অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জটিল ৰোগত আক্ৰান্ত ১২ বছৰৰ তলৰ শিশুৰ বাবে বিশেষ চিকিৎসাৰ কাৰ্যসূচী হাতত লৈছে। ২০১৩ চনৰ ১৫ এপ্ৰিলত ৫ কোটি টকাৰ এক সাহায্য আঁচনিৰ শুভাৰম্ভ কৰে। যিবিলাক পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ ৫০ হাজাৰৰ তলত সেইবিলাক পৰিয়ালৰ ১২ বছৰৰ তলৰ শিশু কোনো জটিল ৰোগত আক্ৰান্ত হ’লে এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব পাৰিব। অৰ্থাৎ বি পি এল কাৰ্ডপ্ৰাপ্ত পৰিয়ালৰ শিশুৰ ক্ষেত্ৰত আঁচনিখন প্ৰযোজ্য হ’ব। চিকিৎসাসমূহ - অস্থি মজ্জা সংৰোপণ, শ্ৰব্যযন্ত্ৰ সংস্থাপন, যকৃত সংৰোপণ, বৃক্ক সংৰোপণ, কৃত্ৰিম অংগ সংস্থাপন, ৰক্তৰ কৰ্কট ৰোগৰ চিকিৎসা, চকুৰ বিশেষ অস্ত্ৰোপচাৰ, টিউমাৰ, স্নায়ৱিক বিসংগতি, থেলাচেমিয়া আদিৰ দৰে ৰোগত আক্ৰান্ত শিশুৱে এই আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰিব। এই আঁচনিৰ হিতাধিকাৰীৰ পৰিয়ালে নিৰ্দিষ্ট কৰ্তৃপক্ষক তেওঁলোকৰ উপাৰ্জন সম্পৰ্কীয় চাৰ্টিফিকেট আদি জমা দিব লাগিব। এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ চিকিৎসাৰ কাৰণে ৰাজ্যখনৰ চৰকাৰী চিকিৎসালয়কেই প্ৰাথমিক পৰ্যায়ত অগ্ৰাধিকাৰ দিয়া হয় যদিও কিছুমান বিশেষ ক্ষেত্ৰত ৰাজ্যখনৰ ব্যক্তিগত চিকিৎসালয়তো চিকিৎসা প্ৰদানৰ কাৰণে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমোদনৰ প্ৰয়োজন হয়। তদুপৰি কিছুমান বিশেষ তথা জটিল ৰোগৰ ক্ষেত্ৰত ৰাজ্যখনৰ বাহিৰৰ চিকিৎসালয়তো চিকিৎসাৰ ব্যৱস্থা আছে। ২০১৭ চনৰ এই আঁচনিৰ দ্বাৰা উপকৃত হোৱা মুঠ শিশুৰ সংখ্যা হৈছে- শিশুৰ সংখ্যা হৈছে: জটিল ৰোগত আক্ৰান্ত: ১১ জন অস্থি মজ্জা সংৰোপণ: ৪৫ জন যকৃত সংৰোপণ: ১১ জন। উৎস: ৰাইজৰ বাতৰি