্ণ? প্ৰতি বছৰে ৭৫০,০০০ শিশু আঘাটপ্ৰাপ্ত হৈ মৃত্যুৰ মুখত পৰে। আন ৪০০ নিযুত শিশু গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয়। প্ৰায়বোৰ শিশুৱে আঘাটৰ বাবে স্থায়ীভাৱে অক্ষম হৈ পৰে বা মগজুৰ ক্ষতি হয়। সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত আঘাট মৃত্যু আৰু অক্ষমতাৰ এটা মূল কাৰণ। সাধাৰণতে বাগৰি পৰা, পোৰা, পানীত ডুব যোৱা আৰু পথ দূৰ্ঘটনাৰ পৰাই আঘাট হোৱা দেখা যায়। এনে অধিকবোৰ আঘাটেই ঘৰৰ ভিতৰত বা ঘৰৰ ওচৰে-পাজৰে হয়। প্ৰায় সকলোবোৰ আঘাটেই প্ৰতিৰোধ কৰিব পৰা যায়। যদিহে পিতৃ-মাতৃসকলে আঘাট পালে কি কৰিব লাগে সেয়া জানে-তেন্তে বহুবোৰ আঘাটৰ জতিলতা কমাব পৰা যায়। মূল বাৰ্তাসমূহ আঘাট প্ৰতিৰোধৰ বিষয়ে কোনবোৰ কথা প্ৰতিটো পৰিয়াল আৰু ৰাইজে জনাৰ অধিকাৰ আছে। ১) যদিহে পিতৃ-মাতৃ তথা যত্ন লওঁতাই সৰু শিশুক ভালদৰে পৰ্য্যবেক্ষণ কৰে আৰু শিশুটিৰ চাৰিওকাষ নিৰাপদ কৰি ৰাখে তেন্তে বহুবোৰ জতিল আঘাট প্ৰতিৰোধ কৰিব পাৰি। ২) জুই, ৰান্ধনীশাল, চাকি, জুইশলা আৰু বৈদ্যুতিক সামগ্ৰীৰ পৰা শিশুটিক আতঁৰত ৰাখিব লাগে। ৩) সৰু ল’ৰা-ছোৱালীয়ে বগাবলৈ, চিৰিত উঠি, বাৰান্দা, মুধছ, খিৰিকী আদিত উঠি ভাল পায়। এনেবোৰ ঠাইৰ পৰা যাতে বাগৰি নপৰে তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। ৪) ছুৰি, কেছি, ধৰাল আৰু জোঙা সামগ্ৰী আৰু ভঙা আইনাও জতিল আঘাটৰ কাৰণ হব পাৰে। এনেবোৰ সামগ্ৰী শিশুৱে বিছাৰি নোপোৱা ঠাইত থব লাগে। ৫) সৰু শিশুৱে সকলো বস্তু নিজৰ মুখলৈ নিব বিছাৰে। সৰু বস্তুবোৰ ডিঙিত যাতে লাগি নধৰে তাৰ বাবে এনে বস্তু শিশুটিৰ পৰা আতৰত ৰাখিব লাগে। ৬) বিভিন্ন বিষাক্ত দ্ৰব্য, ঔষধ, চাবোন, এচিড আৰু কেৰাচিন আদিৰ দৰে সামগ্ৰী কেতিয়াও খোৱা পানীয়ৰ বটলত থব নালাগে। এনে সকলোবোৰ বিষাক্ত দ্ৰব্য স্পষ্টকৈ নাম লিখি থব লাগে। আৰু শিশুৱে বিচাৰি নোপোৱা আৰু নেদেখা ঠাইত থব লাগে। ৭) শিশুসকল অতি কম পানীতো দুই মিনিটতকৈও কম সময়ৰ ভিতৰত ডুবিব পাৰে। সেয়ে যেতিয়া পানীৰ মাজত বা কাষত থাকে তেতিয়া শিশুটি কেতিয়াও অকলশৰে এৰিব নালাগে। ৮) বিশেষকৈ ৫ বছৰ বয়সতকৈ সৰু শিশুৰ পথ দূৰ্ঘটনাৰ আশংকা অধিক থাকে। এনে শিশুক কেতিয়াও পথত অকলশৰীয়াকৈ এৰিব নালাগে, সদাই লগত কোনো এজন থাকিব লাগে আৰু খোজ কাঢ়িবলৈ আৰম্ভ কৰাৰ পৰাই পথত খোজকঢ়া নিয়মবোৰ শিকাব লাগে। সহায়ক তথ্য:আঘাট প্ৰতিৰোধ মূল বাৰ্তা-১ যদিহে পিতৃ-মাতৃ তথা যত্ন লওঁতাই সৰু শিশুক ভালদৰে পৰ্য্যবেক্ষণ কৰে আৰু শিশুটিৰ চাৰিওকাষ নিৰাপদ কৰি ৰাখে তেন্তে বহুবোৰ জতিল আঘাট প্ৰতিৰোধ কৰিব পাৰি। ১৮ মাহৰ পৰা ৪ বছৰ বয়সৰ মাজৰ শিশুসকলৰ অধিক হাৰত জটিলভাৱে আঘাট পোৱা আৰু মৃত্যুৰ আশংকা অধিক থাকে। বেছিভাগ আঘাটেই ঘৰৰ ভিতৰতে সংঘটিত হয়। ইয়াৰে প্ৰায় সকলোবোৰেই প্ৰতিৰোধ কৰিব পৰা যায়। ঘৰত আঘাট পোৱাৰ মূল কাৰণবোৰ হ’ল: জুই, ষ্টোভ, অভেন, ৰন্ধা পাত্ৰ, গৰম খাদ্য, উতলা পানী, বাস্প, গৰম চৰ্বী, কেৰাচিনৰ চাকি, ইস্ত্ৰী আৰু বৈদ্যুতিক আহিলাই পোৰা। ভঙা আইনা, ছুৰি, কেছি আদিৰে কটা। ঝুলনা, খিৰিকী, মেজ, চকী, খটখটী আদিৰ পৰা বাগৰি পৰা৷ সৰু বস্তু যেনে পইছা, বুটাম, বাদাম, আদি ডিঙিত লাগি ধৰা। কেৰাচিন, কীট-পতংগ নাশক, চাবোন আদিৰ বিষক্ৰিয়া। ভঙা বৈদ্যুতিক সামগ্ৰী স্পৰ্শ কৰা, ছুৰি, শলা আদি বৈদ্যুতিক প্লাগ পইন্টত ভৰাই দিয়াৰ ফলত বৈদ্যুতিক শ্বক পোৱা। যিবোৰ সামগ্ৰীৰ পৰা বিপদ হব পাৰে তেনে সামগ্ৰীসমূহ শিশুৱে বিচাৰি পাব পৰা ঠাইৰ পৰা আতঁৰত ৰাখিব লাগে। শিশুসকলক বহু সময়লৈ বা ক্ষতিকাৰক পৰিৱেশত ৰাখিব নালাগে। শিশুসকলক গধুৰ কাম-কাজ কৰিবলৈ দিব নালাগে। বিপদজনক আহিলা আৰু বিষাক্ত ৰসায়নৰ মাজত ৰাখিব নালাগে। মূল বাৰ্তা-২ জুই, ৰান্ধনীশাল, চাকি, জুইশলা আৰু বৈদ্যুতিক সামগ্ৰীৰ পৰা শিশুটিক আতঁৰত ৰাখিব লাগে। শিশুসকলৰ বেছিভাগেই পোৰা ধৰণৰ জতিল আঘাটৰ সন্মুখীন হোৱা দেখা যায়। ৰন্ধন চৌকা, উতলা পানী, গৰম খাদ্য আৰু গৰম ইস্ত্ৰী স্পৰ্শ কৰাৰ পৰা বিৰত ৰাখিব লাগে। পোৰাটো এটা জতিল আঘাট আৰু ইয়াৰ ফলত স্থায়ী ক্ষতি হোৱাৰ লগতে কেতিয়াবা মাৰাত্মকো হবগৈ পাৰে। পোৰাৰ পৰা প্ৰতিৰক্ষা পাবলৈ হ’লেঃ সৰু শিশুক জুই, ৰান্ধনীশাল আৰু চিগাৰেটৰ পৰা দূৰৈত ৰাখিব লাগে। ৰান্ধনীশাল শিশুৱে ঢুকি নোপোৱা ওখ, সমান ঠাইত হব লাগে। যদি মুকলি চৌকা ব্যৱহাৰ কৰা হয় তেন্তে মজিয়াৰ সলনি ওখ মাটিৰ ধিপৰ ওপৰত হ’ব লাগে যাতে শিশুৱে ঢুকি নাপায়। সকলো ৰন্ধন পাত্ৰৰ হাতেৰে ধৰা অংশ শিশুৱে ঢুকি পোৱাকৈ ৰাখিব নালাগে। পেট্ৰল, কেৰাছিন, চাকি, জুইশলা, মমবাতি, গৰম ইস্ত্ৰী আৰু বৈদ্যুতিক সামগ্ৰী শিশুৱে ঢুকি পোৱা ঠাইত থব নালাগে। বিদ্যুতৰ সংযোগ থকা বিন্ধাত শিশুৱে আঙুলী বা আন সামগ্ৰী ভৰালে গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হব পাৰে। এনে বিপদ প্ৰতিৰোধৰ বাবে বিদ্যুতৰ সংযোগ থকা বিন্ধাৰ ওপৰত ঢাকনি থাকিব লাগে। বিদ্যুত সংযোগী তাঁৰ শিশুৱে ঢুকি পোৱাকৈ থব নালাগে। বৈদ্যুতিক তাঁৰ অতি বিপদজনক। মূল বাৰ্তা-৩ সৰু ল’ৰা-ছোৱালীয়ে বগাবলৈ, চিৰিত উঠি, বাৰান্দা, মুধছ, খিৰিকী আদিত উঠি ভাল পায়। এনেবোৰ ঠাইৰ পৰা যাতে বাগৰি নপৰে তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। শিশুসকল বাগৰি পৰাৰ ফলত হাত ভৰি ভঙা আৰু মূৰতো গুৰুতৰ আঘাট পাব পাৰে। তলত দিয়াৰ দৰে বিপদজনকভাৱে বাগৰি পৰাটো প্ৰতিৰোধ কৰিব পাৰি: শিশুক ওখ ঠাইত বগাবলৈ নিৰুৎসাহ কৰিব লাগে। ঘৰৰ চিৰিত ৰেলিং লগাব লাগে। খিৰিকী আৰু বাৰান্দাত গ্ৰীল থকা উচিত। ঘৰটো পিছল নোহোৱাকৈ ৰাখিব লাগে। মূল বাৰ্তা-৪ ছুৰি, কেছি, ধৰাল আৰু জোঙা সামগ্ৰী আৰু ভঙা আইনাও জতিল আঘাটৰ কাৰণ হব পাৰে। এনেবোৰ সামগ্ৰী শিশুৱে বিছাৰি নোপোৱা ঠাইত থব লাগে। ভঙা আইনাই কটাৰ ফলত ডাঙৰ সংক্ৰমিত ঘাঁ আৰু অধিক ৰক্তপাত হব পাৰে। আইনাৰ বটল আৰু আন সামগ্ৰী সৰু শিশুৱে ঢুকি পোৱা ঠাইত থব নালাগে। ঘৰ আৰু শিশুৱে ওমলা ঠাইৰ পৰা ভঙা আইনাৰ টুকুৰা আতঁৰাই পেলাব লাগে। ভঙা আইনাৰ টুকুৰা নুচুবলৈ সৰু শিশুক শিকাব লাগে আৰু ডাঙৰ শিশুসকলক আইনাৰ ভঙা টুকুৰাবোৰ সুৰক্ষিতভাৱে আতঁৰাই পেলোৱাৰ শিক্ষা প্ৰদান কৰিব লাগে। সৰু শিশুৰ পৰা ছুৰি, কটাৰী, ব্লেড, কেছি আদিবোৰ আতঁৰত থব লাগে আৰু ডাঙৰ শিশুসকলক এই সামগ্ৰীবোৰ নিৰাপদভাৱে ব্যৱহৃত কৰিবলৈ শিকাব লাগে। চোকা ধাতুৰ আহিলা, যন্ত্ৰপাতি আৰু মামৰ লগা বস্তুৰ পৰা সংক্ৰমিত ঘাঁ হব পাৰে। শিশুৱে ওমলা ঠাইখিনি এনে বস্তুৰ পৰা মুক্ত হব লাগে। ভঙা বটল, পুৰণি টেমা আদি ঘৰুৱা বৰ্জিত সামগ্ৰীবোৰ নিৰাপদ ঠাইত পেলাব লাগে। শিল বা আন ধৰণৰ বস্তু দলিওঁৱা আৰু কটাৰী বা কেছি আদিৰ লগত খেলা কৰাটো যে কিমান বিপদজনক সেই কথা শিশুটিক ভালদৰে বুজাই দিলে বহুবোৰ ঘৰতে হব পৰা আঘাট প্ৰতিৰোধ কৰিব পৰা যায়। মূল বাৰ্তা-৫ সৰু শিশুৱে সকলো বস্তু নিজৰ মুখলৈ নিব বিছাৰে। সৰু বস্তুবোৰ ডিঙিত যাতে লাগি নধৰে তাৰ বাবে এনে বস্তু শিশুটিৰ পৰা আতঁৰত ৰাখিব লাগে। শিশুৱে ওমলা আৰু শোঁৱা ঠাইত সৰু বস্তু যেনে বুটাম, পইছা, গুটি, বাদাম আদিবোৰ থব নালাগে। কেঁচুৱাক বাদাম আদি খাবলৈ দিব নালাগে। টান মিঠাই, সৰু হাড় থকা খাদ্য, গুটি থকা খাদ্য আদি দিব নালাগে। সৰু শিশুক সদাই খোৱাৰ সময়ত লক্ষ্য কৰি থাকিব লাগে। শিশুৰ খাদ্য সৰু সৰু টুকুৰাকৈ কাটি বা ছিঙি দিব লাগে। কাঁহ, শব্দ কৰি উশাহ লোৱা, বা উশাহ বন্ধ হোৱা বা মুখেৰে শব্দ কৰিব নোৱাৰাটোৱে উশাহ লওঁতে কষ্ট পোৱা বা উশাহ বন্ধ হোৱাটো বুজায়। এইটো মাৰাত্মক জৰুৰীকালীন অৱস্থা। কোনেও নেদেখাকৈ শিশুৱে মুখত কিবা ভৰাই দিয়াৰ বাবেও উশাহ বন্ধ হব পাৰে-গতিকে যত্ন লওঁতাই এইবিষয়ত গুৰুত্ব প্ৰদান কৰিব লাগে। মূল বাৰ্তা-৬ বিভিন্ন বিষাক্ত দ্ৰব্য, ঔষধ, চাবোন, এচিড আৰু কেৰাচিন আদিৰ দৰে সামগ্ৰী কেতিয়াও খোৱা পানীয়ৰ বটলত থব নালাগে। এনে সকলোবোৰ বিষাক্ত দ্ৰব্য স্পষ্টকৈ নাম লিখি থব লাগে। আৰু শিশুৱে বিচাৰি নোপোৱা আৰু নেদেখা ঠাইত থব লাগে। বিষসেৱন শিশুৰ বাবে এটি জতিল বিপদ। বিষাক্ত দ্ৰব্য, ঔষধ, কেৰাচিন আৰু ঘৰ দুৱাৰ পৰিষ্কাৰ কৰা দ্ৰব্য, এছিড আদিয়ে শিশুক স্থায়ী ক্ষতি কৰাৰ ওপৰিও মৃত্যুও ঘটাব পাৰে। কিছুমান এনে বিষাক্ত দ্ৰব্য আছে যিবোৰ মুখেৰে নিগিলিলেও মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে। তলত উল্লেখ কৰাৰ দৰে এনে বিষাক্ত দ্ৰব্যৰ সংস্পৰ্শলৈ আহিলেও শিশুৰ মৃত্যু, মগজু ধ্বংস, অন্ধত্ব বা স্থায়ী ক্ষতি হবগৈ পাৰে: যদি উশাহৰ লগত শৰীৰৰ ভিতৰলৈ যায়। যদি শিশুৰ ছাল বা চকুত লাগে। যদি শিশুৰ পোচাকত লাগে। এনে বিষাক্ত দ্ৰব্যসমূহ যদি শীতল পানীয়ৰ বটল, লঘু পানীয়ৰ বটল, পানী খোৱা পুৰণি জগ, পিয়লা আদিত থোৱা হয় তেন্তে শিশুৱে ভুলতে সেইবোৰ পান কৰিব পাৰে। সকলো ধৰণৰ ঔষধ, ৰাসায়নিক দ্ৰব্য আৰু বিষাক্ত বস্তুসমূহ এইবোৰৰ প্ৰকৃত পাত্ৰত টানকৈ সাঁফৰ লগাই থব লাগে। কাপোৰ ধোঁৱা পাউদাৰ বা পানীয়, পৰিষ্কাৰ কৰা দ্ৰব্য, ৰসায়ন আৰু ঔষধসমূহ শিশুৱে বিছাৰি পোৱা স্থানত কেতিয়াও থব নালাগে। এইবোৰ টানকৈ সাঁফৰ লগাই নাম লিখি থব লাগে। এইসমূহ শিশুৱে ঢুকি নোপোৱা ওখ ঠাইত বা বাকচ বা চেলফত তলাবন্ধ কৰি থব লাগে। প্ৰাপ্তবয়স্কৰ বাবে ব্যৱহৃত ঔষধে শিশুৰ মৃত্যু ঘটাব পাৰে। কোনো এটা শিশুক কেৱল চিকিৎসকে বিধান দিয়া ঔষধহে দিব লাগে, একে ধৰণৰ ৰোগতো উক্ত শিশুটোক প্ৰাপ্তবয়স্কৰ ঔষধ বা আন শিশুক প্ৰদান কৰা ঔষধ কেতিয়াও দিব নালাগে। বিজাণুনাশক ঔষধৰ আধিক বা অপব্যৱহাৰে শিশুৰ ক্ষতি কৰে। চিকিৎসা কৰ্মীৰ বিধান মতেহে ঔষধৰ ব্যৱহাৰ কৰিব লাগে। এছপিৰিন এটা সচৰাচৰতে বিষজনীত দূৰ্ঘটনাৰ কাৰণ। এইবিধ দ্ৰব্য শিশুৱে বিছাৰি পোৱা বা দেখা পোৱাৰ পৰা আতঁৰত ৰাখিব লাগে। মূল বাৰ্তা-৭ শিশুসকল অতি কম পানীতো দুই মিনিটতকৈও কম সময়ৰ ভিতৰত ডুবিব পাৰে। সেয়ে যেতিয়া পানীৰ মাজত বা কাষত থাকে তেতিয়া শিশুটি কেতিয়াও অকলশৰে এৰিব নালাগে। নাদ, গাঁ-ধোৱা চৌবাচ্ছা আৰু চৰিয়া আদি ঢাকি থব লাগে। শিশুক সাঁতুৰিবলৈ শিকাব লাগে যাতে পানীত নুডুবে। শিশুক খৰশ্ৰোতা পানীত কেতিয়াও নাসাঁতুৰিবলৈ শিকাব লাগে আৰু কেতিয়াও অকলশৰে সাঁতুৰিবলৈ দিব নালাগে। মূল বাৰ্তা-৮ বিশেষকৈ ৫ বছৰ বয়সতকৈ সৰু শিশুৰ পথ দূৰ্ঘটনাৰ আশংকা অধিক থাকে। এনে শিশুক কেতিয়াও পথত অকলশৰীয়াকৈ এৰিব নালাগে, সদাই লগত কোনো এজন থাকিব লাগে আৰু খোজ কাঢ়িবলৈ আৰম্ভ কৰাৰ পৰাই পথত খোজকঢ়া নিয়মবোৰ শিকাব লাগে। সৰু ল’ৰা-ছোৱালীয়ে পথত দৌৰ মৰাৰ আগতে একো কথা ভাবি নাচায়। পৰিয়ালৰ সকলো লোকে যত্ন সহকাৰে শিশুটিৰ ওপৰত চকু ৰাখিব লাগে। শিশুক পথৰ কাষত খেলিবলৈ দিব নালাগে-বিশেষকৈ বল আদি পথৰ কাষত একেবাৰেই খেলিবলৈ দিব নালাগে। শিশুক যান-বাহনৰ মুখা-মুখিকৈ পথৰ কাষেৰে খোজ কাঢ়িবলৈ শিকাব লাগে। পথ পাৰ হওঁতে শিশুক এই কথাবোৰ শিকাব লাগে: পথৰ কাষত ৰব লাগে। দুয়ো দিশে চাব লাগে। কোনোবা দিশেৰে যান-বাহন আহিছে নেকি লক্ষ্য কৰিব লাগে। ওচৰত থকাজনৰ হাতত ধৰি লব লাগে। খোজৰে পাৰ হব লাগে-দৌৰিব নালাগে। ডাঙৰ শিশুসকলক এই ক্ষেত্ৰত সৰু শিশুসকললৈ চকু ৰাখিবলৈ উৎসাহিত কৰিব লাগে আৰু ভাল অভ্যাস দেখুৱাব লাগে। ডাঙৰ শিশুসকলৰ ক্ষেত্ৰত চাইকেল দূৰ্ঘটনা হোৱাটো বেছিকৈ দেখা যায় আৰু ইয়াৰ ফলত বেছিকৈ আঘাটপ্ৰাপ্ত হোৱাৰ লগতে মৃত্যুও হয়। শিশুটিক পথ সুৰক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰি পৰিয়ালে এনে দূৰ্ঘটনা প্ৰতিৰোধ কৰিব পাৰে। মটৰ চাইকেল চলাওঁতে সদাই সুৰক্ষাৰ বাবে মুৰত টুপী পিন্ধিব লাগে। গাড়ীৰ সন্মুখৰ আসনত বহিলে বা ট্ৰাকৰ মজিয়াত অকলশৰে বহিলে শিশুসকল গুৰুতৰভাৱে আঘাট পোৱাৰ সম্ভাৱনা অধিক থাকে। উৎস: ইউনিছেফ