এমাহ বয়সলৈ এটি শিশু সক্ষম হ’ব লাগে- গাল বা মূৰত হাত বুলালে সেই দিশে মূৰ ঘুৰুৱা। দুয়োখন হাত মুখলৈ অনা। চিনাকী কণ্ঠ বা শব্দ শুনিলে সেইপিনে ঘুৰা। স্তন চুহা আৰু হাতেৰে ধৰা। পিতৃ-মাতৃ আৰু যত্ন লওঁতালৈ উপদেশ শিশুটিক এনেভাৱে ধৰিব লাগে যাতে ছালৰ লগত ছালৰ সম্পৰ্ক হৈ থাকে আৰু জন্মৰ এঘন্টাৰ ভিতৰত স্তনপান কৰোৱা হয়। শিশুক থিয়কৈ ধৰাৰ সময়ত মূৰত সহায়ক দিয়ক৷ ঘনাই শিশুক মালিছ কৰক আৰু আঁকোৱালি ধৰক। আপুনি ক্লান্ত বা অশান্তিত থাকিলেও সকলো সময়তে শিশুক আলসুৱাভাৱে ধৰক। ঘনাই শিশুক স্তনপান কৰোৱাক, কমেও চাৰি ঘন্টাৰ বিৰতিত। যিমানবাৰ সম্ভৱ হয় শিশুৰ লগত কথা পাতক, কিবা পঢ়ি শুনাওঁক বা গান গাওঁক। জন্মৰ ৬ সপ্তাহৰ পাছত শিশুটিক লৈ স্বাস্থ্যকৰ্মীৰ কাষলৈ যাওঁক। এই বিপদজনক চিহ্নবোৰৰ প্ৰতি লক্ষ্য ৰখা উচিত- দুৰ্বলভাৱে স্তন চুহা বা চুহিবলৈ আপত্তি কৰা। উচ্চ মাত্ৰাৰ শব্দ বা উজ্জ্বল পোহৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা বহুসময় ধৰি কান্দি থকা। বমি আৰু শৌচ হোৱা, যাৰ ফলত শৰীৰত পানীৰ পৰিমাণ কমি যাব পাৰে। ৬ মাহ বয়সত শিশুৱে কৰিবলৈ সক্ষম হ’ব ওপৰ মুৱাকৈ শুলে মূৰ আৰু বুকু ওপৰলৈ তোলা৷ ওলমি থকা বস্তু ধৰিবলৈ চেষ্টা কৰা। বিভিন্ন বস্তু ধৰা আৰু জোকাৰা। দুয়োফালে বাগৰা। সহায়লৈ বহিব পৰা। হাত আৰু মুখেৰে সকলো বস্তু বুজিবলৈ চেষ্টা কৰা। শব্দ আৰু মুখৰ ভাৱ নকল কৰিবলৈ চেষ্টা কৰা। নিজৰ নাম শুনিলে বা চিনাকী মুখ দেখিলে প্ৰতিক্ৰিয়া দেখুৱা৷ পিতৃ-মাতৃ আৰু যত্ন লওঁতালৈ উপদেশ: শিশুটিক এখন পৰিষ্কাৰ নিৰাপদ সমতলত থওঁক যাতে মুকলিভাৱে লৰচৰ কৰিব পাৰে আৰু বস্তু বাহানি ধৰিব পাৰে। শিশুক এনেদৰে দাঙি ধৰক যাতে ওচৰে পাজৰে কি হৈ আছে দেখা পায়। ৰাতি বা দিনত যেতিয়াই খাব বিচাৰে স্তনপান অব্যাহত ৰাখক। ইয়াৰ লগতে আন খোৱা বস্তুও দিবলৈ আৰম্ভ কৰক (৬ ৰ পৰা ৯ মাহলৈ দিনে ২ বাৰ, ৮ ৰ পৰা ১২ মাহলৈ দিনে ৩ ৰ পৰা ৪ বাৰকৈ)। যিমান সম্ভৱ হয় শিশুটিৰ লগত কথা পাতক, কিবা পঢ়ক বা গান শুনাওক। এই বিপদজনক চিহ্নবোৰলৈ লক্ষ্য ৰাখক: জড়তা বা অংগ লৰচৰ কৰাত অসুবিধা। অনবৰতে মূৰটো লৰাই থকা (এইটো কানৰ সংক্ৰমণৰ বাবেও হ’ব পাৰে, চিকিৎসা নকৰিলে কানেৰে নুশুনাও হ’বগৈ পাৰে)৷ শব্দ, পৰিচিত মুখ বা স্তন দেখি কোনো প্ৰতিক্ৰিয়া নেদেখুৱা বা কম পৰিমাণে দেখুওৱা। স্তনপান বা আন খাদ্য খাব নিবিচৰা৷ ১২ মাহ বয়সত শিশুৱে কৰিবলৈ সক্ষম হ’ব: আনৰ সহায় অবিহনে বহিব পৰা। ওলোটা বাগৰ মৰা আৰু ঠিয় হোৱা৷ কিহবাত ধৰি ভৰি আগবঢ়োৱা। শব্দ আৰু কথা নকল কৰিবলৈ চেষ্টা কৰা আৰু কিবা ক’লে বুজি পোৱা। খেলি আৰু হাত চাপৰি মাৰি ভাল পোৱা। কোনো শব্দ বা ভংগী বাৰে বাৰে কৰা। বুঁঢ়া আৰু তৰ্জনী আঙুলীৰে কিবা বস্তু দাঙি ধৰা। কাপ, চামুচ আদি নিজে ধৰা আৰু খাবলৈ চেষ্টা কৰা। পিতৃ-মাতৃ আৰু যত্ন কৰোঁতালৈ উপদেশ: কিবা বস্তুৰ ফালে দেখুৱাই তাৰ নাম কওঁক, শিশুটিৰ লগত খেলক আৰু কথা পাতক। খোৱাৰ সময়ত সকলোৰে লগত মিলামিছা কৰি খাবলৈ উৎসাহিত কৰক। যদি শিশুটিৰ বিকাশৰ গতি লেহেমীয়া হয় বা কোনো অসামৰ্থতা দেখা যায় তেন্তে যিবোৰত সামৰ্থতা আছে সেইবোৰত বেছি গুৰুত্ব দিয়ক আৰু বেছিকৈ উদ্দীপনা আৰু অধিক মিলামিছা কৰক। শিশুটিক একে ভাজে অধিক সময় নাৰাখিব। দূৰ্ঘটনাৰ পৰা হাত সাৰি থাকিবলৈ শিশুৰ চাৰিওফাল যিমান সম্ভৱ নিৰাপদ কৰি ৰাখক। স্তনপান অব্যাহত ৰাখক আৰু লক্ষ্য ৰাখক যাতে শিশুটিয়ে পৰ্য্যাপ্ত খাদ্য গ্ৰহণ কৰে-বহুধৰণৰ ঘৰত প্ৰস্তুত কৰা খাদ্যও খুৱাব লাগে। শিশুক কাপ আৰু চামুচ দি নিজে খোৱাৰ পৰীক্ষা কৰিবলৈ দিয়ক। শিশুক সম্পূৰ্ণ প্ৰতিষেধক চিটা আৰু সকলোবোৰ সূক্ষ্মপোষণৰ বিকল্প প্ৰদান কৰাটো নিশ্চিত কৰক। তলত দিয়া বিপদৰ চিহ্নবোৰলৈ লক্ষ্য ৰাখিব: আনন্দৰ শব্দৰ প্ৰতিক্ৰিয়া দেখুৱাই শিশুৱে শব্দ নকৰে। লৰচৰ কৰি থকা বস্তুৰ ফালে শিশুৱে লক্ষ্য নকৰে। শিশুটি অসহিষ্ণু আৰু যত্ন লওঁতাৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া নেদেখুৱায়। শিশুটিৰ ভোক নালাগে বা খোৱা বস্তু নাখায়। দুবছৰ বয়সলৈকে শিশুৱে যি কৰিবলৈ সক্ষম খোজ কঁঢ়া, ওখ ঠাইত উঠা আৰু দৌৰা। কোনো বস্তু বা ছবিৰ নাম ক’লে সেইটো দেখুৱাই দিয়া (যেনে, কাণ, নাক)। কেইবাটাও শব্দ একেলগে কোৱা (১৫ মাহ বয়সৰ পৰা) সাধাৰণ নিৰ্দেশ পালন কৰা। এডাল পেঞ্চিল বা ৰঙীণ পেঞ্চিল দিলে আকবাক কৰা। সাধাৰণ সাধু কথা বা গান গালে আনন্দ পোৱা৷ আনৰ ভাৱ-ভংগী নকল কৰা। নিজে নিজে খাবলৈ আৰম্ভ কৰা৷ পিতৃ-মাতৃ বা যত্নকাৰীলৈ উপদেশ: শিশুৰ লগত পঢ়ক, গান গাওঁক বা খেলক। শিশুক বিপদজনক বস্তুৰ পৰা আঁতৰি থাকিবলৈ শিকাওঁক। শিশুৰ লগত স্বাভাৱিকভাৱে কথা পাতক-সৰু ল’ৰাৰ দৰে কথা নাপাতিব। স্তনপান অব্যাহত ৰাখক আৰু শিশুটিয়ে যাতে যথেষ্ট স্তনদুগ্ধ আৰু আন ঘৰুৱা খাদ্য পৰ্য্যাপ্ত পৰিমাণে খায় সেয়া নিশ্চিত কৰক। শিশুটিক খাবলৈ উৎসাহিত কৰক-হেঁচা প্ৰয়োগ নকৰিব। সাধাৰণ কিছুমান নিয়ম আৰু যুক্তিসংগত কিছু প্ৰত্যাশা জনাওঁক। শিশুটিয়ে কৰা কাম-কাজত প্ৰশংসা কৰক। এনে বিপদজনক চিহ্নবোৰলৈ লক্ষ্য ৰাখিব: আনৰ প্ৰতি প্ৰতিক্ৰিয়াৰ অভাৱ। খোজকঢ়াৰ সময়ত ভাৰসাম্য ঠিকে ৰখাত অসুবিধা হোৱা (এজন প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ কাষলৈ যাওক)। আঘাট আৰু ব্যৱহাৰত বুজাব নোৱাৰাকৈ পৰিৱৰ্তন হোৱা (যদিহে শিশুটি আনৰ দ্বাৰা প্ৰতিপালিত হয়) তিনিবছৰ বয়সত শিশুৱে কৰিবলৈ সক্ষম সহজে খোজকঢ়া, দৌৰা, ওপৰলৈ বগোৱা, গুৰিওৱা আৰু জপিওঁৱা। সাধাৰণ বস্তুবোৰ চিনি পোৱা আৰু ছবি চিনি পোৱা, আঙুলীৰে দেখুৱাই দিয়া। দুটা বা তিনিটা শব্দৰে বাক্য ক’ব পৰা। নিজৰ নাম আৰু বয়স ক’বলৈ পৰা। ৰঙৰ নাম কোৱা। সংখ্যা বুজি পোৱা। খেলত মিছামিছি বস্তু ব্যৱহাৰ কৰা। মৰম প্ৰকাশ কৰা। পিতৃ-মাতৃ আৰু যত্ন লওঁতালৈ পৰামৰ্শ: শিশুৰ সৈতে কিতাপ পঢ়ক, চাওঁক আৰু ছবিবোৰকলৈ সাধুকথা কওঁক। শিশুক সাধু কথা কওক আৰু পদ্য আৰু গান শিকাওঁক। শিশুটিক খাবলৈ পৃথক কাঁহী-বাতি, গিলাছ আদি দিয়ক। শিশুক খাবলৈ উৎসাহিত কৰক, শিশুটিক নিজৰ প্ৰয়োজন মতে আৰু সময় অনুসৰি খাবলৈ দিয়ক। শিশুক কাপোৰ পিন্ধা, হাত ধোৱা আৰু শৌচাগাৰ ব্যৱহাৰ কৰাত সহায় কৰক। এনেবোৰ বিপদজনক চিহ্নলৈ লক্ষ্য ৰাখক খেল-ধেমালীত উৎসাহৰ অভাৱ।। বাৰে বাৰে বাগৰি পৰা। সৰু সৰু বস্তু ব্যৱহাৰত অসুবিধা হোৱা। সাধাৰণ কথা-বতৰা বুজি নোপোৱা। কেইবাটাও শব্দ ব্যৱহাৰ কৰি কথা কোৱাত অক্ষম। খাদ্যৰ প্ৰতি একেবাৰে আগ্ৰহ নথকা বা কম আগ্ৰহ থকা। ৫ বছৰ বয়সত শিশুৱে কৰিবলৈ সক্ষম সু-সমন্বয়ভাৱে ঘূৰা পকা কৰিব পাৰে। বাক্য সজাই কব পাৰে আৰু বহুবোৰ কঠিন শব্দ ব্যৱহাৰ কৰিব পাৰে। বিপৰীত শব্দ বুজিব পাৰে (যেনে, শকত আৰু ক্ষীণ, ওখ আৰু চাপৰ আদি) আন শিশুৰ লগত খেলা। কাৰো সহায় নোলোৱাকৈ পোছাক পিন্ধা। সাধাৰণ প্ৰশ্নৰ উত্তৰ দিয়া। ৫ ৰ পৰা ১০ টা বস্তু লেখিব পৰা নিজৰ হাত ধুব পৰা পিতৃ-মাতৃ আৰু যত্ন লওঁতালৈ উপদেশ শিশুটিৰ কথা মনোযোগেৰে শুনিব লাগে। শিশুটিৰ সৈতে ঘনাই বাৰ্তালাপ কৰক। যদি শিশুটিয়ে কথা কওঁতে লাগি ধৰে তেন্তে ধীৰে ধীৰে কথা ক’বলৈ কওঁক। সাধুকথা পঢ়ক আৰু কওঁক। শিশুটিক খেলিবলৈ আৰু কিবা বিচাৰিবলৈ উৎসাহিত কৰক। এনে বিপদজনক চিহ্নলৈ লক্ষ্য ৰাখক। খেলত শিশুটিয়ে লোৱা ভূমিকা লক্ষ্য কৰক। যদি শিশুটিক ভয়াৰ্ত দেখা যায়, ক্ৰোধ দেখা যায়, বা হিংস্ৰ হোৱা দেখা যায় তেন্তে সেয়া আৱেগিক সমস্যা বা উৎপীড়নৰ বাবে হ’ব পাৰে। উৎস: ইউনিছেফ