প্ৰতি বছৰে অক্টোবৰ মাহৰ দ্বিতীয়টো বৃহস্পতিবাৰে সমগ্ৰ বিশ্বতে পালন কৰা হয়- ‘বিশ্ব দৃষ্টি দিৱস’। এই বছৰৰ ১১ অক্টোবৰ তাৰিখে এই দিৱস পালন কৰা হ’ব। এই দিৱস পালনৰ উদ্দেশ্য হ’ল- অন্ধত্ব আৰু দৃষ্টিশক্তিৰ অৱনতি সম্পৰ্কে বিশ্ববাসীৰ মাজত সজাগতাৰ সৃষ্টি কৰা।

উল্লেখ্য যে সমগ্ৰ বিশ্বতে দুৰ্বল দৃষ্টিশক্তিৰ আৰু দৃষ্টিহীন মানুহৰ সংখ্যা হ’বগৈ প্ৰায় ২৮৫ নিযুত। ইয়াৰ ৩৯ নিযুত লোক দৃষ্টিহীন আৰু ২৪৬ নিযুত লোক দুৰ্বল দৃষ্টিশক্তিৰ। মন কৰিবলগীয়া যে ৯০ শতাংশ দৃষ্টিহীন লোক অনুভৱ লোক অনুন্নত আৰু আৰু উন্নয়নশীল দেশবোৰত বাস কৰে।

ইয়াৰে দৃষ্টিশক্তিৰ সমস্যাত ভুগি থকা ৮০ শতাংশ লোকক উপযুক্ত চিকিৎসাৰ দ্বাৰা ভাল কৰিব পাৰি। যোৱা দুটা দশকত সংক্ৰমণৰ বাবে অন্ধ হোৱা লোকৰ সংখ্যা উল্লেখযোগ্যভাৱে কমাই আনিব পৰা গৈছে।

ইয়াৰ উপৰি দৃষ্টিশক্তিৰ সমস্যাত ভুগি থকা লোকসকলৰ ৬৫ শতাংশ লোকেই ৫০ বছৰ বা ইয়াৰ ওপৰৰ।

বিভিন্ন দেশত বয়োজ্যেষ্ঠ লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বয়সজনিত কাৰণত দৃষ্টিশক্তি হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে। এনেবোৰ কাৰণৰ বাবে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা প্ৰয়োজন।

ইয়াৰ বাবেই বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ‘গ্ল’বেল এক্সন প্লেন’ হাতত লোৱা হৈছে। এই কাৰ্যসূচীৰ দ্বাৰা ২০১৯ চনত এৰাই চলিব পৰা নিৰাময়যোগ্য অন্ধতাত(Avoidable Blindness)ত ভোগা লোকৰ সংখ্যা ২৫ শতাংশ কমাই অনাৰ লক্ষ্য বান্ধি লোৱা হৈছে।

সেয়েহে জনসাধাৰণক সজাগ কৰি তুলিবলৈ চৰকাৰী-বেচৰকাৰী সংস্থা, স্বেচ্ছাসেৱী সংগঠন আদিৰ সহায়ত বিভিন্ন সজাগতামূলক কাৰ্যসূচী হাতত লোৱা হৈছে। ‘দ্য ইন্টাৰনেচনেল এজেন্সি ফৰ দ্য ফ্ৰিভেনচন অৱ ব্লাইণ্ডনেছ’ৰ উদ্যোগত পোষ্টাৰ আৰু পুস্তিকা বিতৰণৰ ব্যৱস্থা কৰা হৈছে।

দল-সংগঠনবোৰক নিজৰ নিজৰ ঠাইত এইবোৰ বিতৰণ কৰিবলৈ দিয়া হয়। ৰং-বিৰঙৰ পোষ্টাৰ, বেলুন, ৰিবন আদিৰ বাবে আগ্ৰহী স্বেচ্ছাসেৱী সংগঠনবোৰে Communications@iapb.org ত যোগাযোগ কৰিব পাৰিব।

বিশ্ব সন্ধিবাত দিৱস -

সমগ্ৰ বিশ্বতে কেইবানিযুত লোক সন্ধিবাতত ভুগি আছে। সেইসকল ৰোগীয়ে আজীৱন অশেষ যন্ত্ৰণাত ভুগি থাকিবলগীয়া হৈছে। কেতিয়াবা একেৰাহে হৈ থকা গাঁঠিৰ বিষত উঠিব নোৱাৰাকৈ বিছনাত পৰি থাকিবলগীয়া হৈছে।

অক্টোবৰৰ ১২ তাৰিখে পালিত হোৱা ‘বিশ্ব সন্ধিবাত দিৱস’ত এই যন্ত্ৰণাদায়ক ৰোগটোৰ বিষয়ে সৰ্বসাধাৰণক অৱগত কৰাৰ লগতে এই ৰোগটোৱে ৰোগীসকলৰ জীৱনৰ ওপৰত কেনেধৰণৰ মাজত সজগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱসটো পালন কৰা হয়।

‘আৰ্থ্ৰাইটিছ ফাউণ্ডেচন’ নামৰ সংস্থাটোৰ উদ্যোগতে বিশ্বব্যাপি ‘বিশ্ব সন্ধিবাত দিৱস’টো পালন কৰা হয়। এই সংস্থাটোৰ উদ্যোগত সমগ্ৰ বিশ্বতে অস্থিসন্ধি ৰোগৰ বোজা পাতলোৱাৰ উদ্দেশ্যে বিভিন্ন আঁচনি প্ৰস্তুত কৰোঁতাসকলকো অনুপ্ৰাণিত কৰা হয়।

সন্ধিবাত(Arthritis,আৰ্থ্ৰাইটিছ) ৰোগটোৰ নামটোৱেই স্পষ্টকৈ ৰোগটো সম্পৰ্কে এটা ধাৰণা দিব পাৰে। ‘আৰ্থ্ৰাইটিছ’ শব্দটো গ্ৰীক আৰ্থ্ৰ’(Arthro) শব্দটোৰ পৰা আহিছে।

ইয়াৰ অৰ্থ হৈছে- সন্ধি বা জোৰা। সম্পূৰ্ণ শব্দটোৰ অৰ্থ হৈছে- সন্ধিত হোৱা প্ৰদাহ(Inflammation)।

সাধাৰণভাৱে মানৱ শৰীৰৰ হাড়ৰ জোৰাবিলাকত হোৱা প্ৰদাহজনিত বিষ-যন্ত্ৰণাক এক প্ৰকাৰৰ ৰোগ বুলি ভবা হয় যদিও, কিন্তু ‘গাউট’ বা অন্য অস্থিসন্ধিত ইউৰিক এচিড জমা হৈ সৃষ্টি হোৱা এক প্ৰকাৰৰ ‘বাত বিষ’ অথবা অস্থিসন্ধিত থকা উপাস্থিত হোৱা বিষ(Osteoarthritis) বা অস্থিসন্ধিৰ প্ৰদাহ(Rheumatoid Arthritis) আৰু লিউপাচ(Lupus) নামৰ ছালত হোৱা একপ্ৰকাৰৰ ৰোগৰ ফলতে এই অতি কষ্টদায়ক বিসংগতিটোৰ সৃষ্টি হয় আৰু এই ৰোগটোৰ ফলতে ৰোগীৰ পংগুপ্ৰায় অৱস্থা হ’বগৈ পাৰে।

সন্ধিবাত ৰোগটো বিশ্বৰ সকলো অস্থি(হাড়) যুক্ত প্ৰাণীৰ সৃষ্টিৰ দিনৰে পৰা চলি আহিছে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে।

পৃথিৱীত উদ্ধাৰ হোৱা ডাইনোচৰৰ জীৱাশ্ম অৱশেষ পৰীক্ষা কৰি সেইবিধ বৃহদাকাৰ প্ৰানীৰ ঠেঙৰ সন্ধিত ‘আৰ্থ্ৰাইটিছ’(সন্ধিবাত) থকাৰ প্ৰমাণ বিজ্ঞানীসকলে পাইছে।

গৱেষণাৰ যোগেদি প্ৰমাণ পোৱা গৈছে যে এই ৰোগটো খৃঃপূঃ ৪৫০০ বছৰৰ আগতে মানুহৰ শৰীৰৰতো হৈছিল আৰু ই প্ৰাক ঐতিহাসিক যুগৰ মানুহৰ মাজত দেখা দিয়া অন্যতম সাধাৰণ ৰোগ আছিল।

এই ৰোগটোৰ বিভিন্ন শ্ৰেণীবিভাজন কৰি বিতংভাৱে অধ্যয়ন কৰি উইলিয়াম মাছগ্ৰেভ নামৰ বিজ্ঞানীজনে ১৭১৫ চনত তেওঁৰ ‘Arthritide Symptomatica’ নামৰ গ্ৰন্থখনত লিপিবদ্ধ কৰিছিল।

‘অস্থিসন্ধি প্ৰদাহ’(Rheumatoid Arthritis) আৰু অস্থি সন্ধিত থকা উপাস্থিত হোৱা প্ৰদাহ(Osteoarthritis) এই দুবিধ বাতবিষ নিৰাময়ৰ কোনো চিকিৎসা নাই।

কিন্তু কিছুমান নিয়ম মানি চলিলে এইধৰণৰ বাতবিষ নিয়ন্ত্ৰণত ৰাখিব পাৰি। অস্থিসন্ধিবিলাকৰ সঘন সঞ্চালনে সন্ধিৰ বিষ লাঘৱ কৰে আৰু দীৰ্ঘদিনৰ বাবে যন্ত্ৰণা হ্ৰাস কৰে। বিভিন্ন তথ্যৰ পৰা জানিব পৰা গৈছে যে ৬৫ বছৰ বয়সৰ ওপৰৰ লোক এই ৰোগত বেছিকৈ আক্ৰান্ত হয়।

অৱশ্যে সমস্ত ৰোগীৰ ভিতৰত ৩০ শতাংশ ৬৫ বছৰৰ তলৰ লোক। ইয়াৰে কিছুসংখ্যক ৰোগীৰ ভিতৰত কিশোৰ আৰু শিশুও আছে।

এই ৰোগটোৰ পৰা পোৱা অসহ্য বিষ যন্ত্ৰণাৰ পৰা হাত সাৰি থাকিবলৈ বা আন লোককো ৰোগটোৰ পৰা বচাই ৰাখিবলৈ আপুনি নিজেই কিছু কথা জানি লওক।

নিজৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ প্ৰয়োজনীয় স্বাস্থ্যবিধিবিলাক মানি চলিলে আৰু জীৱনশৈলী কিছু পৰিৱৰ্তন কৰি ল’লে এই ৰোগৰ পৰা হাতসাৰি থাকিব পাৰিব।

‘বিশ্ব সন্ধিবাত দিৱস’ৰ দিনটোত আপুনিও আপোনাৰ সমাজখনত এই ৰোগত ভূগি থকাসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াওক।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন