‘Sitting job’ অৰ্থাৎ বহি কাম কৰাৰ চাকৰি। অৱসৰ বিনোদন বুলিবলৈ যি আড্ডা চলে সেয়াও বহি বহিয়েই। কিন্তু এনে দীঘলীয়া সময় বহি কটালে বিপদ অনিবাৰ্য। সম্প্ৰতি এক গৱেষণাত প্ৰমাণিত হৈছে যে, ৩ ঘন্টাতকৈ বেছি সময় একেৰাহে বহি থাকিলে ডায়েবেটিছ, হাৰ্ট এটেক বা কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি হয় বহুগুণ। আনকি মৃত্যুপৰ্যন্তও হ’ব পাৰে। সমগ্ৰ বিশ্বতে প্ৰতিবছৰে ৪ শতাংশ মানুহৰ মৃত্যু হয় দীঘলীয়া সময় বহি থকাৰ বাবে। সংখ্যাত ৪ লাখ ৩৩ হাজাৰ। স্পেইনৰ জৰ্জ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে চলোৱা সমীক্ষাৰ এই তথ্য পোহৰলৈ আহিছে। গৱেষকসকলৰ মতে, খুব কম সময় বিৰতি লৈ একেৰাহে কাম কৰিলে বা টিভি চাই থাকিলে টাইপ টু ডায়েবেটিছত আক্ৰান্ত হোৱাৰ আশংকা ৯০% বাঢ়ি যায়। ৫৪ শতাংশ হাওঁফাওঁৰ কেন্সাৰ, ৬৬ শতাংশ জৰায়ু কেন্সাৰ আৰু ক’লন কেন্সাৰৰ সম্ভাৱনা ৩০ শতাংশ বাঢ়ি যায়। উৎস: সাদিন